Zechariah 14:16 in Assamese 16 আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পূজা পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
Other Translations King James Version (KJV) And it shall come to pass, that every one that is left of all the nations which came against Jerusalem shall even go up from year to year to worship the King, the LORD of hosts, and to keep the feast of tabernacles.
American Standard Version (ASV) And it shall come to pass, that every one that is left of all the nations that came against Jerusalem shall go up from year to year to worship the King, Jehovah of hosts, and to keep the feast of tabernacles.
Bible in Basic English (BBE) And it will come about that everyone who is still living, of all those nations who came against Jerusalem, will go up from year to year to give worship to the King, the Lord of armies, and to keep the feast of tents.
Darby English Bible (DBY) And it shall come to pass, that all that are left of all the nations which came against Jerusalem shall go up from year to year to worship the King, Jehovah of hosts, and to celebrate the feast of tabernacles.
World English Bible (WEB) It will happen that everyone who is left of all the nations that came against Jerusalem will go up from year to year to worship the King, Yahweh of Hosts, and to keep the feast of tents.
Young's Literal Translation (YLT) And it hath come to pass, Every one who hath been left of all the nations, Who are coming in against Jerusalem, They have also gone up from year to year, To bow themselves to the King, Jehovah of Hosts, And to celebrate the feast of the booths.
Cross Reference Leviticus 23:33 in Assamese 33 আৰু যিহোৱাই মোচিক ক’লে,
Leviticus 23:39 in Assamese 39 ভুমিত উৎপন্ন হোৱা শস্য চপোৱাৰ পাছত, সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাতদিন তোমালোকে অৱশ্যে যিহোৱাৰ উদ্দেশ্যে পঁজা পৰ্ব্ব পালন কৰিবা; প্ৰথম আৰু অষ্টম দিন সম্পুৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন হ’ব।
Numbers 29:12 in Assamese 12 আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা।
Deuteronomy 16:13 in Assamese 13 পাছত আপোনালোকৰ শস্য মৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব।
Deuteronomy 31:10 in Assamese 10 মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা পর্বৰ সময় আহিব,
2 Chronicles 7:8 in Assamese 8 এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগত গোটেই ইস্ৰায়েলে হমাতৰ প্ৰৱেশ স্থানৰ পৰা মিচৰ জুৰিলৈকে সেই উৎসৱ মহা-সমাজে সাত দিন ধৰি পালন কৰিলে।
2 Chronicles 8:13 in Assamese 13 প্ৰতিদিনৰ বিধি অনুসাৰে, তেওঁ মোচিৰ আজ্ঞামতে বিশ্ৰামবাৰত, ন-জোনত, আৰু নিৰূপিত পৰ্বৰ দিনত, যেনে খমিৰ নিদিয়া পিঠাৰ পৰ্ব, সাত সপ্তাহৰ পৰ্ব আৰু পজাঁ-পৰ্বৰ দিনবোৰত এই বলি তিনিবাৰকৈ বছৰৰ ভিতৰত উৎসৰ্গ কৰিলে।
Ezra 3:4 in Assamese 4 লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।
Nehemiah 8:14 in Assamese 14 তেওঁলোকে, ব্যৱস্থা পুস্তকত লিখা কথাৰ পৰা গম পালে যে, কি দৰে মোচিৰ দ্বাৰাই যিহোৱাই আদেশ কৰা অনুযায়ী, ইস্ৰায়েলৰ সন্তান সকলে সপ্তম মাহৰ পৰ্ব্বৰ কালত গৃহত থাকিব লাগে।
Psalm 24:7 in Assamese 7 হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা! হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
Isaiah 6:5 in Assamese 5 মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছো।
Isaiah 60:6 in Assamese 6 উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব।
Isaiah 66:18 in Assamese 18 কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খোৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
Isaiah 66:23 in Assamese 23 যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”
Jeremiah 46:18 in Assamese 18 বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,” “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কমিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।”
Jeremiah 48:15 in Assamese 15 মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল বধৰ ঠাইলৈ নামি গ’ল, বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে।
Jeremiah 51:57 in Assamese 57 আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীবিলাকৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।
Hosea 12:9 in Assamese 9 কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছো। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
Joel 2:32 in Assamese 32 যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। কিয়নো যিহোৱাই এইদৰে কৈছে, ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহোৱাই যিসকলক আহ্বান কৰিলে।
Zechariah 8:20 in Assamese 20 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
Zechariah 9:7 in Assamese 7 আৰু মই তেওঁৰ মুখৰ পৰা তেওঁ পান কৰা তেজ আৰু তেওঁৰ দাঁতৰ মাজৰ পৰা তেওঁৰ ঘিণলগীয়া প্ৰসাদ আতৰাই দিম; তেতিয়া তেৱোঁ আমাৰ ঈশ্বৰৰ পক্ষে অৱশিষ্ট লোক হ’ব, তেওঁ যিহূদাত প্ৰধান লোক বুলি গণিত হ’ব আৰু ইক্ৰোণ যিবূচীয়াস্বৰূপ হ’ব।
Zechariah 14:17 in Assamese 17 পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব।
Malachi 1:14 in Assamese 14 “যি ছলনাকাৰীয়ে নিজৰ ভেড়াৰ জাকৰ মাজত মতা ভেড়া থাকিলেও প্ৰভুৰ উদ্দেশ্যে সঙ্কল্প কৰি এজনী ঘুণীয়া মাইকী পশুৰ বলি উৎসৰ্গ কৰে, তেওঁ শাপগ্রস্ত হওঁক; কিয়নো মই মহান ৰজা; সকলো জাতিৰ মাজত মোৰ নাম ভয়াবহ।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।
Luke 19:38 in Assamese 38 বোলে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”
John 1:49 in Assamese 49 নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
John 7:2 in Assamese 2 তেতিয়া ইহুদী সকলৰ পঁজা-পৰ্বৰ সময় প্রায় ওচৰ চাপিছিল।
John 7:37 in Assamese 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হ’ল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
Acts 15:17 in Assamese 17 যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
Romans 9:23 in Assamese 23 আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,
Romans 11:5 in Assamese 5 এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
Romans 11:16 in Assamese 16 যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
Romans 11:26 in Assamese 26 এইদৰে সকলো ইস্ৰায়েলী লোকে উদ্ধাৰ পাব; এই বিষয়ে লিখাও আছে: ‘চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
Philippians 2:9 in Assamese 9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
Revelation 11:13 in Assamese 13 সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”
Revelation 19:16 in Assamese 16 তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজা সকলৰো ৰজা আৰু প্ৰভু সকলৰো প্ৰভু৷”