Song of Solomon 3:11 in Assamese 11 হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।|
Other Translations King James Version (KJV) Go forth, O ye daughters of Zion, and behold king Solomon with the crown wherewith his mother crowned him in the day of his espousals, and in the day of the gladness of his heart.
American Standard Version (ASV) Go forth, O ye daughters of Zion, and behold king Solomon, With the crown wherewith his mother hath crowned him In the day of his espousals, And in the day of the gladness of his heart.
Bible in Basic English (BBE) Go out, O daughters of Jerusalem, and see King Solomon, with the crown which his mother put on his head on the day when he was married, and on the day of the joy of his heart.
Darby English Bible (DBY) Go forth, daughters of Zion, And behold king Solomon With the crown wherewith his mother crowned him In the day of his espousals, And in the day of the gladness of his heart.
World English Bible (WEB) Go forth, you daughters of Zion, and see king Solomon, With the crown with which his mother has crowned him, In the day of his weddings, In the day of the gladness of his heart. Lover
Young's Literal Translation (YLT) Go forth, and look, ye daughters of Zion, On king Solomon, with the crown, With which his mother crowned him, In the day of his espousals, And in the day of the joy of his heart!
Cross Reference Psalm 9:14 in Assamese 14 মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
Psalm 48:11 in Assamese 11 তোমাৰ ন্যায়বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ উল্লাসিত হওক ।
Song of Solomon 1:5 in Assamese 5 আন ৰমণীসকলৰ প্রতি : হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
Song of Solomon 2:7 in Assamese 7 হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্রেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
Song of Solomon 7:11 in Assamese 11 হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁবোৰত গৈ থাকোঁগৈ।
Song of Solomon 8:5 in Assamese 5 যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলো।
Isaiah 3:16 in Assamese 16 যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহঙ্কাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।
Isaiah 4:4 in Assamese 4 ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্রভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 53:11 in Assamese 11 তেওৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধার্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।
Isaiah 62:5 in Assamese 5 কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে, সেইদৰে তোমালোকৰ পুত্ৰসকলে তোমাক বিবাহ কৰিব; আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে, সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব।
Jeremiah 2:2 in Assamese 2 যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
Jeremiah 32:41 in Assamese 41 তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
Hosea 2:19 in Assamese 19 মই তোমাক চিৰকালৰ বাবে মোৰ ভার্যা কৰি ল’ম; ধার্মিকতা, ন্যায়বিচাৰ, গভীৰ প্রেম আৰু দয়াৰে মই তোমাক ভার্যা কৰি ল’ম।
Zephaniah 3:17 in Assamese 17 তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
Matthew 12:42 in Assamese 42 বিচাৰৰ দিনা এই কালৰ মানুহৰ সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
Luke 15:6 in Assamese 6 এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেষ-পোৱালিটো পালোঁ’।
Luke 15:23 in Assamese 23 পোহনীয়া দামুৰিতো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;
Luke 15:32 in Assamese 32 কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে’৷”
John 3:29 in Assamese 29 যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
John 15:11 in Assamese 11 মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।
Philippians 2:9 in Assamese 9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
Colossians 1:18 in Assamese 18 তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত, এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হ’ল।
Hebrews 2:9 in Assamese 9 তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।
Hebrews 13:13 in Assamese 13 এতেকে আহক, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ, ছাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁহক।
Revelation 1:7 in Assamese 7 চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
Revelation 5:9 in Assamese 9 আৰু তেখেত সকলে এটি নতুন গীত গালে: ‘নুৰাটো ল’বলৈ আৰু তাৰ চাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷
Revelation 19:7 in Assamese 7 আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেষ পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।”
Revelation 19:12 in Assamese 12 তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে, কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে।
Revelation 22:9 in Assamese 9 তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাৱবাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”