2 Corinthians 11:23 in Assamese 23 তেখেত সকল খ্ৰীষ্টৰ দাস নে? (মই যদি হত বুদ্ধিৰ দৰে কৈছোঁ), মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ৰ সন্মুখীন হ’লো৷
Other Translations King James Version (KJV) Are they ministers of Christ? (I speak as a fool) I am more; in labours more abundant, in stripes above measure, in prisons more frequent, in deaths oft.
American Standard Version (ASV) Are they ministers of Christ? (I speak as one beside himself) I more; in labors more abundantly, in prisons more abundantly, in stripes above measure, in deaths oft.
Bible in Basic English (BBE) Are they servants of Christ? (I am talking foolishly) I am more so; I have had more experience of hard work, of prisons, of blows more than measure, of death.
Darby English Bible (DBY) Are they ministers of Christ? (I speak as being beside myself) *I* above measure [so]; in labours exceedingly abundant, in stripes to excess, in prisons exceedingly abundant, in deaths oft.
World English Bible (WEB) Are they servants of Christ? (I speak as one beside himself) I am more so; in labors more abundantly, in prisons more abundantly, in stripes above measure, in deaths often.
Young's Literal Translation (YLT) ministrants of Christ are they? -- as beside myself I speak -- I more; in labours more abundantly, in stripes above measure, in prisons more frequently, in deaths many times;
Cross Reference Acts 9:16 in Assamese 16 কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”
Acts 14:19 in Assamese 19 ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
Acts 16:23 in Assamese 23 তেতিয়া অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক কাৰাগাৰত সুমুৱাই থ’লে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে।
Acts 20:23 in Assamese 23 কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।
Acts 21:11 in Assamese 11 তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ ককালৰ পৰা টঙালি লৈ নিজৰ হাত-ভৰি বান্ধি ক’বলৈ ধৰিলে, “পবিত্ৰ আত্মাই এই কথা কৈছে, যাৰ এই টঙালি, সেই মানুহক যিৰূচালেমত ইহুদী সকলে এইদৰে বান্ধি অনা-ইহুদী লোকৰ হাতত শোধাই দিব।”
Acts 24:26 in Assamese 26 আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি, ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে।
Acts 25:14 in Assamese 14 তেওঁ তাত বহু দিন থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে; তেতিয়া তেওঁ ক’লে, “ফীলিক্সে বন্দী কৰি ৰখা এজন বন্দীয়াৰ ইয়াত আছে।
Acts 27:1 in Assamese 1 পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ বিষয়ে সিদ্ধান্ত কৰা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷
Acts 28:16 in Assamese 16 ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷
Acts 28:30 in Assamese 30 পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷
Romans 8:36 in Assamese 36 এই বিষয়ে লিখাও আছে, ‘আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেষৰ দৰে আমি গণিত হ’লোঁ’।
1 Corinthians 3:5 in Assamese 5 তেনেহলে আপল্লো কোন? বা পৌল কোন? এওঁলোক মাথোন ঈশ্বৰৰ পৰিচৰ্যাকাৰী; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;
1 Corinthians 4:1 in Assamese 1 লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ তত্বাৱধায়ক।
1 Corinthians 15:10 in Assamese 10 তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; অকল ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
1 Corinthians 15:30 in Assamese 30 আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
2 Corinthians 1:9 in Assamese 9 প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোঁতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷
2 Corinthians 3:6 in Assamese 6 তেৱেঁই আমাক নতুন নিয়ম (বিধান)ৰ পৰিচাৰক হ’বলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
2 Corinthians 4:11 in Assamese 11 কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈ আছোঁ।
2 Corinthians 6:4 in Assamese 4 বৰং আমি নিজক ঈশ্বৰৰ পৰিচাৰক হিচাপে, আমাৰ এই সকলো কৰ্মৰ দ্বাৰাই যোগ্য-পাত্ৰ দেখুৱাইছোঁ; সেয়েহে অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সঙ্কট,
2 Corinthians 6:9 in Assamese 9 অবিদিতৰ নিচিনা, কিন্তু সকলোৰে বাবে সুবিদিত; মৰো মৰো হোৱাৰ নিচিনা, কিন্তু চাওক জীয়াই আছোঁ; শাস্তি পোৱাৰ নিচিনা, কিন্তু হত হোৱা নাই৷
2 Corinthians 10:7 in Assamese 7 সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক।
2 Corinthians 11:5 in Assamese 5 কাৰণ মোৰ মতে, সেই অতি প্ৰধান পাঁচনি সকলতকৈ মই অলপো নিকৃষ্ট নহয়।
2 Corinthians 11:24 in Assamese 24 অৰ্থাৎ পাঁচ বাৰ ইহুদী সকলৰ হাতেৰে ‘এক কম দুকুৰি’ (ঊনচল্লিশ) কোব খাইছিলোঁ৷
2 Corinthians 12:11 in Assamese 11 মই নির্বোধ হ’লো! এনে হ’বলৈ আপোনালোকে মোক বাধ্য কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হ’ব লাগিছিল; কিয়নো মই একো নহলেও, ‘অতি প্ৰধান পাঁচনি’ সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷
Ephesians 3:1 in Assamese 1 এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।
Ephesians 4:1 in Assamese 1 এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।
Ephesians 6:20 in Assamese 20 কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷
Philippians 1:13 in Assamese 13 কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷
Philippians 2:17 in Assamese 17 কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।
Colossians 1:24 in Assamese 24 এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
Colossians 1:29 in Assamese 29 তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে, সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ।
1 Thessalonians 3:2 in Assamese 2 সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলো,
1 Timothy 4:6 in Assamese 6 এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷
2 Timothy 1:8 in Assamese 8 এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা, কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা;
2 Timothy 1:16 in Assamese 16 অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
2 Timothy 2:9 in Assamese 9 সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই।
Philemon 1:9 in Assamese 9 তথাপি মই তোমাক, প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছো আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।
Hebrews 10:34 in Assamese 34 যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোক তেওঁলোকৰ সহানুভুতিশীল কৰিছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে; কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷