Exodus 7:17 in Assamese 17 যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।
Other Translations King James Version (KJV) Thus saith the LORD, In this thou shalt know that I am the LORD: behold, I will smite with the rod that is in mine hand upon the waters which are in the river, and they shall be turned to blood.
American Standard Version (ASV) Thus saith Jehovah, In this thou shalt know that I am Jehovah: behold, I will smite with the rod that is in my hand upon the waters which are in the river, and they shall be turned to blood.
Bible in Basic English (BBE) So the Lord says, By this you may be certain that I am the Lord; see, by the touch of this rod in my hand the waters of the Nile will be turned to blood;
Darby English Bible (DBY) Thus saith Jehovah: In this shalt thou know that I am Jehovah -- behold, I will smite with the staff that is in my hand upon the water which is in the river, and it shall be turned into blood.
Webster's Bible (WBT) Thus saith the LORD, In this thou shalt know that I am the LORD: behold, I will smite with the rod that is in my hand upon the waters which are in the river, and they shall be turned to blood.
World English Bible (WEB) Thus says Yahweh, "In this you shall know that I am Yahweh. Behold, I will strike with the rod that is in my hand on the waters which are in the river, and they shall be turned to blood.
Young's Literal Translation (YLT) `Thus said Jehovah: By this thou knowest that I `am' Jehovah; lo, I am smiting with the rod which `is' in my hand, on the waters which `are' in the River, and they have been turned to blood,
Cross Reference Exodus 1:22 in Assamese 22 পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে, “আপোনালোক নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিব।”
Exodus 4:9 in Assamese 9 তেওঁলোকে যদি এই দুয়োটা চিনকো বিশ্বাস নকৰে, আৰু তোমাৰ কথাও নুশুনে, তেনেহ’লে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানী শুকান মাটিত ঢালি দিওতে, সেই পানী তেজলৈ পৰিণত হ’ব।”
Exodus 5:2 in Assamese 2 ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”
Exodus 6:7 in Assamese 7 মই তোমালোকক মোৰ নিজৰ লোক কৰি ল’ম, আৰু ময়ে তোমালোকৰ ঈশ্বৰ হ’ম। তোমালোকক মিচৰৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়েই যে তোমালোকৰ সেই ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবা।
Exodus 7:5 in Assamese 5 মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়ে যে যিহোৱা, সেই বিষয় মিচৰীয়া সকলে জানিব পাৰিব।”
1 Samuel 17:46 in Assamese 46 আজি যিহোৱাই তোমাক মোৰ হাতত সোধাই দিব; আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম, আৰু ফিলিষ্টীয়াসকলৰ সৈন্যসমূহৰ শৱ আজি মই আকাশৰ চৰাই আৰু বনৰীয়া জন্তুবোৰক দিম; তাতে ইস্ৰায়েলৰ মাজত যে এজন ঈশ্বৰ আছে, ইয়াকে গোটেই পৃথিৱীয়ে জানিব।
1 Kings 20:28 in Assamese 28 সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোকসমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”
2 Kings 19:19 in Assamese 19 এই হেতুকে, হে আমাৰ ঈশ্বৰ যিহোৱা, মই আপোনাক বিনয় কৰো, আপুনি আমাক তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰক, তেতিয়া পৃথিৱীৰ সমগ্র ৰাজ্যই জানিব পাৰিব যে আপুনিয়েই ঈশ্বৰ, কেৱল আপুনিয়েই যিহোৱা।”
Psalm 9:16 in Assamese 16 ন্যায়বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টসকলক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।
Psalm 78:44 in Assamese 44 সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।
Psalm 83:18 in Assamese 18 তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।
Psalm 105:29 in Assamese 29 তেওঁলোকৰ জলসমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল।
Ezekiel 29:9 in Assamese 9 তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।”
Ezekiel 30:8 in Assamese 8 তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহাৰ্য্যকাৰীসকল নষ্ট হ’ব!
Ezekiel 30:19 in Assamese 19 এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
Ezekiel 32:15 in Assamese 15 “যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
Ezekiel 38:23 in Assamese 23 আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
Ezekiel 39:28 in Assamese 28 আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।
Daniel 4:17 in Assamese 17 এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’
Daniel 4:32 in Assamese 32 মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”
Daniel 4:37 in Assamese 37 এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহঙ্কাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
Daniel 5:21 in Assamese 21 তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল, তেওঁৰ হৃদয় জন্তুৰ সদৃশ হৈছিল, আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল, তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল; মানুহৰ ৰাজ্যত যে, সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যিজনক তেওঁ ইচ্ছা কৰে, সেই জনকে তাৰ ওপৰত নিযুক্ত কৰে, এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল।
Daniel 5:23 in Assamese 23 স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
Revelation 8:8 in Assamese 8 পাছত দ্বিতীয় দূতে বজাওঁতে, অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তেতিয়া সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল
Revelation 11:6 in Assamese 6 তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।
Revelation 16:3 in Assamese 3 দ্বিতীয় জন দূতে সাগৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হ’ল; আৰু সাগৰত থকা আটাই জীৱিত প্ৰাণী মৰিল।