Romans 8:3 in Assamese 3 বিধান মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷
Other Translations King James Version (KJV) For what the law could not do, in that it was weak through the flesh, God sending his own Son in the likeness of sinful flesh, and for sin, condemned sin in the flesh:
American Standard Version (ASV) For what the law could not do, in that it was weak through the flesh, God, sending his own Son in the likeness of sinful flesh and for sin, condemned sin in the flesh:
Bible in Basic English (BBE) For what the law was not able to do because it was feeble through the flesh, God, sending his Son in the image of the evil flesh, and as an offering for sin, gave his decision against sin in the flesh:
Darby English Bible (DBY) For what the law could not do, in that it was weak through the flesh, God, having sent his own Son, in likeness of flesh of sin, and for sin, has condemned sin in the flesh,
World English Bible (WEB) For what the law couldn't do, in that it was weak through the flesh, God did, sending his own Son in the likeness of sinful flesh and for sin, he condemned sin in the flesh;
Young's Literal Translation (YLT) for what the law was not able to do, in that it was weak through the flesh, God, His own Son having sent in the likeness of sinful flesh, and for sin, did condemn the sin in the flesh,
Cross Reference Mark 15:27 in Assamese 27 তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক, এনেদৰে ক্ৰুচত দিলে।
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 3:14 in Assamese 14 মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
John 9:24 in Assamese 24 তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহ জনক দ্বিতীয় বাৰ মাতি ক’লে, “ঈশ্বৰৰ মহিমা কৰা; সেই মানুহ যে এজন পাপী তাক আমি জানো।”
Acts 13:39 in Assamese 39 আৰু মোচিৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে ন্যায্যতা প্ৰদান কৰিব পৰা নাই; সেই আটাই দোষৰ পৰা যীচুত বিশ্বাস কৰাৰ দ্বাৰাই সকলোৱে মুক্ত হয়, ইয়াক আপোনালোকে জানি লওঁক৷
Romans 3:20 in Assamese 20 কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।
Romans 6:6 in Assamese 6 আমি যেন পুনৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো;
Romans 7:5 in Assamese 5 কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
Romans 8:32 in Assamese 32 যি জনে নিজৰ পুত্ৰক অব্যাহতি দি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক তেওঁৰ সৈতে অনুগ্ৰহেৰে সকলো নিদিব নে?
Romans 9:3 in Assamese 3 কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।
2 Corinthians 5:21 in Assamese 21 তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।
Galatians 3:13 in Assamese 13 খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠ(ক্ৰুচত)ত অৰাঁ হয়, তেওঁ শাপগ্ৰস্ত।”
Galatians 3:21 in Assamese 21 তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় এনে নহয়! যদি জীৱন দিব পৰা, এনে এক বিধান থাকিলহেঁতেন, তেনেহলে ধাৰ্মিকতা সঁচাকৈ সেই বিধান পালন কৰাৰ দ্বাৰাই হ’লহেতেন।
Galatians 4:4 in Assamese 4 কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত জন্ম হোৱা,
Philippians 2:7 in Assamese 7 বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
Hebrews 2:14 in Assamese 14 ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে, সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
Hebrews 2:17 in Assamese 17 সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল, যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বাসযোগ্য মহা-পুৰোহিত হ’ব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
Hebrews 4:15 in Assamese 15 কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
Hebrews 7:18 in Assamese 18 পুৰণি বিধান দূৰ কৰা হ’ল, কাৰণ ই দুর্বল আৰু নিষ্ফল হৈ পৰিছিল।
Hebrews 10:1 in Assamese 1 কিয়নো বিধান ভাবি মঙ্গলৰ ছায়া বিশিষ্ট হৈ, বিধান সেইবোৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়৷ সেয়েহে যি সকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে, তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে; কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱা সকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে।
Hebrews 10:12 in Assamese 12 কিন্তু খ্ৰীষ্টে হ’লে, সকলো সময়ৰ বাবে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু ঈশ্বৰৰ সোঁফালে বহিল৷
Hebrews 10:14 in Assamese 14 কাৰণ তেওঁ পবিত্ৰ কৰা সকলক একমাত্ৰ উৎসৰ্গিত নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে।
1 Peter 2:24 in Assamese 24 তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠ(ক্ৰুচ)ৰ ওপৰলৈ নিলে৷ তেওঁৰ কোব খোৱা সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
1 Peter 4:1 in Assamese 1 এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
1 John 4:10 in Assamese 10 ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।