Song of Solomon 1:4 in Assamese 4 (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰো; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।
Other Translations King James Version (KJV) Draw me, we will run after thee: the king hath brought me into his chambers: we will be glad and rejoice in thee, we will remember thy love more than wine: the upright love thee.
American Standard Version (ASV) Draw me; we will run after thee: The king hath brought me into his chambers; We will be glad and rejoice in thee; We will make mention of thy love more than of wine: Rightly do they love thee.
Bible in Basic English (BBE) Take me to you, and we will go after you: the king has taken me into his house. We will be glad and full of joy in you, we will give more thought to your love than to wine: rightly are they your lovers.
Darby English Bible (DBY) Draw me, we will run after thee! -- The king hath brought me into his chambers -- We will be glad and rejoice in thee, We will remember thy love more than wine. They love thee uprightly.
World English Bible (WEB) Take me away with you. Let us hurry. The king has brought me into his chambers. Friends We will be glad and rejoice in you. We will praise your love more than wine! Beloved They are right to love you.
Young's Literal Translation (YLT) Draw me: after thee we run, The king hath brought me into his inner chambers, We do joy and rejoice in thee, We mention thy loves more than wine, Uprightly they have loved thee!
Cross Reference Psalm 42:4 in Assamese 4 কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোকসমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
Psalm 45:14 in Assamese 14 নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।
Psalm 48:9 in Assamese 9 হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰো।
Psalm 63:5 in Assamese 5 লোকসকলে, যেতিয়া মগজু আৰু তেলীয়া মাংসত সন্তোষ্ট হয়, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
Psalm 98:4 in Assamese 4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
Psalm 103:1 in Assamese 1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
Psalm 111:4 in Assamese 4 তেওঁ নিজৰ আচৰিত কাৰ্য্যবোৰ স্মৰণীয় কৰিলে; যিহোৱা কৃপাময় আৰু দয়ালু।
Psalm 119:32 in Assamese 32 তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।
Psalm 119:60 in Assamese 60 মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলো, পলম নকৰিলো।
Psalm 149:2 in Assamese 2 ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তানসকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
Song of Solomon 1:2 in Assamese 2 প্রিয়াৰ কথা তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
Song of Solomon 2:3 in Assamese 3 প্রিয়াৰ কথা:| বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
Song of Solomon 3:4 in Assamese 4 তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই , মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো।
Isaiah 25:8 in Assamese 8 তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।
Isaiah 45:25 in Assamese 25 যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব।
Isaiah 61:3 in Assamese 3 চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
Isaiah 63:7 in Assamese 7 মই যিহোৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ, আৰু প্রশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক’ম; আৰু যিহোৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক’ম, আৰু ইস্রায়েলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক’ম। তেওঁৰ অনুগ্রহৰ কাৰণে এই সকলো দয়া আমাক দেখালে, আৰু বিশ্বসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে।
Jeremiah 31:3 in Assamese 3 যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
Hosea 11:4 in Assamese 4 মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।
Zephaniah 3:14 in Assamese 14 হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
Matthew 25:10 in Assamese 10 কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ’ল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷
Luke 2:10 in Assamese 10 দূতে তেওঁলোকক ক’লে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হ’ব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰিবলৈ আহিছোঁ।
Luke 22:19 in Assamese 19 তাৰ পাছত পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।”
John 6:44 in Assamese 44 যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
John 12:32 in Assamese 32 আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”
John 14:2 in Assamese 2 মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; ঠাই নথকা হ’লে তোমালোকক মই ক’লোহেঁতেন। সেয়েহে মই তোমালোকৰ বাবে ঠাই যুগুত কৰিবলৈ যাওঁ।
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
1 Corinthians 11:23 in Assamese 23 কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
Ephesians 2:6 in Assamese 6 তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।
Ephesians 6:24 in Assamese 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।
Philippians 2:12 in Assamese 12 এতেকে হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণৰ কৰ্ম সম্পন্ন কৰক৷
Philippians 3:3 in Assamese 3 কিয়নো আমি হে প্ৰকৃততে চু্ন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
Philippians 4:4 in Assamese 4 আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।
Hebrews 12:1 in Assamese 1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
1 Peter 1:8 in Assamese 8 তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷