Zechariah 14:17 in Assamese 17 পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব।
Other Translations King James Version (KJV) And it shall be, that whoso will not come up of all the families of the earth unto Jerusalem to worship the King, the LORD of hosts, even upon them shall be no rain.
American Standard Version (ASV) And it shall be, that whoso of `all' the families of the earth goeth not up unto Jerusalem to worship the King, Jehovah of hosts, upon them there shall be no rain.
Bible in Basic English (BBE) And it will be that if any one of all the families of the earth does not go up to Jerusalem to give worship to the King, the Lord of armies, on them there will be no rain.
Darby English Bible (DBY) And it shall be, that whoso goeth not up of the families of the earth unto Jerusalem to worship the King, Jehovah of hosts, upon them shall be no rain.
World English Bible (WEB) It will be, that whoever of all the families of the earth doesn't go up to Jerusalem to worship the King, Yahweh of Hosts, on them there will be no rain.
Young's Literal Translation (YLT) And it hath come to pass, That he who doth not go up of the families of the land unto Jerusalem, To bow himself to the King, Jehovah of Hosts, Even on them there is no shower.
Cross Reference Genesis 10:32 in Assamese 32 এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।
Genesis 12:3 in Assamese 3 যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”
Genesis 28:14 in Assamese 14 তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
Deuteronomy 11:17 in Assamese 17 তেনে কৰিলে আপোনালোকৰ ওপৰত যিহোৱাৰ ক্রোধ প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই আপোনালোকক দিব, তাৰ পৰা আপোনালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাব।
Deuteronomy 28:23 in Assamese 23 আপোনালোকৰ মূৰৰ ওপৰত থকা আকাশখন পিতল যেন টান আৰু তলত থকা পৃথিবীখন লোহা যেন টান হ’ব।
1 Kings 8:35 in Assamese 35 লোকসকলে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে যেতিয়া আকাশ বন্ধ হৈ বৰষুণ নাইকিয়া হ’ব - তেতিয়া যদি তেওঁলোকে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে, আপোনাৰ নাম স্বীকাৰ কৰে, আৰু আপুনি তেওঁলোকক দুখ দিয়া সময়ত নিজ নিজ পাপৰ পৰা ঘূৰে,
1 Kings 17:1 in Assamese 1 পাছত গিলিয়দ-প্ৰৱাসীসকলৰ মাজৰ তিচবীয়া এলীয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰেহে হ’ব।”
2 Chronicles 6:26 in Assamese 26 তেওঁলোকে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে, যেতিয়া আকাশ বন্ধ হোৱাত বৰষুণ নোহোৱা হ’ব, তেতিয়া যদি তেওঁলোকে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে আৰু যেতিয়া আপুনি তেওঁলোকক দুখ দিয়া সময়ত আপোনাৰ নাম স্বীকাৰ কৰি নিজ নিজ পাপৰ পৰা ঘূৰিব-
2 Chronicles 7:13 in Assamese 13 মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ,
Psalm 2:8 in Assamese 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
Psalm 110:5 in Assamese 5 যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
Isaiah 5:6 in Assamese 6 মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
Isaiah 45:23 in Assamese 23 মোৰ আগত প্ৰত্যেকে আঁঠু ল’ব, প্রত্যেক জীবাই শপত খাব; মই নিজেই শপত খালোঁ; মোৰ ন্যায়পৰায়ণ বিধানৰ কথা কলো, আৰু সেয়ে পুনৰ ঘুৰি নাহিব।
Isaiah 60:12 in Assamese 12 কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ অধীনতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;
Jeremiah 10:25 in Assamese 25 যি জাতিবোৰে তোমাক নাজানে, আৰু যি গোষ্টিবোৰে তোমাৰ নামত প্ৰাৰ্থনা নকৰে, তেওঁলোকৰ ওপৰত তোমাৰ ক্ৰোধ ঢালা। কিয়নো তেওঁলোকে যাকোবক গ্ৰাস কৰিলে, আৰু তাৰ বাসস্থান ধ্বংস কৰিলে।”
Jeremiah 14:4 in Assamese 4 দেশত বৃষ্টি নোহোৱাত মাটি টান হ’ল, কাৰণ খেতিয়কসকলে লাজ পাই নিজ নিজ মূৰ ঢাকি ৰাখিছে।
Jeremiah 14:22 in Assamese 22 জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।
Amos 3:2 in Assamese 2 “পৃথিৱীৰ সকলো জনগোষ্ঠীৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললো। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম। ।
Amos 4:7 in Assamese 7 “শস্য দাবলৈ তিনি মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলোঁ; এখন নগৰৰ ওপৰত বৰষুণ বৰষালোঁ আৰু আনখনত বৰষুণ বন্ধ কৰিলোঁ। এডোখৰ ভুমিয়ে বৰষুণ পালে আৰু আন এডোখৰে বৰষুণ নোপোৱাত শুকাই গ’ল।
Zechariah 14:16 in Assamese 16 আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পূজা পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
Acts 17:26 in Assamese 26 এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে, যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।
Romans 14:10 in Assamese 10 কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
James 5:17 in Assamese 17 এলিয়া, আমাৰ নিচিনা সুখ-দুখ অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
Revelation 11:6 in Assamese 6 তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।