Romans 8:15 in Assamese 15 সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে।
Other Translations King James Version (KJV) For ye have not received the spirit of bondage again to fear; but ye have received the Spirit of adoption, whereby we cry, Abba, Father.
American Standard Version (ASV) For ye received not the spirit of bondage again unto fear; but ye received the spirit of adoption, whereby we cry, Abba, Father.
Bible in Basic English (BBE) For you did not get the spirit of servants again to put you in fear, but the spirit of sons was given to you, by which we say, Abba, Father.
Darby English Bible (DBY) For ye have not received a spirit of bondage again for fear, but ye have received a spirit of adoption, whereby we cry, Abba, Father.
World English Bible (WEB) For you didn't receive the spirit of bondage again to fear, but you received the Spirit of adoption, by whom we cry, "Abba{Abba is a Chaldee word for father or daddy, often used affectionately and respectfully in prayer to our Father in heaven.}! Father!"
Young's Literal Translation (YLT) for ye did not receive a spirit of bondage again for fear, but ye did receive a spirit of adoption in which we cry, `Abba -- Father.'
Cross Reference Exodus 20:19 in Assamese 19 তেওঁলোকে মোচিক ক’লে, “আপুনিয়ে আমাক কথা কওক; আমি শুনিম। কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক’বলৈ নিদিব, নহ’লে আমি মৰিম।”
Isaiah 56:5 in Assamese 5 তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।”
Jeremiah 3:19 in Assamese 19 আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম। আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা, আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
Mark 14:36 in Assamese 36 “আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই পান-পাত্ৰ আতৰাই দিয়া; কিন্তু মোৰ ইচ্ছাত নহয়, তোমাৰ ইচ্ছাৰে।”
Luke 8:28 in Assamese 28 সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু সি আহি যীচুৰ সন্মূখত পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।”
Luke 8:37 in Assamese 37 তেতিয়া গেৰাচেনীয়া সকলৰ প্ৰদেশৰ চাৰিওফালৰ মানুহে আহি তেওঁলোকৰ ওচৰৰ পৰা আতৰি যাবলৈ যীচুক অনুৰোধ কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।
Luke 11:2 in Assamese 2 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে প্ৰার্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ, তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক;
Luke 22:42 in Assamese 42 “হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।”
John 16:8 in Assamese 8 তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
John 20:17 in Assamese 17 যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
Acts 2:37 in Assamese 37 এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে ক’লে, “হে ভাইসকল, আমি এতিয়া কি কৰিম?”
Romans 8:16 in Assamese 16 আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে।
Romans 8:23 in Assamese 23 অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ।
1 Corinthians 2:12 in Assamese 12 আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ, যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে, সেইবোৰ যেন বুজি পাওঁ।
Galatians 4:5 in Assamese 5 তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃত হওঁ৷
Ephesians 1:5 in Assamese 5 ঈশ্বৰে প্রেমৰ দ্বাৰাই পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে।
Ephesians 1:11 in Assamese 11 ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ল’লে।
2 Timothy 1:7 in Assamese 7 কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু আত্ম-সংযমৰ আত্মা দিলে।
Hebrews 2:15 in Assamese 15 মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰি মিলন সাধন কৰিব পাৰে।
Hebrews 12:18 in Assamese 18 কিয়নো যেতিয়ালৈ অহা নাই স্পৰ্শনীয়, আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত, আন্ধাৰ, ধুমুহা,
James 2:19 in Assamese 19 ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে; ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।
1 John 4:18 in Assamese 18 প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷