Hosea 14:9 in Assamese 9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্ম্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্ম্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
Other Translations King James Version (KJV) Who is wise, and he shall understand these things? prudent, and he shall know them? for the ways of the LORD are right, and the just shall walk in them: but the transgressors shall fall therein.
American Standard Version (ASV) Who is wise, that he may understand these things? prudent, that he may know them? for the ways of Jehovah are right, and the just shall walk in them; but transgressors shall fall therein.
Bible in Basic English (BBE) As for Ephraim, what has he to do with false gods any longer? I have given an answer and I will keep watch over him; I am like a branching fir-tree, from me comes your fruit.
Darby English Bible (DBY) Who is wise, and he shall understand these things? intelligent, and he shall know them? For the ways of Jehovah are right, and the just shall walk in them; but the transgressors shall fall therein.
World English Bible (WEB) Who is wise, that he may understand these things? Who is prudent, that he may know them? For the ways of Yahweh are right, And the righteous walk in them; But the rebellious stumble in them.
Young's Literal Translation (YLT) Who `is' wise, and doth understand these? Prudent, and knoweth them? For upright are the ways of Jehovah, And the righteous go on in them, And the transgressors stumble therein!
Cross Reference Genesis 18:25 in Assamese 25 ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্ম্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্ম্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
Job 17:9 in Assamese 9 তথাপি ধাৰ্ম্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।
Job 34:10 in Assamese 10 এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা; ঈশ্বৰে যে কু-কৰ্ম্ম কৰিব, আৰু সৰ্ব্ব–শক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক।
Job 34:18 in Assamese 18 ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?
Psalm 19:7 in Assamese 7 যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
Psalm 84:5 in Assamese 5 ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে, যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।
Psalm 84:7 in Assamese 7 যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাসকলৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।
Psalm 107:43 in Assamese 43 যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।
Psalm 111:7 in Assamese 7 তেওঁৰ হাতৰ কাৰ্য্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ; তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।
Psalm 119:75 in Assamese 75 হে যিহোৱা, মই জানো যে , তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
Psalm 119:128 in Assamese 128 এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
Proverbs 1:5 in Assamese 5 জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথ প্রদৰ্শন কৰা;
Proverbs 4:18 in Assamese 18 ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।
Proverbs 10:29 in Assamese 29 যিসকল লোকে সত্যত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
Isaiah 1:28 in Assamese 28 বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
Isaiah 8:13 in Assamese 13 তোমালেকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত।
Isaiah 26:7 in Assamese 7 ধাৰ্ম্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্ম্মিকসকলৰ পথ সমান কৰিছে।
Jeremiah 9:12 in Assamese 12 সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল? এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল?
Ezekiel 18:25 in Assamese 25 তথাপি তোমালোকে কোৱা, ‘প্ৰভুৰ পথ সৎ নহয়!’ শুনা, হে ইস্ৰায়েল বংশ! মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়?
Ezekiel 33:17 in Assamese 17 তথাপি তোমাৰ জাতিৰ সন্তানসকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়!
Daniel 12:10 in Assamese 10 অনেক লোকে নিজকে শুদ্ধ, পবিত্ৰ, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টসকলে দুষ্কৰ্মই কৰি থাকিব। দুষ্টসকলৰ মাজৰ কোনেও বুজি নাপাব, কিন্তু জ্ঞানীলোক সকলেহে বুজি পাব।
Zephaniah 3:5 in Assamese 5 তাইৰ মাজত থকা যিহোৱা ধাৰ্ম্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায়বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
Matthew 11:19 in Assamese 19 মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহক আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, সেয়া নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।”
Matthew 13:11 in Assamese 11 উত্তৰত তেওঁ শিষ্য সকলক ক’লে, “স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগূঢ়-তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
Luke 2:34 in Assamese 34 তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্রায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হ’ব আৰু তেওঁ এনে এক চিন হ’ব, যাৰ বিৰুদ্ধে অনেকেই কথা ক’ব।
Luke 4:28 in Assamese 28 এইবোৰ কথা শুনি নাম-ঘৰৰ লোক সকল খঙত জ্বলি-পকি উঠিল।
Luke 7:23 in Assamese 23 আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য’৷”
John 3:19 in Assamese 19 সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
John 8:47 in Assamese 47 যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷”
John 9:39 in Assamese 39 যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
John 15:24 in Assamese 24 যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হ’লে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মকো তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে।
John 18:37 in Assamese 37 তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
Romans 7:12 in Assamese 12 এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম।
Romans 9:32 in Assamese 32 কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে;
2 Corinthians 2:15 in Assamese 15 কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
2 Thessalonians 2:9 in Assamese 9 চয়তানৰ শক্তিত সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্রম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
1 Peter 2:7 in Assamese 7 এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল,