Zechariah 11:5 in Assamese 5 (সেইবোৰৰ কিনোতাঁবোৰে সেইবোৰক বধ কৰে আৰু নিজক দোষী বুলি নাভাবে; আৰু সেইবোৰক বেচোঁতা প্ৰতিজনে কয়, ‘যিহোৱা ধন্য হওঁক! কিয়নো মই ধনী হ’লো’, কাৰণ সেইবোৰৰ নিজ ৰখীয়াসকলে সেইবোৰক মৰম নকৰে।)
Other Translations King James Version (KJV) Whose possessors slay them, and hold themselves not guilty: and they that sell them say, Blessed be the LORD; for I am rich: and their own shepherds pity them not.
American Standard Version (ASV) whose possessors slay them, and hold themselves not guilty; and they that sell them say, Blessed be Jehovah, for I am rich; and their own shepherds pity them not.
Bible in Basic English (BBE) Whose owners put them to death and have no sense of sin; and those who get a price for them say, May the Lord be praised for I have much wealth: and the keepers of the flock have no pity for them.
Darby English Bible (DBY) whose possessors slay them without being held guilty; and they that sell them say, Blessed be Jehovah! for I am become rich; and their own shepherds pity them not.
World English Bible (WEB) Their buyers slaughter them, and go unpunished. Those who sell them say, 'Blessed be Yahweh, for I am rich;' and their own shepherds don't pity them.
Young's Literal Translation (YLT) Whose buyers slay them, and are not guilty, And their sellers say, Blessed `is' Jehovah, And I am rich, And their shepherds have no pity on them.
Cross Reference Genesis 37:26 in Assamese 26 তেতিয়া যিহূদাই তেওঁৰ ককায়েকসকলক ক’লে, “আমি ভাইক বধ কৰি তাৰ তেজ লুকুৱাই ৰাখিলে আমাৰ কি লাভ হ’ব?
Deuteronomy 29:19 in Assamese 19 এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
2 Kings 4:1 in Assamese 1 এদিন শিষ্য-ভাৱবাদী দ’লৰ এজনৰ ভার্য্যাই কান্দি কান্দি ইলীচাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস মোৰ স্বামীৰ মৃত্যু হ’ল আৰু আপুনি জানে যে, আপোনাৰ দাস এজন যিহোৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক তেওঁৰ দাস কৰিবৰ কাৰণে লৈ যাবলৈ আহিছে।”
Nehemiah 5:8 in Assamese 8 আৰু তেওঁলোকক ক’লোঁ, “দেশবোৰলৈ বিক্রী কৰা আমাৰ যিহুদীসকলক আমি সাধ্য অনুসাৰে মুকলি কৰি আনিলোঁ, কিন্তু তাৰ উপৰিও আপোনালোকে আপোনালোকৰ ভাই-ভনীসকলক বিক্রী কৰি আছে, সেই সকলক হয়তো আমালৈকে ঘুৰাই বিক্রী কৰিছে!” তাতে তেওঁলোক নিমাত হ’ল, আৰু একো উত্তৰ দিব নোৱাৰিলে।
Jeremiah 2:3 in Assamese 3 সেই কালত তুমি ইস্রায়েল মোলৈ নিলগে আছিলা; শস্যৰ প্ৰথমে পকা ফলৰ গৰাকি হোৱাৰ দৰে তোমালোক মোৰ আছিলা। যিসকলে মোৰ লোকসকলক অনিষ্ট কৰিছিল, তেওঁলোকৰ প্রতি দণ্ডাজ্ঞা দিবলৈ আৰু দুৰ্যোগ পঠিয়াবলৈ মই প্রতিজ্ঞা কৰিছিলো। মই, যিহোৱাই কৈছিলো যে, এইবোৰ ঘটিব, ঠিক তেনেদৰেই এইবোৰ অমঙ্গল ঘটিব।”
Jeremiah 23:1 in Assamese 1 “যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ ভেড়াবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
Jeremiah 50:7 in Assamese 7 তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে, আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক’লে, আমি দোষ কৰা নাই, কাৰণ সিহঁতে ধৰ্ম্মনিবাস যিহোৱাৰ, সিহঁতৰ পূৰ্ব্ব-পুৰুষবিলাকৰ বিশ্বাস ভূমি যিহোৱাৰেই বিৰুদ্ধে পাপ কৰিলে।
Ezekiel 22:25 in Assamese 25 তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
Ezekiel 34:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ ভেড়া-ৰখীয়াসকলৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ ভেড়াৰখীয়াসকল সন্তাপৰ পাত্ৰ! ভেড়া-ৰখীয়াসকলে জানো ভেড়াবোৰক প্ৰতিপালন কৰিব নালাগে?
Ezekiel 34:6 in Assamese 6 মোৰ ভেড়াবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ ভেড়াবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”
Ezekiel 34:10 in Assamese 10 “প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই ভেড়া-ৰখীয়াসকলৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ ভেড়াবোৰ আদায় কৰিম। আৰু তেওঁলোকক ভেড়া-ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; ভেড়া ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ ভেড়াবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা ভেড়াবোৰক উদ্ধাৰ কৰিম।”
Ezekiel 34:18 in Assamese 18 এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?
Ezekiel 34:21 in Assamese 21 তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা!
Hosea 12:8 in Assamese 8 ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
Micah 3:1 in Assamese 1 মই কলোঁ, “ যাকোবৰ মূখ্যলোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
Micah 3:9 in Assamese 9 সকলো সৎ কাৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মুখ্যলোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;
Matthew 21:12 in Assamese 12 পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
John 10:1 in Assamese 1 যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেষৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
John 10:12 in Assamese 12 কিন্তু এজন বেতনভোগী চাকৰ, তেওঁ নিজে মেষৰখীয়া নহয় আৰু মেষবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, মেষবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
John 16:2 in Assamese 2 মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
1 Timothy 6:5 in Assamese 5 এনে মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ঈশ্বৰভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে।
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
Revelation 18:13 in Assamese 13 ডালচেনি, মচলা, ধুপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেষ, ঘোঁৰা আৰু ৰথ, দাস, আৰু মানুহৰ প্ৰাণবোৰ, এতিয়া কোনেও নিকিনে৷