Zechariah 6:12 in Assamese 12 আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব!
Other Translations King James Version (KJV) And speak unto him, saying, Thus speaketh the LORD of hosts, saying, Behold the man whose name is The BRANCH; and he shall grow up out of his place, and he shall build the temple of the LORD:
American Standard Version (ASV) and speak unto him, saying, Thus speaketh Jehovah of hosts, saying, Behold, the man whose name is the Branch: and he shall grow up out of his place; and he shall build the temple of Jehovah;
Bible in Basic English (BBE) And say to him, These are the words of the Lord of armies: See, the man whose name is the Branch, under whom there will be fertile growth.
Darby English Bible (DBY) and speak unto him, saying, Thus speaketh Jehovah of hosts, saying, Behold a man whose name is [the] Branch; and he shall grow up from his own place, and he shall build the temple of Jehovah:
World English Bible (WEB) and speak to him, saying, 'Thus says Yahweh of Hosts, "Behold, the man whose name is the Branch: and he shall grow up out of his place; and he shall build the temple of Yahweh;
Young's Literal Translation (YLT) and hast spoken unto him, saying: Thus spake Jehovah of Hosts, saying: Lo, a man! A Shoot -- `is' his name, And from his place he doth shoot up, And he hath built the temple of Jehovah.
Cross Reference Ezra 3:8 in Assamese 8 দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক যিৰূচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত, জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবীয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাৰ গৃহৰ কাৰ্য্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াসকলক নিযুক্ত কৰিলে।
Ezra 3:10 in Assamese 10 গৃহ নিৰ্ম্মাণ কৰোঁতাসকলে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইস্ৰায়েলৰ ৰজা দায়ূদে আজ্ঞা কৰাৰ অনুসাৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে, আৰু হাতত তুৰী-বাদ্য ল’লে, আচফৰ পুত্র, আৰু লেবীয়াসকলে হাতত তাল লৈ থিয় হ’ল।
Psalm 80:15 in Assamese 15 যি পুলিগছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
Isaiah 4:2 in Assamese 2 সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।
Isaiah 11:1 in Assamese 1 যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।
Isaiah 32:1 in Assamese 1 চোৱা, এজন ৰজাই ধাৰ্ম্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্ত্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।
Isaiah 53:2 in Assamese 2 কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
Jeremiah 23:5 in Assamese 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Jeremiah 33:15 in Assamese 15 সেই দিনা আৰু সেই কালত মই দায়ুদৰ বংশত এটা ধাৰ্ম্মিক গজালি গজাম, আৰু তেওঁ দেশত বিচাৰ আৰু ন্যায় সিদ্ধ কৰিব।
Micah 5:5 in Assamese 5 তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন ভেড়া-ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
Zechariah 3:8 in Assamese 8 হে প্ৰধান পুৰোহিত যিহোচূৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা! কিয়নো তেওঁলোকেই চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাসৰ এটি গজালি উৎপন্ন কৰিম।
Zechariah 4:6 in Assamese 6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
Zechariah 8:9 in Assamese 9 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোক সাহিয়াল হোৱা, যি কথা বর্তমান শুনি আছা সেই একেই বাক্য ভাববাদীসকলৰ মুখেৰে কোৱা হৈছিল, যেতিয়া তেওঁলোকে বহিনীসকলৰ যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়াই মন্দিৰ নিৰ্মান কৰা হৈছিল।
Zechariah 13:7 in Assamese 7 “হে তৰোৱাল! তুমি মোৰ ভেড়াৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “ভেড়া-ৰখীয়াজনক আঘাত কৰা, তেতিয়া ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
Matthew 16:18 in Assamese 18 ময়ো তোমাক কওঁ, ‘তুমি পিতৰ অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব’।
Matthew 26:61 in Assamese 61 “এওঁ কৈছিল, ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”
Mark 14:58 in Assamese 58 “‘হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতেৰে নসজা আন এটা সাজিম’৷ তেওঁ এনে কথা কোৱা আমি শুনিছিলোঁ!”
Mark 15:29 in Assamese 29 পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি ক’বলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,
Mark 15:39 in Assamese 39 তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে ক’লে, “সঁচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷”
Luke 1:78 in Assamese 78 কোমল চিত্তৰ আৰু দয়ালু ঈশ্বৰে আমাক ক্ষমা কৰিব। এই কৰুণাৰে পুৱাৰ অৰুণৰ দৰে ত্রাণকর্তাই স্বর্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব।
John 1:45 in Assamese 45 ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচি আৰু ভাৱবাদী সকলে যি জনৰ বিষয়ে বিধান-শাস্ত্ৰত লিখিছিল, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।
John 2:19 in Assamese 19 যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
John 19:5 in Assamese 5 এনেতে যীচুক কাঁইটৰ কিৰীটি আৰু বেঙেনা বৰণীয়া কাপোৰেৰে বাহিৰলৈ উলিয়াই আনিলে৷ পীলাতে তেওঁলোকক ক’লে, “চোৱা এই জনেই সেই মানুহ!”
Acts 13:38 in Assamese 38 এই কাৰণে, হে ভাইসকল, সেই জন যীচুৰ দ্বাৰাই আপোনালোকৰ আগত পাপ-মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
Acts 17:31 in Assamese 31 কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই জগতক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
1 Corinthians 3:9 in Assamese 9 কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।
Ephesians 2:20 in Assamese 20 এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
Hebrews 3:3 in Assamese 3 কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে
Hebrews 7:4 in Assamese 4 এতিয়া বিবেচনা কৰি চাওক, এই মল্কিচেদক কিমান মহান পুৰুষ আছিল, যি জনক আমাৰ আদিপিতৃ অব্ৰাহামে যুদ্ধত লুট কৰা উত্তম বস্তুৰ দহ ভাগৰ এভাগ দিছিল।
Hebrews 7:24 in Assamese 24 কিন্তু যীচু চিৰকাল জীৱিত আছে বাবে তেওঁৰ পুৰোহিত পদো চিৰস্থায়ী।
Hebrews 8:3 in Assamese 3 প্ৰত্যেক মহা-পুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহা-পুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে।
Hebrews 10:12 in Assamese 12 কিন্তু খ্ৰীষ্টে হ’লে, সকলো সময়ৰ বাবে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু ঈশ্বৰৰ সোঁফালে বহিল৷
1 Peter 2:4 in Assamese 4 তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমূলীয়া হ’ল৷