2 Corinthians 11 in Assamese

1 মই বিচাৰো যেন আপোনালোকে মোৰ যৎকিঞ্চিত অজ্ঞানতাৰ প্ৰতি সহন কৰে, প্ৰকৃততে আপোনালোকে মোৰ প্ৰতি সহন কৰি আছে।

2 কিয়নো মই আপোনালোকক ঐশ্বৰিক অন্তৰ্জ্বালাৰে ঈর্ষা কৰোঁ; কাৰণ খ্ৰীষ্টৰ হাতত নিৰ্দোষী কন্যা স্বৰূপে সমৰ্পণ কৰিবৰ হাবিয়াহেৰে, আপোনালোকক একমাত্ৰ স্বামী খ্ৰীষ্টলৈ বাগ্দান কৰিলোঁ।

3 কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷

4 কিয়নো যি জন যীচুৰ কথা আমি ঘোষণা কৰোঁ, এনে আন কোনো যীচুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে বা আপোনালোকে যি আত্মা পোৱা নাই, এনে অন্যবিধ আত্মাও যদি পোৱা; নাইবা যি শুভবাৰ্তা আপোনালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰে, তেনেহলে আপোনালোকে সেয়া ভালকৈ সহন কৰক৷

5 কাৰণ মোৰ মতে, সেই অতি প্ৰধান পাঁচনি সকলতকৈ মই অলপো নিকৃষ্ট নহয়।

6 কিন্তু যদিও বক্তৃতাত মই অ-প্ৰশিক্ষণপ্ৰাপ্ত হওঁ, কিন্তু মই জ্ঞানত হ’লে অ-প্ৰশিক্ষণপ্ৰাপ্ত নহওঁ; সকলো ধৰণে আৰু সকলো বিষয়কে আমি আপোনালোকক প্ৰকাশ কৰিলোঁ।

7 আপোনালোক সন্মানিত হ’বলৈ, মই নিজকে নম্ৰ কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা আপোনালোকৰ আগত প্ৰচাৰ কৰোঁতে, মই পাপ কৰিলোঁ নে?

8 মই আন মণ্ডলী সমূহৰ ধন অপহৰণ কৰিলোঁ আৰু তেওঁলোকৰ সাহায্য গ্ৰহণ কৰিলোঁ, যাতে ইয়াৰ যোগেদি মই আপোনালোকৰ পৰিচৰ্যা কৰিব পাৰোঁ৷

9 আৰু আপোনালোকৰ লগত থাকোঁতে, যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলোঁ; কিয়নো ভাই সকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে; আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ; আৰু মই নিজকে এনেদৰেই ৰাখিম।

10 খ্ৰীষ্টৰ সত্যতা যেনেকৈ মোৰ লগত বাস কৰি আছে, তেনেদৰে মোৰ এই গৰ্ব আখায়াৰ সকলো অঞ্চলত বন্ধ কৰা নহব।

11 আৰু কিয়? মই আপোনালোকক প্ৰেম নকৰাৰ কাৰণে নে? ঈশ্বৰে জানে, মই যে আচলতে প্রেম কৰোঁ৷

12 কিন্তু মই এতিয়া যি কৰি আছোঁ, ভৱিষ্যতেও ইয়াকে কৰি থাকিম; যাতে ছিদ্ৰ বিচৰা লোক সকলে যি বিষয়ত গৰ্ব কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হ’ব পৰে, আৰু আমি যেন তেওঁলোকৰ সেই ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিব পাৰোঁ।

13 কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।

14 এই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।

15 এতেকে তাৰ দাস সকলেও ধাৰ্মিক দাস সকলৰ বেশ ধৰাটো বৰ মহৎ বিষয় নহয়; কিন্তু তেওঁলোকৰ নিজ কৰ্মৰ দ্ৱাৰাই তেওঁলোকৰ শেষ হ’ব৷

16 মই আকৌ কৈছোঁ, আপোনালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাবিবা; কিন্তু যদিও ভাবে, তাৰ বাবে মোক অজ্ঞানৰ দৰেই গ্ৰহণ কৰিব, যাতে মই যৎকিঞ্চিৎ গৰ্ব কৰিব পাৰোঁ৷

17 মই যি দৰে এই আত্মবিশ্ৱাসী গৰ্ব কথা কৈছোঁ, তেনেদৰে প্ৰভুৱে উদগণি নিদিয়ে কিন্তু মই নিশ্চিত জ্ঞানেৰে কৈছোঁ।

18 কিয়নো অনেকে মাংস অনুসাৰে গৰ্ব কৰে, সেই বাবে ময়ো গৰ্ব কৰিম।

19 কিয়নো আপোনালোকে জ্ঞানৱন্ত হৈ আনন্দেৰেহে অজ্ঞানবোৰক সহন কৰে।

20 কাৰণ কোনোৱে যদি আপোনালোকক দাস কৰে, কোনোৱে যদি আপোনালোকৰ মাজত মতভেদ জন্মাই, কোনোৱে যদি আপোনাৰ পৰা লাভ বিচাৰে, কোনোৱে যদি নিজকে অহংকাৰ কৰে, কোনোৱে যদি আপোনালোকক চৰ মাৰে, তথাপি আপোনালোকে সহন কৰে।

21 হয়, আমি এক প্ৰকাৰ দূৰ্বলীয়েই আছিলোঁ, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছোঁ। যেতিয়া যি কোনো কথাত যদি কোনো ব্যক্তিয়ে গৰ্ব কৰে, মই যদি অজ্ঞানতাৰে কৈছোঁ, তেনেহ’লে মইয়ো গৰ্ব কৰিম।

22 তেখেত সকল ইব্ৰী লোক নে? মইয়ো হওঁ। তেখেত সকল ইস্ৰায়েলীয়া নে? মইয়ো হওঁ। তেখেত সকল অব্ৰাহামৰ বংশ নে? মইয়ো হওঁ।

23 তেখেত সকল খ্ৰীষ্টৰ দাস নে? (মই যদি হত বুদ্ধিৰ দৰে কৈছোঁ), মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ৰ সন্মুখীন হ’লো৷

24 অৰ্থাৎ পাঁচ বাৰ ইহুদী সকলৰ হাতেৰে ‘এক কম দুকুৰি’ (ঊনচল্লিশ) কোব খাইছিলোঁ৷

25 তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ;

26 অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয় সকলৰ পৰা হোৱা সংকটত, অনা-ইহুদী সকলৰ পৰা হোৱা সঙ্কটত, নগৰত থাকি পোৱা সঙ্কটত, মৰুভূমিত থাকি পোৱা সঙ্কটত, সাগৰত থাকি পোৱা সঙ্কটত, ভাঁৰিকোৱা ভাই সকলৰ মাজত থাকি পোৱা সঙ্কটত৷

27 পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি-খতিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলোঁ৷

28 এইবোৰ বিষয় বাদ দিলেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে।

29 কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? যেতিয়া কোনো এজনে আন এজনক পাপত পেলাই, তেতিয়াই মোৰ অন্তৰত দুখৰ জ্বালা নহয় নে?

30 মই যদি গৰ্ব কৰিব লগা হয়, তেনেহলে মোৰ নানা দূৰ্ব্বলতাৰ বিষয়ে মই গৰ্ব কৰিম।

31 মই যে মিছা নকওঁ, সেই বিষয়ে প্ৰভু যীচুৰ পিতৃ ঈশ্বৰ, যি জন চিৰকাল ধন্য, তেওঁ জানে।

32 দম্মেচকত ৰজা আৰিতাৰ তলৰ অধিপতিয়ে মোক ধৰিবৰ আশয়েৰে দম্মেচকীয়া সকলৰ নগৰ পহৰা দিয়াইছিল;

33 কিন্তু খিড়িকিয়েদি পাচিৰে গড়েদি নমাই দিয়াত, তেওঁৰ হাতৰ পৰা সাৰিলোঁ।