Song of Solomon 5:6 in Assamese 6 মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলো; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলো, কিন্তু নাপালো; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
Other Translations King James Version (KJV) I opened to my beloved; but my beloved had withdrawn himself, and was gone: my soul failed when he spake: I sought him, but I could not find him; I called him, but he gave me no answer.
American Standard Version (ASV) I opened to my beloved; But my beloved had withdrawn himself, `and' was gone. My soul had failed me when he spake: I sought him, but I could not find him; I called him, but he gave me no answer.
Bible in Basic English (BBE) I made the door open to my loved one; but my loved one had taken himself away, and was gone, my soul was feeble when his back was turned on me; I went after him, but I did not come near him; I said his name, but he gave me no answer.
Darby English Bible (DBY) I opened to my beloved; But my beloved had withdrawn himself; he was gone: My soul went forth when he spoke. I sought him, but I found him not; I called him, but he gave me no answer.
World English Bible (WEB) I opened to my beloved; But my beloved left; gone away. My heart went out when he spoke. I looked for him, but I didn't find him. I called him, but he didn't answer.
Young's Literal Translation (YLT) I opened to my beloved, But my beloved withdrew -- he passed on, My soul went forth when he spake, I sought him, and found him not. I called him, and he answered me not.
Cross Reference Genesis 42:28 in Assamese 28 তাতে তেওঁ ভায়েক-ককায়েকসকলক ক’লে, “এই চোৱাহি, মোৰ ধনখিনি উভটাই দিছে। এয়া চোৱা, মোৰ বস্তাতেই সেই ধন আছে।” তেতিয়া তেওঁলোকৰ প্ৰাণ উড়ি গ’ল। তেওঁলোকে ভয়তে কঁপি কঁপি ইজনে সিজনৰ ফালে ঘূৰি ক’লে, “ঈশ্বৰে নো আমালৈ এইটো কি কৰিলে?”
1 Samuel 28:6 in Assamese 6 তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।
2 Samuel 16:10 in Assamese 10 কিন্তু ৰজাই ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত যিহোৱাই দায়ূদক শাও দে বুলি তাক কৈছে, ‘এনে স্থলত, সি শাও দিয়াত, তই এনে কিয় কৰিছ বুলি কোনে ক’ব?’”
Psalm 22:1 in Assamese 1 হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সাহার্য কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আতঁৰত থাকা?
Psalm 28:1 in Assamese 1 হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। কাৰণ, তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাঁতলৈ নামি যোৱাসকলৰ দৰে মোৰ দশা হ’ব।
Psalm 30:7 in Assamese 7 হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।
Psalm 69:3 in Assamese 3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাল গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
Psalm 77:3 in Assamese 3 মই যেতিয়া ঈশ্বৰক চিন্তা কৰো, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰো আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। চেলা
Psalm 80:4 in Assamese 4 হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?
Psalm 88:9 in Assamese 9 দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে; হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ; মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।
Proverbs 1:28 in Assamese 28 তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব;
Song of Solomon 3:1 in Assamese 1 কইনাৰ সপোন: ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; মই তেওঁক বিচাৰিলো, কিন্তু নাপালো;
Song of Solomon 5:2 in Assamese 2 প্রিয়াৰ কথা: মই টোপনিত আছিলো, কিন্তু মোৰ হৃদয় সাৰে আছিল, তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, “হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”
Song of Solomon 5:4 in Assamese 4 মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
Song of Solomon 6:1 in Assamese 1 যিৰূচালেমৰ ৰমণীসকলৰ কথা: হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল ? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰো।
Isaiah 8:17 in Assamese 17 যি জনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই যিহোৱালৈ বাট চাম, আৰু তেওঁ লৈ অপেক্ষা কৰিম।
Isaiah 12:1 in Assamese 1 সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
Isaiah 50:2 in Assamese 2 তাত কোনো এজন নাছিল তথাপি মই কিয় আহিছিলো? কোনো এজনে উত্তৰ দিয়া নাছিল তথাপি মই কিয় মাতিছিলো? তোমালোকক মুক্ত কৰিবলৈ মোৰ হাত ইমান চুটি নে? তোমালোকক উদ্ধাৰ কৰিবলৈ মোৰ কোনো শক্তি নাই নে? চোৱা, মোৰ ধমকিতেই মই সমুদ্ৰ শুকুৱাওঁ; মই নদীবোৰক মৰুভুমি কৰোঁ; পানীৰ অভাৱত তাত থকা মাছবোৰ মৰিব আৰু গেলিব।
Isaiah 54:6 in Assamese 6 কাৰণ আত্মাত শোক পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱনকালত বিয়া হৈ অগ্রাহ্য হোৱা মহিলাৰ দৰে, যিহোৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে, এই কথা তোমালোকৰ যিহোৱাই কৈছে।
Isaiah 57:16 in Assamese 16 কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম; কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীবন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব।
Isaiah 58:2 in Assamese 2 তথাপি তেওঁলোকে মোক প্রতিদিনে বিচাৰে, আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায়; নিজৰ ঈশ্বৰৰ বিধি ত্যাগ নকৰে আৰু অভ্যস্ত ধৰ্মৰ জাতিৰ দৰে তেওঁলোকে ধৰ্ম্মৰ বিচাৰবোৰ মোৰ পৰা খোজে, আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়।
Lamentations 3:8 in Assamese 8 যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।
Hosea 5:6 in Assamese 6 নিজৰ ভেড়া আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহোৱাক বিচাৰি যাব, কিন্তু তেওঁলোকে তেওঁক নাপাব; কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহোৱাই নিজক আতঁৰাই নিলে।
Hosea 5:15 in Assamese 15 মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”
Zechariah 7:13 in Assamese 13 যেতিয়া বাহিনীসকলৰ যিহোৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। ‘সেই একেধৰণে’ বাহিনীসকলৰ যিহোৱাই ক’লে,“তেওঁলোকে চিঞৰি মাতিব, কিন্তু মই নুশুনিম।
Matthew 15:22 in Assamese 22 সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি ক’বলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
Matthew 26:75 in Assamese 75 তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
Mark 14:72 in Assamese 72 তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তেতিয়া তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷
Luke 22:61 in Assamese 61 তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা’৷
Revelation 3:19 in Assamese 19 যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন-পালটোৱা।