Song of Solomon 5:1 in Assamese 1 প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলো; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালো; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।
Other Translations King James Version (KJV) I am come into my garden, my sister, my spouse: I have gathered my myrrh with my spice; I have eaten my honeycomb with my honey; I have drunk my wine with my milk: eat, O friends; drink, yea, drink abundantly, O beloved.
American Standard Version (ASV) I am come into my garden, my sister, `my' bride: I have gathered my myrrh with my spice; I have eaten my honeycomb with my honey; I have drunk my wine with my milk. Eat, O friends; Drink, yea, drink abundantly, O beloved.
Bible in Basic English (BBE) I have come into my garden, my sister, my bride; to take my myrrh with my spice; my wax with my honey; my wine with my milk. Take meat, O friends; take wine, yes, be overcome with love.
Darby English Bible (DBY) I am come into my garden, my sister, [my] spouse; I have gathered my myrrh with my spice; I have eaten my honeycomb with my honey; I have drunk my wine with my milk. Eat, O friends; drink, yea, drink abundantly, beloved ones!
World English Bible (WEB) I have come into my garden, my sister, my bride. I have gathered my myrrh with my spice; I have eaten my honeycomb with my honey; I have drunk my wine with my milk. Friends Eat, friends! Drink, yes, drink abundantly, beloved. Beloved
Young's Literal Translation (YLT) I have come in to my garden, my sister-spouse, I have plucked my myrrh with my spice, I have eaten my comb with my honey, I have drunk my wine with my milk. Eat, O friends, drink, Yea, drink abundantly, O beloved ones!
Cross Reference Deuteronomy 16:13 in Assamese 13 পাছত আপোনালোকৰ শস্য মৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব।
Deuteronomy 26:10 in Assamese 10 সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব।
2 Chronicles 31:6 in Assamese 6 আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তানসকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি থ’লে, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।
Psalm 16:3 in Assamese 3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
Psalm 147:11 in Assamese 11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
Proverbs 9:5 in Assamese 5 “আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।
Song of Solomon 4:9 in Assamese 9 মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; তোমাৰ চকুৰ এক চাৱনীৰে, তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা।
Song of Solomon 4:16 in Assamese 16 প্রিয়াৰ কথা: হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ; মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। মোৰ প্রিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়।
Song of Solomon 6:2 in Assamese 2 প্রিয়াৰ কথা: মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, সুগন্ধি মছলাৰ দলিচাখনলৈ; তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।
Song of Solomon 6:11 in Assamese 11 প্রিয়াৰ কথা: মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ। |
Song of Solomon 8:1 in Assamese 1 প্রিয়াৰ কথা অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন |
Song of Solomon 8:13 in Assamese 13 প্রিয়ৰ কথা: হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া।
Isaiah 5:1 in Assamese 1 মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
Isaiah 23:18 in Assamese 18 তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।
Isaiah 51:3 in Assamese 3 হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদেনৰ দৰে , আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
Isaiah 53:11 in Assamese 11 তেওৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধার্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।
Isaiah 55:1 in Assamese 1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
Isaiah 58:11 in Assamese 11 আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
Isaiah 61:11 in Assamese 11 কাৰণ পৃথিবীয়ে যিদৰে গছবোৰৰ পোখা মেলায়, আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহোৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্ম্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।
Isaiah 62:8 in Assamese 8 যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
Isaiah 65:13 in Assamese 13 প্ৰভু যিহেৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসসকলে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসসকলে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসসকলে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
Isaiah 66:14 in Assamese 14 এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসসকলৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
Zechariah 9:15 in Assamese 15 বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকে শত্ৰুৰ মঙহ খাব আৰু ফিঙ্গাৰ শিলস্বৰূপে সিহঁতক ভৰিৰ তলত গচকিব। তেতিয়া তেওঁলোকে সিহঁতৰ তেজ পান কৰিব আৰু দ্ৰাক্ষাৰস পান কৰি গোলমাল কৰাৰ দৰে গোলমাল কৰিব; আৰু তেজ ৰখা পাত্ৰৰ নিচিনাকৈ তেওঁলোক তেজেৰে পূৰ হ’ব আৰু যজ্ঞবেদীৰ চাৰি চুকৰ নিচিনা হ’ব।
Matthew 25:40 in Assamese 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
Luke 12:4 in Assamese 4 হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা।
Luke 15:6 in Assamese 6 এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেষ-পোৱালিটো পালোঁ’।
Luke 15:9 in Assamese 9 আৰু হেৰুৱাতো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটায় কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালোঁ’।
John 3:29 in Assamese 29 যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
John 14:21 in Assamese 21 যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
John 15:14 in Assamese 14 তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু।
Acts 11:29 in Assamese 29 তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহুদীয়াত নিবাস কৰা ভাই সকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ল’লে৷
2 Corinthians 9:11 in Assamese 11 এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হ’ব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
Ephesians 5:18 in Assamese 18 দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;
1 Thessalonians 3:8 in Assamese 8 কিয়নো আপোনালোক প্ৰভুত থিৰে থকাৰ বাবে আমি এতিয়া জীয়াই আছোঁ।
Hebrews 2:12 in Assamese 12 যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।”
Revelation 22:17 in Assamese 17 আত্মা আৰু কন্যাই কয়, “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।