Romans 8:34 in Assamese 34 দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।
Other Translations King James Version (KJV) Who is he that condemneth? It is Christ that died, yea rather, that is risen again, who is even at the right hand of God, who also maketh intercession for us.
American Standard Version (ASV) who is he that condemneth? It is Christ Jesus that died, yea rather, that was raised from the dead, who is at the right hand of God, who also maketh intercession for us.
Bible in Basic English (BBE) Who will give a decision against us? It is Christ Jesus who not only was put to death, but came again from the dead, who is now at the right hand of God, taking our part.
Darby English Bible (DBY) who is he that condemns? [It is] Christ who has died, but rather has been [also] raised up; who is also at the right hand of God; who also intercedes for us.
World English Bible (WEB) Who is he who condemns? It is Christ who died, yes rather, who was raised from the dead, who is at the right hand of God, who also makes intercession for us.
Young's Literal Translation (YLT) who `is' he that is condemning? Christ `is' He that died, yea, rather also, was raised up; who is also on the right hand of God -- who also doth intercede for us.
Cross Reference Job 33:24 in Assamese 24 তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।
Job 34:29 in Assamese 29 তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
Psalm 37:33 in Assamese 33 কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, বিচাৰত তেওঁলোকক দোষী নকৰিব।
Psalm 109:31 in Assamese 31 কিয়নো, তেওঁ অভাৱীজনৰ সোঁফালে থিয় হৈ থাকে, যেন মৃত্যুদণ্ডৰ ৰায় দিব খোজা বিচাৰকৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পাৰে।
Isaiah 53:12 in Assamese 12 সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।
Jeremiah 50:20 in Assamese 20 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
Matthew 20:28 in Assamese 28 মানুহৰ পুত্ৰই সেৱা শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈ আহিল৷”
Mark 16:19 in Assamese 19 এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
John 14:19 in Assamese 19 অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
John 16:23 in Assamese 23 সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
John 16:26 in Assamese 26 সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
John 17:20 in Assamese 20 মই কেৱল এওঁলোকৰ কাৰণে প্ৰার্থনা নকৰোঁ, কিন্তু এওঁলোকৰ বাক্যৰ দ্বাৰাই মোক বিশ্বাস কৰা সকলোৰে কাৰণে প্ৰার্থনা কৰোঁ,
Acts 7:56 in Assamese 56 স্তিফানে ক’লে, “চাওক, মই স্বর্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ।”
Romans 5:6 in Assamese 6 ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে।
Romans 8:1 in Assamese 1 এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই।
Romans 8:27 in Assamese 27 আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।
Romans 14:9 in Assamese 9 কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল।
Romans 14:13 in Assamese 13 এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিবেচনা কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
Galatians 3:13 in Assamese 13 খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠ(ক্ৰুচত)ত অৰাঁ হয়, তেওঁ শাপগ্ৰস্ত।”
Colossians 3:1 in Assamese 1 এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷
Hebrews 1:3 in Assamese 3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত মহিমাময় ঈশ্বৰৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
Hebrews 4:14 in Assamese 14 স্বর্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহা-পুৰোহিত আছে। তেওঁ ঈশ্বৰৰ পুত্র যীচু। গতিকে আহক, আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক।
Hebrews 7:25 in Assamese 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
Hebrews 8:1 in Assamese 1 এতিয়া আমি যি বিষয়ে ক’বলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে; যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
Hebrews 9:10 in Assamese 10 এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান; এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্ম-বিধি মাত্ৰ৷
Hebrews 9:24 in Assamese 24 কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
Hebrews 10:10 in Assamese 10 সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ হোৱাৰ দ্বাৰাই সকলো পবিত্ৰীকৃত হলোঁ।
Hebrews 10:19 in Assamese 19 এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷
Hebrews 12:1 in Assamese 1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
1 Peter 3:18 in Assamese 18 কিয়নো খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;
1 Peter 3:22 in Assamese 22 তেওঁ স্বৰ্গলৈ গ’ল৷ তেওঁ ঈশ্বৰৰ সোঁ-হাতে বহিল। স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷
1 John 2:1 in Assamese 1 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা* ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
Revelation 1:18 in Assamese 18 আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।