Hosea 14 in Assamese

1 হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আঁহা, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত হ’লা ।

2 মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰো।

3 অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”

4 যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।

5 মই ইস্ৰায়েললৈ নিয়ঁৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।

6 তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; জলফাই গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।

7 তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ ঘূৰি আহিব; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।

8 ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ ময়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”

9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্ম্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্ম্মিকজনে হ’লে সেইবোৰত উজুটি খায়।