1 John 1:2 in Assamese 2 (আৰু সেই জীৱন প্ৰকাশিত আছিল, আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি পিতৃৰ সৈতে আছিল আৰু সকলো লোকৰ বাবে প্ৰকাশিত হ’ল);
Other Translations King James Version (KJV) (For the life was manifested, and we have seen it, and bear witness, and shew unto you that eternal life, which was with the Father, and was manifested unto us;)
American Standard Version (ASV) (and the life was manifested, and we have seen, and bear witness, and declare unto you the life, the eternal `life', which was with the Father, and was manifested unto us);
Bible in Basic English (BBE) (And the life was made clear to us, and we have seen it and are witnessing to it and giving you word of that eternal life which was with the Father and was seen by us);
Darby English Bible (DBY) (and the life has been manifested, and we have seen, and bear witness, and report to you the eternal life, which was with the Father, and has been manifested to us:)
World English Bible (WEB) (and the life was revealed, and we have seen, and testify, and declare to you the life, the eternal life, which was with the Father, and was revealed to us);
Young's Literal Translation (YLT) and the Life was manifested, and we have seen, and do testify, and declare to you the Life, the age-during, which was with the Father, and was manifested to us --
Cross Reference Proverbs 8:22 in Assamese 22 যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্ব্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
John 1:4 in Assamese 4 জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
John 1:18 in Assamese 18 ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
John 3:13 in Assamese 13 যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্ৰৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
John 7:29 in Assamese 29 মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”
John 8:38 in Assamese 38 মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ, সেই বিষয়েই কৈ থাকো আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে, তাকেই কৰি থাকে।”
John 11:25 in Assamese 25 যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
John 14:6 in Assamese 6 যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযায়।
John 15:27 in Assamese 27 তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।”
John 16:28 in Assamese 28 মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
John 17:3 in Assamese 3 এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
John 17:5 in Assamese 5 এতিয়া, হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা৷ জগত সৃষ্টিৰ পূর্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া মোক মহিমান্বিত কৰা।
John 21:14 in Assamese 14 মৃত লোকৰ মাজৰ পৰা উঠাৰ পাছত, এইদৰে তৃতীয় বাৰ যীচুৱে শিষ্য সকলক দৰ্শন দিলে।
Acts 1:22 in Assamese 22 বাপ্তিস্ম লোৱা সেই লোকসকলৰ মাজৰ এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
Acts 2:32 in Assamese 32 সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ৷
Acts 3:15 in Assamese 15 আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ
Acts 5:32 in Assamese 32 এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”
Acts 10:41 in Assamese 41 আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেৱেঁ সৈতে ভোজন-পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ আগতহে প্ৰকাশিত হ’বলৈ দিলে৷
Romans 8:3 in Assamese 3 বিধান মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷
Romans 16:25 in Assamese 25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলোঁ, সেই শুভবাৰ্তাত ঈশ্বৰে আপোনালোকক স্থিৰ ৰাখিব৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷
Galatians 4:4 in Assamese 4 কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত জন্ম হোৱা,
1 Timothy 3:16 in Assamese 16 আৰু একেলগে আমি একমত হৈ কওঁ যে, ‘ঈশ্বৰভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত লোকসকলে বিশ্বাস কৰা হ’ল, মহিমাৰে তুলি নিয়া হ’ল’।
2 Timothy 1:10 in Assamese 10 কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে।
Titus 1:2 in Assamese 2 সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷
1 Peter 5:1 in Assamese 1 মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, ময়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷
1 John 1:1 in Assamese 1 যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্রসঙ্গত,
1 John 3:5 in Assamese 5 আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই।
1 John 3:8 in Assamese 8 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।
1 John 5:11 in Assamese 11 সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।