Song of Solomon 7:12 in Assamese 12 ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।
Other Translations King James Version (KJV) Let us get up early to the vineyards; let us see if the vine flourish, whether the tender grape appear, and the pomegranates bud forth: there will I give thee my loves.
American Standard Version (ASV) Let us get up early to the vineyards; Let us see whether the vine hath budded, `And' its blossom is open, `And' the pomegranates are in flower: There will I give thee my love.
Bible in Basic English (BBE) Let us go out early to the vine-gardens; let us see if the vine is in bud, if it has put out its young fruit, and the pomegranate is in flower. There I will give you my love.
Darby English Bible (DBY) We will go up early to the vineyards, We will see if the vine hath budded, [If] the blossom is opening, And the pomegranates are in bloom: There will I give thee my loves.
World English Bible (WEB) Let's go early up to the vineyards. Let's see whether the vine has budded, Its blossom is open, And the pomegranates are in flower. There I will give you my love.
Young's Literal Translation (YLT) We lodge in the villages, we go early to the vineyards, We see if the vine hath flourished, The sweet smelling-flower hath opened. The pomegranates have blossomed, There do I give to thee my loves;
Cross Reference Exodus 25:22 in Assamese 22 মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
Psalm 43:4 in Assamese 4 তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম ।
Psalm 63:3 in Assamese 3 কিয়নো তোমাৰ অঙ্গীকাৰ আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
Psalm 73:25 in Assamese 25 তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।
Psalm 122:5 in Assamese 5 কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
Proverbs 8:17 in Assamese 17 যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
Proverbs 24:30 in Assamese 30 মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলো।
Ecclesiastes 9:10 in Assamese 10 তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
Song of Solomon 2:13 in Assamese 13 ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
Song of Solomon 2:15 in Assamese 15 ৰমণীসকলৰ প্রতি উক্তি: তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে।
Song of Solomon 4:16 in Assamese 16 প্রিয়াৰ কথা: হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ; মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। মোৰ প্রিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়।
Song of Solomon 6:11 in Assamese 11 প্রিয়াৰ কথা: মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ। |
Song of Solomon 7:6 in Assamese 6 হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
Isaiah 18:5 in Assamese 5 শষ্য চপোৱাৰ পূৰ্বে যি সময়ত ফুল সৰিল, আৰু ফুল পকা দ্রাক্ষাগুটিত পৰিণত হ’ল, এনে সময়ত তেওঁ কাঁইটবোৰ কটাৰীৰে কাটি পেলাব, আৰু সিঁচৰিত হৈ থকা ডালবোৰ কাটি দূৰ কৰিব।
Ezekiel 20:40 in Assamese 40 কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
Acts 15:36 in Assamese 36 কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।
Romans 5:11 in Assamese 11 অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হ’ব পাৰিলোঁ, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছোঁ।
2 Corinthians 5:14 in Assamese 14 কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
2 Corinthians 13:5 in Assamese 5 আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰক, আৰু সেই বিষয়ে সত্যতাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে, সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
Ephesians 6:24 in Assamese 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।
1 Thessalonians 3:5 in Assamese 5 সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলো। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।
Hebrews 2:13 in Assamese 13 তেওঁ আকৌ কৈছে, “মই তেওঁকহে বিশ্বাস কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।”
Hebrews 2:15 in Assamese 15 মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰি মিলন সাধন কৰিব পাৰে।
Hebrews 4:16 in Assamese 16 এতেকে সাহসিকতাৰ সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হ’বলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
Hebrews 12:15 in Assamese 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;