Amos 2:10 in Assamese 10 সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ।
Other Translations King James Version (KJV) Also I brought you up from the land of Egypt, and led you forty years through the wilderness, to possess the land of the Amorite.
American Standard Version (ASV) Also I brought you up out of the land of Egypt, and led you forty years in the wilderness, to possess the land of the Amorite.
Bible in Basic English (BBE) And I took you up out of the land of Egypt, guiding you for forty years in the waste land, so that you might take for your heritage the land of the Amorite.
Darby English Bible (DBY) And I brought you up from the land of Egypt, and led you forty years in the wilderness, to possess the land of the Amorite.
World English Bible (WEB) Also I brought you up out of the land of Egypt, And led you forty years in the wilderness, To possess the land of the Amorite.
Young's Literal Translation (YLT) And I -- I have brought you up from the land of Egypt, And cause you to go in a wilderness forty years, To possess the land of the Amorite.
Cross Reference Exodus 3:8 in Assamese 8 মই তেওঁলোকক মিচৰীয়া লোকসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোল বৈ থকা এখন উত্তম আৰু বহল দেশলৈ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবূচীয়া লোক সকলে বাস কৰি আছে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
Exodus 12:51 in Assamese 51 এইদৰে যিহোৱাই সেই দিনাই ইস্ৰায়েলৰ লোক সকলক সৈন্যৰ দলেৰে সৈতে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।
Exodus 20:2 in Assamese 2 “মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
Numbers 14:31 in Assamese 31 কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
Deuteronomy 1:20 in Assamese 20 তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “আপোনালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালে। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।
Deuteronomy 1:39 in Assamese 39 তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।
Deuteronomy 2:7 in Assamese 7 কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্য্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”
Deuteronomy 8:2 in Assamese 2 আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
Nehemiah 9:8 in Assamese 8 আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধর্ম্ম পৰায়ন ঈশ্ৱৰ।
Nehemiah 9:21 in Assamese 21 আপুনি চল্লিশ বছৰলৈকে মৰুভূমিত তেওঁলোকক প্ৰতিপালন কৰি আছিলে। তেওঁলোকৰ একো বস্তুৰে অভাৱ হোৱা নাছিল। তেওঁলোকৰ কাপোৰ ফাটা নাছিল আৰু তেওঁলোকৰ ভৰিও ফুলা নাছিল।
Psalm 95:10 in Assamese 10 চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।”
Psalm 105:42 in Assamese 42 তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।
Psalm 136:10 in Assamese 10 যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Jeremiah 32:20 in Assamese 20 তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
Ezekiel 20:10 in Assamese 10 মই তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ।
Amos 3:1 in Assamese 1 হে ইস্ৰায়েলৰ লোকসমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই জনগোষ্ঠীৰেই বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা;
Amos 9:7 in Assamese 7 যিহোৱাই কৈছে, “হে ইস্ৰায়েলৰ লোকসকল, তোমালোক জানো মোৰ ওচৰত কূচীয়া লোকসকলৰ নিচিনা নোহোৱা? মই জানো মিচৰ দেশৰ পৰা ইস্ৰায়েলক, কপ্তোৰৰ পৰা ফিলিষ্টিনীয়াসকলক আৰু কীৰৰ পৰা অৰামীয়াসকলক জানো উলিয়াই অনা নাই ?
Micah 6:4 in Assamese 4 কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
Acts 7:42 in Assamese 42 তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ’ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবোৰক উপাসনা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে, ‘হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুভুমিত মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?
Acts 13:18 in Assamese 18 আৰু চল্লিশ বছৰ মানলৈকে তেওঁলোকক মৰুভুমিত তেওঁ প্ৰতিপালন কৰিলে৷