Hosea 3:1 in Assamese 1 পাছত যিহোৱাই মোক ক’লে, “ যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাসকলৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ যোৱা আৰু তাইক প্রেম কৰা।”
Other Translations King James Version (KJV) Then said the LORD unto me, Go yet, love a woman beloved of her friend, yet an adulteress, according to the love of the LORD toward the children of Israel, who look to other gods, and love flagons of wine.
American Standard Version (ASV) And Jehovah said unto me, Go again, love a woman beloved of `her' friend, and an adulteress, even as Jehovah loveth the children of Israel, though they turn unto other gods, and love cakes of raisins.
Bible in Basic English (BBE) And the Lord said to me, Give your love again to a woman who has a lover and is false to her husband, even as the Lord has love for the children of Israel, though they are turned to other gods and are lovers of grape-cakes.
Darby English Bible (DBY) And Jehovah said unto me, Go again, love a woman beloved of a friend, and an adulteress, according to the love of Jehovah for the children of Israel, though they turn to other gods, and love raisin-cakes.
World English Bible (WEB) Yahweh said to me, "Go again, love a woman loved by another, and an adulteress, even as Yahweh loves the children of Israel, though they turn to other gods, and love cakes of raisins."
Young's Literal Translation (YLT) And Jehovah saith unto me: `Again, go, love a woman, loved of a friend, and an adulteress, like the loved of Jehovah, the sons of Israel, and they are turning unto other gods, and are lovers of grape-cakes.'
Cross Reference Exodus 32:6 in Assamese 6 লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।
Deuteronomy 7:6 in Assamese 6 কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।
Judges 9:27 in Assamese 27 তেওঁলোকে খেতিলৈ গৈ দ্রাক্ষাবাৰীৰ পৰা আঙুৰ চপাই গছকিলে আৰু তাৰ ৰসেৰে উৎসৱ কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰলৈ গৈ ভোজন-পান কৰি অবীমেলকক শাও দিলে।
Judges 10:16 in Assamese 16 তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
2 Samuel 6:19 in Assamese 19 আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোকসমূহৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।
2 Kings 13:23 in Assamese 23 কিন্তু যিহোৱাই অব্ৰাহাম, ইচহাক আৰু যাকোবে সৈতে কৰা নিয়মৰ কাৰণে, তেওঁ ইস্ৰায়েলৰ ওপৰত অনুগ্ৰহ আৰু দয়া কৰিলে; তেওঁলোকলৈ মনোযোগ দিলে। সেয়ে যিহোৱাই তেওঁলোকক বিনষ্ট কৰা নাছিল আৰু এতিয়াও তেওঁলোকক নিজৰ উপস্থিতিৰ পৰা দূৰ কৰা নাই।
Nehemiah 9:18 in Assamese 18 তেওঁলোকে যেতিয়া ঈশ্বৰক নিন্দা কৰি সাঁচত ঢালি এটা দামুৰি নিৰ্ম্মাণ কৰি কৈছিল, “মিচৰৰ পৰা আপোনালোকক উলিয়াই অনা ঈশ্বৰ এৱেঁই” তথাপিও আপুনি তেওঁলোকক ত্যাগ কৰ নাছিল।
Nehemiah 9:31 in Assamese 31 কিন্তু আপোনাৰ মহান অনুগ্রহৰ বাবে আপুনি তেওঁলোকক সম্পুৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিল; কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্ৱৰ।
Psalm 106:43 in Assamese 43 তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।
Psalm 123:2 in Assamese 2 গৰাকীৰ হাতলৈ যেনেকৈ দাসসকলৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীনীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।
Isaiah 17:7 in Assamese 7 সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ জনালৈ দৃষ্টি কৰিব।
Isaiah 45:22 in Assamese 22 পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Jeremiah 3:1 in Assamese 1 মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
Jeremiah 3:12 in Assamese 12 গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখো। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
Jeremiah 3:20 in Assamese 20 কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
Jeremiah 31:20 in Assamese 20 ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
Hosea 1:2 in Assamese 2 হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক ক`লে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তানসকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
Hosea 4:11 in Assamese 11 ব্যভিচাৰ, দ্ৰাক্ষাৰস আৰু নতুন দ্রাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে।
Hosea 7:5 in Assamese 5 আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল; নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল।
Hosea 9:1 in Assamese 1 হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা; তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম্ম কৰিছা, মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।
Hosea 11:8 in Assamese 8 হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
Amos 2:8 in Assamese 8 তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শুয়ে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ গৃহত পান কৰে ।
Amos 6:6 in Assamese 6 যিসকলে পাত্রবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ (ইস্রায়েলৰ) বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে!
Micah 7:7 in Assamese 7 কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
Micah 7:18 in Assamese 18 পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখোৱাবলৈ ভাল পায়।
Zechariah 1:16 in Assamese 16 এই হেতুকে যিহোৱাই এই কথা কৈছে: “মই নানা দয়াৰে সৈতে যিৰূচালেমলৈ ঘূৰিলোঁ; তাত মোৰ গৃহ সজা হ’ব।” বাহিনীসকলৰ যিহোৱাৰ এই বচন- “আৰু যিৰূচালেমৰ ওপৰত এডাল পৰিমাণজৰী বিস্তাৰ কৰা হ’ব!”
Matthew 26:50 in Assamese 50 যীচুৱে তেওঁক ক’লে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা, তাকে কৰা।” তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।
Luke 1:54 in Assamese 54 তেওঁ নিজৰ দাস ইস্রায়েলক সাহায্য কৰিলে; তেওঁ দয়ালু৷
1 Corinthians 10:7 in Assamese 7 তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”।
1 Corinthians 10:21 in Assamese 21 আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
1 Peter 4:3 in Assamese 3 যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰি আহিলে, সেয়াই যথেষ্ট৷