Zechariah 2:9 in Assamese 9 কিয়নো চোৱা, মই যেতিয়া সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম; তেতিয়া সিহঁত সেইলোকসকলৰ বন্দীকাম কৰা লোকৰ লুটদ্ৰব্য হ’ব।” আৰু বাহিনীসকলৰ যিহোৱাই যে মোক পঠিয়ালে, তেতিয়া তোমালোকে জানিবা।
Other Translations King James Version (KJV) For, behold, I will shake mine hand upon them, and they shall be a spoil to their servants: and ye shall know that the LORD of hosts hath sent me.
American Standard Version (ASV) For, behold, I will shake my hand over them, and they shall be a spoil to those that served them; and ye shall know that Jehovah of hosts hath sent me.
Bible in Basic English (BBE) For I, says the Lord, will be a wall of fire round about her, and I will be the glory inside her.
Darby English Bible (DBY) For behold, I will shake my hand upon them, and they shall become a spoil to those that served them: and ye shall know that Jehovah of hosts hath sent me.
World English Bible (WEB) For, behold, I will shake my hand over them, and they will be a spoil to those who served them; and you will know that Yahweh of Hosts has sent me.
Young's Literal Translation (YLT) For lo, I am waving my hand against them, And they have been a spoil to their servants. And ye have known that Jehovah of Hosts hath sent me.
Cross Reference Isaiah 10:32 in Assamese 32 এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰিৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
Isaiah 11:15 in Assamese 15 যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব।
Isaiah 13:2 in Assamese 2 তোমালোকে গছ-গছনি নথকা পৰ্ব্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা, আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা, প্রধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমায় যাবলৈ তোমাৰ হাত জোকাৰা।
Isaiah 14:2 in Assamese 2 আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
Isaiah 19:16 in Assamese 16 সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।
Isaiah 33:1 in Assamese 1 নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
Isaiah 33:23 in Assamese 23 তোমাৰ পালবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাস্তুল থিৰকৈ ধৰি ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে; সেই কালত অনেক লুটদ্ৰব্য ভাগ বাটি দিয়া হ’ল, লেঙেৰায়ো লুটদ্ৰব্য নিলে।
Jeremiah 27:7 in Assamese 7 আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
Jeremiah 28:9 in Assamese 9 যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।”
Ezekiel 39:10 in Assamese 10 তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব।
Habakkuk 2:8 in Assamese 8 তুমি অনেক দেশ লুট কৰাৰ কাৰণে, সকলো অৱশিষ্ট লোকে তোমাক লুট কৰিব; মানুহৰ ৰক্তপাতৰ কাৰণে, দেশ, গাঁও, আৰু তাৰ আটাই নিবাসীসকললৈ কৰা অত্যাচাৰৰ বাবে এয়ে সিদ্ধ হ’ব।
Habakkuk 2:17 in Assamese 17 লিবানোনত হোৱা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংস দেখি তুমি আতঙ্কিত হ’বা; মানুহৰ ৰক্তপাতৰ কাৰণে, আৰু দেশ, নগৰ, আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবেই এইদৰে ঘটিব।
Zephaniah 2:9 in Assamese 9 সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, “মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; চিৰকালৰ পতিত ভূমি হৈ থাকিব; মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।”
Zechariah 2:8 in Assamese 8 কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
Zechariah 4:9 in Assamese 9 “বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে
Zechariah 6:15 in Assamese 15 আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মানৰ সাহাৰ্য্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।”
John 13:19 in Assamese 19 এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।
John 16:4 in Assamese 4 কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলো।