Song of Solomon 2:3 in Assamese 3 প্রিয়াৰ কথা:| বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
Other Translations King James Version (KJV) As the apple tree among the trees of the wood, so is my beloved among the sons. I sat down under his shadow with great delight, and his fruit was sweet to my taste.
American Standard Version (ASV) As the apple-tree among the trees of the wood, So is my beloved among the sons. I sat down under his shadow with great delight, And his fruit was sweet to my taste.
Bible in Basic English (BBE) As the apple-tree among the trees of the wood, so is my loved one among the sons. I took my rest under his shade with great delight, and his fruit was sweet to my taste.
Darby English Bible (DBY) As the apple-tree among the trees of the wood, So is my beloved among the sons: In his shadow have I rapture and sit down; And his fruit is sweet to my taste.
World English Bible (WEB) As the apple tree among the trees of the wood, So is my beloved among the sons. I sat down under his shadow with great delight, His fruit was sweet to my taste.
Young's Literal Translation (YLT) As a citron among trees of the forest, So `is' my beloved among the sons, In his shade I delighted, and sat down, And his fruit `is' sweet to my palate.
Cross Reference Genesis 3:22 in Assamese 22 তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়েহে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।”
Judges 9:15 in Assamese 15 কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সচাঁকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্ৰয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবাননৰ এৰচ গছবোৰকো পুৰি পেলাব।’
Judges 9:19 in Assamese 19 আজি যদি আপোনালোকে যিৰুব্বাল আৰু তেওঁৰ বংশলৈ ন্যায়পৰাণতা আৰু সততাৰে কার্য কৰি থাকে, তেন্তে অবীমেলকত যেন আপোনালোকে আনন্দ কৰে আৰু তেৱোঁ আপোনালোকত আনন্দ কৰক।
Psalm 45:2 in Assamese 2 মানুহৰ সন্তানসকলতকৈ তুমি পৰম সুন্দৰ; তোমাৰ ওঁঠযুৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে ।
Psalm 57:1 in Assamese 1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
Psalm 89:6 in Assamese 6 আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতসকলৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
Psalm 91:1 in Assamese 1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
Song of Solomon 2:5 in Assamese 5 কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছো।
Song of Solomon 4:16 in Assamese 16 প্রিয়াৰ কথা: হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ; মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। মোৰ প্রিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়।
Song of Solomon 5:9 in Assamese 9 যিৰূচালেমৰ ৰমণীসকলৰ কথা:| নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা?
Song of Solomon 5:16 in Assamese 16 তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।
Song of Solomon 8:5 in Assamese 5 যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলো।
Isaiah 4:2 in Assamese 2 সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।
Isaiah 4:6 in Assamese 6 এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ, আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰন হ’ব।
Isaiah 25:4 in Assamese 4 কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।
Isaiah 32:2 in Assamese 2 খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
Ezekiel 17:23 in Assamese 23 ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰোম; তেতিয়া সি ডাল মেলিব আৰু ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব; যাতে সকলো বিধৰ চৰাইয়ে তাৰ তলত বাস কৰিব আৰু তাৰ ডালবোৰৰ ছাঁত সিহঁতে বাস কৰিব।
Ezekiel 47:12 in Assamese 12 আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জলসমূহ ধৰ্ম্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব।
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 3:29 in Assamese 29 যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
John 15:1 in Assamese 1 “ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক।
Hebrews 1:1 in Assamese 1 পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
Hebrews 3:1 in Assamese 1 এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা পাঁচনি আৰু সেই মহা-পুৰোহিত।
Hebrews 7:23 in Assamese 23 লেবী সকলৰ অনেকেই এজনৰ পাছত আন জন পুৰোহিত হ’ল আৰু মৃত্যু হোৱাৰ কাৰণে কোনো এজনে অনন্তকাল পৰিচর্যা কৰি যাব নোৱাৰিলে।
Hebrews 12:2 in Assamese 2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
1 John 1:3 in Assamese 3 সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।
Revelation 22:1 in Assamese 1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেষ পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী,