Zephaniah 2:3 in Assamese 3 হে পৃথিৱীৰ সমুদায় নম্র লোক, আপোনালোক যিসকলে যিহোৱাৰ শাসন-প্রণালী মানি চলিছে, আপোনালোকে যিহোৱাক বিচাৰক! আপোনালোকে ধাৰ্ম্মিকতা অনুশীলন কৰক! নম্ৰতাৰ অনুশীলন কৰক! কিজানি যিহোৱাৰ ক্ৰোধৰ দিনত আপোনালোকে ৰক্ষা পাব।
Other Translations King James Version (KJV) Seek ye the LORD, all ye meek of the earth, which have wrought his judgment; seek righteousness, seek meekness: it may be ye shall be hid in the day of the LORD's anger.
American Standard Version (ASV) Seek ye Jehovah, all ye meek of the earth, that have kept his ordinances; seek righteousness, seek meekness: it may be ye will be hid in the day of Jehovah's anger.
Bible in Basic English (BBE) Make search for the Lord, all you quiet ones of the earth, who have done what is right in his eyes; make search for righteousness and a quiet heart: it may be that you will be safely covered in the day of the Lord's wrath.
Darby English Bible (DBY) Seek Jehovah, all ye meek of the land, who have performed his ordinance; seek righteousness, seek meekness: it may be ye shall be hid in the day of Jehovah's anger.
World English Bible (WEB) Seek Yahweh, all you humble of the land, who have kept his ordinances. Seek righteousness. Seek humility. It may be that you will be hidden in the day of Yahweh's anger.
Young's Literal Translation (YLT) Seek Jehovah, all ye humble of the land, Who His judgment have done, Seek ye righteousness, seek humility, It may be ye are hidden in a day of the anger of Jehovah.
Cross Reference Genesis 7:15 in Assamese 15 শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল।
Exodus 12:27 in Assamese 27 তেতিয়া আপোনালোকে ক’ব, ‘যিহোৱাই মিচৰীয়ালোকক আক্ৰমন কৰোঁতে মিচৰত থকা ইস্ৰায়েলৰ লোকসকলৰ ঘৰবোৰ এৰি থৈ গৈছিল, এই দৰেই তেওঁ ইস্ৰায়েলৰ ঘৰবোৰ নিস্তাৰ কৰিছিল, সেইয়ে যিহোৱাৰ উদ্দেশে কৰা এয়ে নিস্তাৰ-পৰ্ব্বৰ বলিদান’।” তেতিয়া লোকসকলে মূৰ দোঁৱাই যিহোৱাৰ আৰাধনা কৰিলে।
2 Samuel 12:22 in Assamese 22 তাতে তেওঁ ক’লে, “ল’ৰাটি জীয়াই থাকোঁতে মই লঘোন দি ক্ৰন্দন কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ, কোনে জানে, যে ল’ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি যিহোৱাই মোলৈ কৃপা কৰিব!
2 Chronicles 34:27 in Assamese 27 এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।
Psalm 22:26 in Assamese 26 দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তোমালোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
Psalm 25:8 in Assamese 8 যিহোৱা মঙ্গলময় আৰু সৎ; সেয়েহে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
Psalm 31:20 in Assamese 20 তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয়স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয়স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
Psalm 32:6 in Assamese 6 সেই বাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
Psalm 57:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
Psalm 76:9 in Assamese 9 হে ঈশ্বৰে তুমি উঠা বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা।চেলা
Psalm 91:1 in Assamese 1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
Psalm 105:4 in Assamese 4 তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচৰা।
Psalm 149:4 in Assamese 4 কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
Proverbs 18:10 in Assamese 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
Isaiah 11:4 in Assamese 4 তাৰপৰিৱৰ্তে তেওঁ ধাৰ্ম্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীৱিক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
Isaiah 26:20 in Assamese 20 হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Jeremiah 3:13 in Assamese 13 তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আতঁৰি গ’লা।
Jeremiah 4:1 in Assamese 1 যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ! তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আতঁৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
Jeremiah 22:15 in Assamese 15 এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা? তোমাৰ পিতৃয়ে জানো ভোজন-পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মঙ্গল হৈছিল।
Jeremiah 29:12 in Assamese 12 আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
Jeremiah 39:18 in Assamese 18 কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম। তুমি তৰোৱালত পতিত নহবা। কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা; কাৰণ, যিহোৱাই কৈছে: তুমি মোক বিশ্বাস কৰিলা।”
Jeremiah 45:5 in Assamese 5 তেন্তে তুমি নিজৰ বাবে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, যিহোৱাই কৈছে, মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম’।”
Hosea 7:10 in Assamese 10 ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
Hosea 10:12 in Assamese 12 তোমালোকে নিজৰ কাৰণে ধাৰ্ম্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্ম্মিকতাৰূপ বৃষ্টি বৰষাব।
Joel 2:13 in Assamese 13 আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
Amos 5:4 in Assamese 4 যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, “তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
Amos 5:14 in Assamese 14 তোমালোকে যাতে জীয়াই থাকিব পাৰা, সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত থাকিব।
Jonah 3:9 in Assamese 9 কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
Zechariah 8:19 in Assamese 19 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তুষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!”
Matthew 5:5 in Assamese 5 নম্ৰসকল ধন্য; কিয়নো তেওঁলোকে জগত খন অধিকাৰ কৰিব।
Matthew 7:7 in Assamese 7 খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
Philippians 3:13 in Assamese 13 হে ভাই সকল, মই যে সেয়া এতিয়াই পালোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷
Colossians 3:2 in Assamese 2 ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
1 Thessalonians 4:1 in Assamese 1 সর্বশেষত, হে প্রিয় ভাই সকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
1 Thessalonians 4:10 in Assamese 10 বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাই সকল, আমাৰ পৰামর্শ এই যে আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।
James 1:21 in Assamese 21 এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ প্ৰাণৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক।
1 Peter 1:22 in Assamese 22 আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ প্ৰাণ শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
1 Peter 3:4 in Assamese 4 কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷
2 Peter 3:18 in Assamese 18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।