Zechariah 10:2 in Assamese 2 কিয়নো গৃহ দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে ভেড়াৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
Other Translations King James Version (KJV) For the idols have spoken vanity, and the diviners have seen a lie, and have told false dreams; they comfort in vain: therefore they went their way as a flock, they were troubled, because there was no shepherd.
American Standard Version (ASV) For the teraphim have spoken vanity, and the diviners have seen a lie; and they have told false dreams, they comfort in vain: therefore they go their way like sheep, they are afflicted, because there is no shepherd.
Bible in Basic English (BBE) For the images have said what is not true, and the readers of signs have seen deceit; they have given accounts of false dreams, they give comfort to no purpose: so they go out of the way like sheep, they are troubled because they have no keeper.
Darby English Bible (DBY) For the teraphim have spoken vanity, and the diviners have seen a lie, and have told false dreams: they comfort in vain. Therefore they have gone away as a flock, they are in distress, because there is no shepherd.
World English Bible (WEB) For the teraphim have spoken vanity, and the diviners have seen a lie; And they have told false dreams. They comfort in vain. Therefore they go their way like sheep. They are oppressed, because there is no shepherd.
Young's Literal Translation (YLT) Because the teraphim did speak iniquity, And the diviners have seen a falsehood, And dreams of the vanity they speak, `With' vanity they give comfort, Therefore they have journeyed as a flock, They are afflicted, for there is no shepherd.
Cross Reference Genesis 31:19 in Assamese 19 সেই সময়ত লাবনে তেওঁৰ ভেড়াবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।
Numbers 27:17 in Assamese 17 ইস্ৰায়েলৰ সন্তানসকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”
Judges 18:14 in Assamese 14 তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”
1 Kings 22:17 in Assamese 17 তেতিয়া তেওঁ ক’লে, “মই সমুদায় ইস্ৰায়েলক ৰখীয়া নোহোৱা ভেড়াৰ জাকৰ দৰে পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘এইবোৰৰ ৰখীয়া নাই; তেওঁলোক প্ৰতিজনে যেন নিজ নিজ ঘৰলৈ শান্তিৰে উলটি যাওঁক’।”
Job 13:4 in Assamese 4 কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
Job 21:34 in Assamese 34 তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”
Isaiah 44:9 in Assamese 9 কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব।
Isaiah 46:5 in Assamese 5 তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ,সেয়ে জানো আমাক তুলনা কৰিব পাৰিব?
Jeremiah 6:14 in Assamese 14 যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
Jeremiah 8:11 in Assamese 11 যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁলোকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
Jeremiah 10:8 in Assamese 8 কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
Jeremiah 13:17 in Assamese 17 কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দ কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
Jeremiah 14:13 in Assamese 13 তেতিয়া মই ক’লোঁ,“হায় হায়, প্ৰভু যিহোৱা! চোৱা! ভাববাদীসকলে তেওঁলোকক কয়, “তোমালোকে তৰোৱাল নেদেখিবা; বা তোমালোকলৈ আকাৰ নঘটিব, কিন্তু মই এই ঠাইত তোমালোকক প্ৰকৃত শান্তি দিম’।”
Jeremiah 14:22 in Assamese 22 জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।
Jeremiah 23:17 in Assamese 17 মোক হেয়জ্ঞান কৰোতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
Jeremiah 23:25 in Assamese 25 ‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাবাবদীসকলে কোৱা কথা মই শুনিলোঁ।
Jeremiah 27:9 in Assamese 9 কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’
Jeremiah 28:4 in Assamese 4 আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”
Jeremiah 28:15 in Assamese 15 পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
Jeremiah 29:8 in Assamese 8 কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
Jeremiah 29:21 in Assamese 21 ‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম।
Jeremiah 37:19 in Assamese 19 আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
Jeremiah 50:17 in Assamese 17 ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদৰেচৰে তাৰ হাড়বোৰ ভাঙিলে।
Jeremiah 51:23 in Assamese 23 মই তোমাৰ দ্বাৰাই জাকৰ ৰখীয়াক আৰু তাৰ জাকক ডোখৰ ডোখৰ কৰিম তোমাৰ দ্বাৰাই খেতিয়কক আৰু তাৰ বলধহালক ডোখৰ ডোখৰ কৰিম, তোমাৰ দ্বাৰাই শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক ডোখৰ ডোখৰ কৰিম।
Lamentations 2:14 in Assamese 14 তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
Ezekiel 13:6 in Assamese 6 যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।
Ezekiel 13:22 in Assamese 22 মই দুখ নিদিয়া ধাৰ্ম্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,
Ezekiel 21:21 in Assamese 21 কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ দেৱতাসকলক সুধিব আৰু মেৰৰ আগমঙহ চাব।
Ezekiel 21:29 in Assamese 29 তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।
Ezekiel 34:5 in Assamese 5 তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
Ezekiel 34:8 in Assamese 8 প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো ভেড়া-ৰখীয়াসকলে মোৰ ভেড়াবোৰ নিবিচৰাত আৰু মোৰ ভেড়াবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ ভেড়াবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
Hosea 3:4 in Assamese 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Micah 2:12 in Assamese 12 হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা ভেড়াবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
Micah 3:6 in Assamese 6 সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব।
Habakkuk 2:18 in Assamese 18 কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কাৰ্মত বিশ্বাস কৰে।
Matthew 9:36 in Assamese 36 তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেষৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।