Zechariah 7:10 in Assamese 10 আৰু যি সকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ সেই লোকসকলক অত্যাচাৰ নকৰিবা; আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ বিৰুদ্ধে নিজ মনত কু-কল্পনা নকৰিবা।’
Other Translations King James Version (KJV) And oppress not the widow, nor the fatherless, the stranger, nor the poor; and let none of you imagine evil against his brother in your heart.
American Standard Version (ASV) and oppress not the widow, nor the fatherless, the sojourner, nor the poor; and let none of you devise evil against his brother in your heart.
Bible in Basic English (BBE) Do not be hard on the widow, or the child without a father, on the man from a strange country, or on the poor; let there be no evil thought in your heart against your brother.
Darby English Bible (DBY) and oppress not the widow and the fatherless, the stranger and the afflicted; and let none of you imagine evil against his brother in your heart.
World English Bible (WEB) Don't oppress the widow, nor the fatherless, the foreigner, nor the poor; and let none of you devise evil against his brother in your heart.'
Young's Literal Translation (YLT) And widow, and fatherless, Sojourner, and poor, ye do not oppress, And the calamity of one another ye do not devise in your heart.
Cross Reference Exodus 22:21 in Assamese 21 তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
Exodus 23:9 in Assamese 9 তোমালোকে বিদেশী লোকক উপদ্ৰৱ নকৰিবা; কাৰণ তোমোলোকো মিচৰ দেশত বিদেশী হৈ আছিলা, সেয়ে বিদেশী লোকৰ মনৰ কথা তোমালোকে জানিব লাগে।
Deuteronomy 24:14 in Assamese 14 আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিব - তেওঁ আপোনালোকৰ কোনো ইস্রায়েলীয়া ভাইয়ে হওক, বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক।
Deuteronomy 27:19 in Assamese 19 যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Psalm 21:11 in Assamese 11 যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে, যদি অপকর্মৰ পৰিকল্পনা কৰে, তেওঁলোক সফল হ’ব নোৱাৰিব।
Psalm 36:4 in Assamese 4 তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।
Psalm 72:4 in Assamese 4 তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তানসকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
Psalm 140:2 in Assamese 2 তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।
Proverbs 3:29 in Assamese 29 যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
Proverbs 6:18 in Assamese 18 বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
Proverbs 22:22 in Assamese 22 দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
Proverbs 23:10 in Assamese 10 পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা;
Isaiah 1:16 in Assamese 16 নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
Isaiah 1:23 in Assamese 23 তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে।
Jeremiah 5:28 in Assamese 28 তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিক্চিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্ম্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে।
Jeremiah 11:19 in Assamese 19 কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ ভেড়া পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোহঁক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।
Jeremiah 18:18 in Assamese 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Jeremiah 22:15 in Assamese 15 এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা? তোমাৰ পিতৃয়ে জানো ভোজন-পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মঙ্গল হৈছিল।
Ezekiel 22:7 in Assamese 7 তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
Ezekiel 22:12 in Assamese 12 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
Ezekiel 22:29 in Assamese 29 দেশৰ প্ৰজাসকলে উপদ্ৰপ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।
Amos 4:1 in Assamese 1 হে চমৰিয়াৰ পৰ্বতত বাস কৰা বাচানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা। তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, “আমাৰ কাৰণে পানীয় আনা।”
Amos 5:11 in Assamese 11 তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা ।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 3:1 in Assamese 1 মই কলোঁ, “ যাকোবৰ মূখ্যলোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
Zephaniah 3:1 in Assamese 1 ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
Zechariah 8:17 in Assamese 17 তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
Mark 7:21 in Assamese 21 কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,
1 Corinthians 6:10 in Assamese 10 যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রৱঞ্চক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।
James 1:14 in Assamese 14 কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
James 5:4 in Assamese 4 চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
1 John 3:15 in Assamese 15 যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী৷ কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে।