Zephaniah 1:7 in Assamese 7 প্ৰভু যিহোৱাৰ উপস্থিতিত আপোনালোক নীৰবে থাকক; কিয়নো যিহোৱাৰ দিন ওচৰ চাপি আহিছে; কাৰণ যিহোৱাই এক যজ্ঞৰ আয়োজন কৰিছে; নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্র কৰিলে ।
Other Translations King James Version (KJV) Hold thy peace at the presence of the Lord GOD: for the day of the LORD is at hand: for the LORD hath prepared a sacrifice, he hath bid his guests.
American Standard Version (ASV) Hold thy peace at the presence of the Lord Jehovah; for the day of Jehovah is at hand: for Jehovah hath prepared a sacrifice, he hath consecrated his guests.
Bible in Basic English (BBE) Let there be no sound before the Lord God: for the day of the Lord is near: for the Lord has made ready an offering, he has made his guests holy.
Darby English Bible (DBY) Be silent at the presence of the Lord Jehovah; for the day of Jehovah is at hand; for Jehovah hath prepared a sacrifice, he hath hallowed his guests.
World English Bible (WEB) Be silent at the presence of the Lord Yahweh, for the day of Yahweh is at hand. For Yahweh has prepared a sacrifice. He has consecrated his guests.
Young's Literal Translation (YLT) Hush! because of the Lord Jehovah, For near `is' a day of Jehovah, For prepared hath Jehovah a sacrifice, He hath sanctified His invited ones.
Cross Reference 1 Samuel 2:9 in Assamese 9 তেওঁৰ বিশ্ৱস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।
1 Samuel 16:5 in Assamese 5 তেওঁ ক’লে, “শান্তি হওক; মই যিহোৱাৰ উদ্দেশে বলিদান দিবলৈ আহিছোঁ। বলিদানৰ অৰ্থে তোমালোকে নিজকে পবিত্ৰ কৰি মোৰ লগত আহাঁ।” আৰু তেওঁ যিচয়ক আৰু তেওঁৰ পুত্ৰসকলক পবিত্ৰকৃত কৰিলে আৰু বলিদানৰ কাৰণে নিমন্ত্ৰণ কৰিলে।
1 Samuel 20:26 in Assamese 26 সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সচাকৈ সি শুচি নহয়।”
Job 40:4 in Assamese 4 “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
Psalm 46:10 in Assamese 10 যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
Psalm 76:8 in Assamese 8 তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হ’য়; পৃথিবী আতঙ্কিত হৈ নিৰৱে আছিল।
Proverbs 9:1 in Assamese 1 প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।
Isaiah 2:12 in Assamese 12 কিয়নো গৰ্ব্বী, অহঙ্কাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব;
Isaiah 6:5 in Assamese 5 মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছো।
Isaiah 13:6 in Assamese 6 যিহোৱাৰ দিন অতি ওচৰ; সৰ্ব্ব-শক্তিমান জনাৰ পৰা সৰ্ব্বনাশ আহিছে।
Isaiah 34:6 in Assamese 6 যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেৰা ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰাত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।
Jeremiah 46:10 in Assamese 10 কিয়নো এই দিন বাহিনীসকলৰ প্ৰভূ যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভূ যিহোৱাৰ এক যজ্ঞ হৈছে।
Ezekiel 7:7 in Assamese 7 তোমালোকৰ যি সকলে দেশত নিবাস কৰি আছে, তোমাৰ বিনাশ তোমালৈ আহি আছে। সেই সময় উপস্থিত হ’ল; বিনাশৰ দিন ওচৰ চাপি আহিছে আৰু পৰ্ব্বতবোৰৰ ওপৰত কেতিয়াও আনন্দ-ধ্বনিৰ দিন নহ’ব, কোলাহলৰহে দিন হ’ব!
Ezekiel 7:10 in Assamese 10 আৰু চোৱা! সেই দিন আহি পালেহি। বিনাশ ওলাই আহিল। তোমালোকৰ দণ্ডডালিত অহঙ্কাৰৰ কলি ধৰিলে।
Ezekiel 39:17 in Assamese 17 আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা।
Joel 2:1 in Assamese 1 তোমালোকে চিয়োনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, কিয়নো যিহোৱাৰ দিন আহি আছে; হয়, সচাই সেয়ে ওচৰ পাইছেহি;
Joel 2:11 in Assamese 11 যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?
Joel 2:31 in Assamese 31 যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য অন্ধকাৰত পৰিণত হ’ব, আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ’ব।
Amos 5:18 in Assamese 18 তোমালোক যিসকলে প্ৰভুৰ বিচাৰৰ দিন চাবলৈ আকাঙ্ক্ষা কৰা, সেই লোকসকলক ধিক। তোমালোকে কিয় যিহোৱাৰ দিনলৈ আকাঙ্ক্ষা কৰা? সেই দিন অন্ধকাৰ, পোহৰ নহয়।
Amos 6:10 in Assamese 10 যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।”
Habakkuk 2:20 in Assamese 20 কিন্তু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰত আছে; সমূদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক।
Zephaniah 1:14 in Assamese 14 যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে! সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ! তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
Zechariah 2:13 in Assamese 13 হে সমূদায় লোক, যিহোৱাৰ আগত মনে মনে থাকা; কিয়নো তেওঁ স্বৰ্গৰ পৰা জাগি উঠিছে!
Malachi 4:1 in Assamese 1 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
Matthew 22:4 in Assamese 4 পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
Luke 14:16 in Assamese 16 কিন্তু যীচুৱে তেওঁক ক’লে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।
Romans 3:19 in Assamese 19 আমি জানো যে, বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগতে ঈশ্বৰৰ সন্মুখত হিচাব দিবলৈ বাধ্য৷
Romans 9:20 in Assamese 20 হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, ‘তুমি মোক এনেকুৱা কিয় কৰিলা’ বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে?
Philippians 4:5 in Assamese 5 আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ।
Colossians 1:12 in Assamese 12 আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷
2 Peter 3:10 in Assamese 10 কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হ’ব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব।
Revelation 19:17 in Assamese 17 পাছত মই সূৰ্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷