Romans 8:39 in Assamese 39 ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
Other Translations King James Version (KJV) Nor height, nor depth, nor any other creature, shall be able to separate us from the love of God, which is in Christ Jesus our Lord.
American Standard Version (ASV) nor height, nor depth, nor any other creature, shall be able to separate us from the love of God, which is in Christ Jesus our Lord.
Bible in Basic English (BBE) Or things on high, or things under the earth, or anything which is made, will be able to come between us and the love of God which is in Christ Jesus our Lord.
Darby English Bible (DBY) nor height, nor depth, nor any other creature, shall be able to separate us from the love of God, which [is] in Christ Jesus our Lord.
World English Bible (WEB) nor height, nor depth, nor any other created thing, will be able to separate us from the love of God, which is in Christ Jesus our Lord.
Young's Literal Translation (YLT) nor things about to be, nor height, nor depth, nor any other created thing, shall be able to separate us from the love of god, that `is' in Christ Jesus our Lord.
Cross Reference Exodus 9:16 in Assamese 16 অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
Psalm 64:6 in Assamese 6 তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ; প্ৰত্যেকৰ আন্তৰিক ভাৱ আৰু হৃদয় গভীৰ।
Psalm 93:3 in Assamese 3 হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
Proverbs 20:5 in Assamese 5 মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে।
Isaiah 10:10 in Assamese 10 যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মুৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মুৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলো।
Isaiah 10:33 in Assamese 33 চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।
Isaiah 24:21 in Assamese 21 যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব।
Daniel 4:11 in Assamese 11 সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ’ল; আৰু সমগ্র পৃথিৱীৰ প্রান্তৰ পৰা তাক দেখা গ’ল।
Daniel 5:18 in Assamese 18 হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবুখদনেচৰক ৰজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।
Matthew 24:24 in Assamese 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
John 3:16 in Assamese 16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
John 10:28 in Assamese 28 মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
John 16:27 in Assamese 27 কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
John 17:26 in Assamese 26 তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।”
Romans 5:8 in Assamese 8 কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
Romans 8:35 in Assamese 35 খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে?
Romans 11:33 in Assamese 33 ঈশ্বৰ জ্ঞান আৰু বুদ্ধিত গভীৰ ভাবে ধনৱান! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
2 Corinthians 2:11 in Assamese 11 কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
2 Corinthians 11:3 in Assamese 3 কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
Ephesians 1:4 in Assamese 4 জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।
Ephesians 2:4 in Assamese 4 কিন্তু দয়াত উপচি পৰা ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে,
Ephesians 3:18 in Assamese 18 তাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে।
Colossians 3:3 in Assamese 3 কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে।
2 Thessalonians 2:4 in Assamese 4 ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, সেই অবাধ্যতাৰ পুৰুষে সকলোৰে বিৰুদ্ধে থিয় হৈ নিজকে ওখত প্রতিস্থিত কৰিব। এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি প্ৰচাৰ কৰি দেখুৱাব।
2 Thessalonians 2:9 in Assamese 9 চয়তানৰ শক্তিত সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্রম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
Titus 3:4 in Assamese 4 কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাব আৰু মনুষ্য জাতিলৈ তেওঁৰ প্ৰেম প্ৰকাশিত হ’ল,
1 John 4:9 in Assamese 9 ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে, তেওঁক জগতলৈ পঠালে, ইয়াতে আমাৰ বাবে ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ’ল৷
1 John 4:16 in Assamese 16 আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানো আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।
1 John 4:19 in Assamese 19 আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷
Revelation 2:24 in Assamese 24 কিন্তু থুয়াতীৰাত অৱশিষ্ট থকা তোমালোকৰ যি সকলে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু কিছুমানে কোৱা চয়তানৰ গভীৰ বিষয়বোৰক তোমালোকৰ যি সকলে নাজানা, তেওঁলোকক মই কওঁ- তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ,
Revelation 12:9 in Assamese 9 সেই ড্ৰেগন, যি দিয়াবল বা চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
Revelation 13:1 in Assamese 1 তেতিয়া মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ৷ তাৰ দহোটা শিং, সাতোটা মূৰ আছিল৷ তাৰ শিঙত দহোটা কিৰীটি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল।
Revelation 13:14 in Assamese 14 এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ’ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক’লে।
Revelation 19:20 in Assamese 20 তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰী-কোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।
Revelation 20:3 in Assamese 3 তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব।
Revelation 20:7 in Assamese 7 যেতিয়া সেই হাজাৰ বছৰ পুৰ হ’ব, চয়তান নিজ বন্দীশালৰ পৰা মুক্ত হ’ব আৰু,