Acts 26 in Assamese

1 যেতিয়া ৰজা আগ্রিপ্পই পৌলক নিজৰ পক্ষত কথা ক’বলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।

2 তেওঁ ক’লে, “হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷

3 ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই বিষয়ে আপোনাৰ জ্ঞান আছে; সেই বাবেই বিনয় কৰোঁ, আপুনি যেন ধৈর্য ধৰি মোৰ কথাবোৰ শুনে৷

4 মোৰ জীৱন-যাপনৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷

5 ইয়াৰ উপৰি তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কিদৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷”

6 “ঈশ্ৱৰে আমাৰ পূর্বপুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছোঁ ৷

7 সেই প্ৰতিজ্ঞাৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে-দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷

8 ঈশ্ৱৰে যদি মৃত লোকক পুনৰুত্থিত কৰে, তেনেহলে আপোনালোকে কিয় অবিশ্বাস বোধ কৰিছে?

9 ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ,

10 আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷

11 এনেদৰে মই তেখেত সকলক শাস্তি দিবলৈ এটা নামঘৰৰ পৰা আন এটা নামঘৰলৈ গৈছিলোঁ, আৰু যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷

12 এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা অধিকাৰ আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে,

13 হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷

14 তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান’।

15 তেতিয়া মই সুধিলোঁ, ‘হে প্ৰভু, আপুনি কোন’? তেতিয়া প্ৰভুৱে ক’লে, ‘যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷

16 এতিয়া উঠা, আৰু তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো এই উদ্দেশ্যেৰে মই তোমাৰ সন্মুখত উপস্থিত হ’লো, তোমাক যিদৰে দর্শনত মই দেখা দিম, আৰু পাছতো মই যি বিষয় তোমাক জনাম, সেই সকলো বিষয়ৰ সাক্ষী হ’বৰ বাবে তোমাক দাস আৰু সাক্ষী ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;

17 তোমাক মই যি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ, সেই লোকসকল আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,

18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ’৷”

19 পৌলে এনেদৰে পুনৰ ক’বলৈ ধৰিলে, “হে ৰজা আগ্ৰিপ্প, মই সেই স্ৱর্গীয় দর্শনক অমান্য নকৰি,

20 দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷

21 সেই কাৰণে ইহুদী সকলে মন্দিৰত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷

22 এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছোঁ আৰু সকলোৰে সন্মূখত সাক্ষ্য দিছোঁ৷ সেই মহান জনাৰ বিষয়ে ক’বলৈ যাওতে ভাববাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই;

23 আৰু খ্ৰীষ্টৰ দুখভোগৰ বিষয়ে আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰাৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ঘোষণা কৰিলোঁ৷”

24 তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে ক’লে, “হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷”

25 কিন্তু পৌলে ক’লে, “হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷

26 কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি, কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷

27 হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্ৱাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷”

28 তেতিয়া ৰজা আগ্ৰিপ্পই পৌলক ক’লে, “তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ সময়ৰ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷”

29 কিন্তু পৌলে ক’লে, “অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ সময়ৰ কথাৰে হওক, বা বহু সময়ৰ কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, আন সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷”

30 তেতিয়া ৰজা, দেশাধিপতি, বৰ্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোকসকল উঠিল, আৰু

31 বিচাৰ কক্ষৰ আতৰত গৈ পৰস্পৰে কথা-বাৰ্ত্তা কৰি ক’লে, “এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷”

32 তেতিয়া ৰজা আগ্ৰিপ্পই ফীষ্টক ক’লে, “এই মানুহ জনে চীজাৰৰ ওচৰত আপীল নকৰা হ’লে মুকলি হ’ব পাৰিলেহেঁতেন৷”