Daniel 1:17 in Assamese 17 ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
Other Translations King James Version (KJV) As for these four children, God gave them knowledge and skill in all learning and wisdom: and Daniel had understanding in all visions and dreams.
American Standard Version (ASV) Now as for these four youths, God gave them knowledge and skill in all learning and wisdom: and Daniel had understanding in all visions and dreams.
Bible in Basic English (BBE) Now as for these four young men, God gave them knowledge and made them expert in all book-learning and wisdom: and Daniel was wise in all visions and dreams.
Darby English Bible (DBY) As for these four youths, God gave them knowledge and skill in all learning and wisdom; and Daniel had understanding in all visions and dreams.
World English Bible (WEB) Now as for these four youths, God gave them knowledge and skill in all learning and wisdom: and Daniel had understanding in all visions and dreams.
Young's Literal Translation (YLT) As to these four lads, God hath given to them knowledge and understanding in every `kind of' literature, and wisdom; and Daniel hath given instruction about every `kind of' vision and dreams.
Cross Reference Genesis 41:8 in Assamese 8 যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।
Numbers 12:6 in Assamese 6 যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
1 Kings 3:12 in Assamese 12 এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলো। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
1 Kings 3:28 in Assamese 28 ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
1 Kings 4:29 in Assamese 29 ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমূদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
2 Chronicles 1:10 in Assamese 10 এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
2 Chronicles 1:12 in Assamese 12 এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্ব্বে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
2 Chronicles 26:5 in Assamese 5 তেওঁ জখৰিয়াৰ জীৱন কালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল; তেওঁ ঈশ্ৱৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল৷ তেওঁ যিমান কাল ঈশ্বৰক বিচাৰিলে, সিমান কাল ঈশ্বৰে তেওঁক সফল হ’বলৈ দিছিল।
Job 32:8 in Assamese 8 কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে।
Psalm 119:98 in Assamese 98 তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
Proverbs 2:6 in Assamese 6 কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
Ecclesiastes 2:26 in Assamese 26 যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
Isaiah 28:26 in Assamese 26 তেওঁৰ ঈশ্বৰে তেওঁক শিক্ষা দিয়ে, আৰু তেওঁ তেওঁক জ্ঞানেৰে শিক্ষা দিয়ে।
Ezekiel 28:3 in Assamese 3 তুমি নিজকে দানিয়েলতকৈ জ্ঞানী বুলি ভাবিছা, আৰু তোমাক আচৰিত কৰিব পৰা কোনো গুপুত কথা নাই!
Daniel 2:19 in Assamese 19 সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,
Daniel 2:21 in Assamese 21 তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
Daniel 2:23 in Assamese 23 হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে। আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে; ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।”
Daniel 4:9 in Assamese 9 “হে মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানোঁ যে, পবিত্ৰ দেৱতাসকলৰ আত্মা আপোনাত আছে, আৰু কোনো নিগূঢ় বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন, আৰু সপোনৰ ফলিতা মোক কোৱা।
Daniel 5:11 in Assamese 11 পবিত্ৰ দেৱতাসকলৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাসকলৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবুখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।
Daniel 5:14 in Assamese 14 মই আপোনাৰ বিষয়ে শুনিছোঁ যে, আপোনাত দেৱতাসকলৰ আত্মা আছে, আৰু জ্ঞান, বিবেচনা, আৰু উত্তম প্রজ্ঞা আপোনাত পোৱা যায়।
Daniel 7:1 in Assamese 1 বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে।
Daniel 8:1 in Assamese 1 বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ।
Daniel 10:1 in Assamese 1 পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ তৃতীয় বছৰত দানিয়েলৰ (বেলটচচৰ নামেৰে প্ৰখ্যাত) আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
Luke 21:15 in Assamese 15 কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
Acts 6:10 in Assamese 10 কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা ক’লে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে।
Acts 7:10 in Assamese 10 সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৰৌণৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।
Acts 7:22 in Assamese 22 মোচি মিচৰীয়া সকলৰ সকলো বিদ্যাত শিক্ষিত হৈ উঠিল। বাক্য আৰু কার্যত তেওঁ মহা-ক্ষমতাশালী হ’ল।
1 Corinthians 12:7 in Assamese 7 কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
Colossians 1:9 in Assamese 9 এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷
James 1:5 in Assamese 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্বৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
James 1:17 in Assamese 17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷