Song of Solomon 1:8 in Assamese 8 প্রিয়ৰ কথা: তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ ভেড়াৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালীবোৰক ভেড়াৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।|
Other Translations King James Version (KJV) If thou know not, O thou fairest among women, go thy way forth by the footsteps of the flock, and feed thy kids beside the shepherds' tents.
American Standard Version (ASV) If thou know not, O thou fairest among women, Go thy way forth by the footsteps of the flock, And feed thy kids beside the shepherds' tents.
Bible in Basic English (BBE) If you have not knowledge, O most beautiful among women, go on your way in the footsteps of the flock, and give your young goats food by the tents of the keepers.
Darby English Bible (DBY) If thou know not, thou fairest among women, Go thy way forth by the footsteps of the flock, And feed thy kids beside the shepherds' booths.
World English Bible (WEB) If you don't know, most beautiful among women, Follow the tracks of the sheep. Graze your young goats beside the shepherds' tents.
Young's Literal Translation (YLT) If thou knowest not, O fair among women, Get thee forth by the traces of the flock, And feed thy kids by the shepherds' dwellings!
Cross Reference Psalm 16:3 in Assamese 3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
Psalm 45:11 in Assamese 11 তেতিয়াহে ৰজাই আপোনাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।
Psalm 45:13 in Assamese 13 ৰাজপ্রসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।
Proverbs 8:34 in Assamese 34 যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
Song of Solomon 1:15 in Assamese 15 প্রিয়ৰ কথা: চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
Song of Solomon 2:10 in Assamese 10 মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
Song of Solomon 4:1 in Assamese 1 চলোমনে কইনাৰ সৌন্দর্যৰ প্রশংসা কৰা প্রিয়ৰ কথা: প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি! তুমি সুন্দৰী। | ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা; তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা।
Song of Solomon 4:7 in Assamese 7 মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; তোমাত কোনো খুঁত নাই।
Song of Solomon 4:10 in Assamese 10 হে মোৰ প্রিয়া, মোৰ কইনাজনী, তোমাৰ ভালপোৱা কিমান যে মনমোহা! দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ ভালপোৱা আৰু সকলো সুগন্ধি দ্রব্যতকৈয়ো তোমাৰ ঘ্রাণৰ সৌৰভ কেনে উত্তম।
Song of Solomon 5:9 in Assamese 9 যিৰূচালেমৰ ৰমণীসকলৰ কথা:| নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা?
Song of Solomon 6:1 in Assamese 1 যিৰূচালেমৰ ৰমণীসকলৰ কথা: হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল ? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰো।
Song of Solomon 6:4 in Assamese 4 চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা: হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, যিৰূচালেমৰ নিচিনা মনোৰম, মোক সম্পূর্ণকৈ বিমুগ্ধ কৰিছা।
Song of Solomon 7:1 in Assamese 1 প্রিয়ৰ কথা: হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
1 Corinthians 11:1 in Assamese 1 মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
Ephesians 5:27 in Assamese 27 তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে, যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।
Hebrews 6:12 in Assamese 12 আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
Hebrews 11:4 in Assamese 4 বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়ে তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।
Hebrews 13:7 in Assamese 7 আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
James 2:21 in Assamese 21 আমাৰ পিতৃ অব্ৰাহামে বেদীৰ ওপৰত নিজ পুত্ৰ ইচহাকক উৎসৰ্গ কৰাৰ সময়ত, সেই কৰ্মৰ দ্বাৰাই ধার্মিক বুলি গণিত হোৱা নাছিল নে?
James 2:25 in Assamese 25 সেইদৰে ৰাহব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ বার্তাবাহক সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?
James 5:10 in Assamese 10 হে ভাই সকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ক্লেশ-সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে আৰ্হি বুলি মানিব।
1 Peter 3:6 in Assamese 6 সেইদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা মানিলে আৰু তেওঁৰ প্ৰভু বুলি মাতিলে। এতিয়া আপোনালোকেও যদি উচিত কৰ্ম কৰে আৰু আপোনালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহলে আপোনালোক তেওঁৰ জীয়ৰী৷
Revelation 19:7 in Assamese 7 আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেষ পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।”