Romans 7:18 in Assamese 18 কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।
Other Translations King James Version (KJV) For I know that in me (that is, in my flesh,) dwelleth no good thing: for to will is present with me; but how to perform that which is good I find not.
American Standard Version (ASV) For I know that in me, that is, in my flesh, dwelleth no good thing: for to will is present with me, but to do that which is good `is' not.
Bible in Basic English (BBE) For I am conscious that in me, that is, in my flesh, there is nothing good: I have the mind but not the power to do what is right.
Darby English Bible (DBY) For I know that in me, that is, in my flesh, good does not dwell: for to will is there with me, but to do right [I find] not.
World English Bible (WEB) For I know that in me, that is, in my flesh, dwells no good thing. For desire is present with me, but I don't find it doing that which is good.
Young's Literal Translation (YLT) for I have known that there doth not dwell in me, that is, in my flesh, good: for to will is present with me, and to work that which is right I do not find,
Cross Reference Genesis 6:5 in Assamese 5 যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
Genesis 8:21 in Assamese 21 যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলো, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
Job 14:4 in Assamese 4 অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
Job 15:14 in Assamese 14 মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
Job 25:4 in Assamese 4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্ম্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
Psalm 51:5 in Assamese 5 চোৱা, অধৰ্ম্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে ।
Psalm 119:5 in Assamese 5 ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক; মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰো!
Psalm 119:32 in Assamese 32 তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।
Psalm 119:40 in Assamese 40 চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাঙ্ক্ষা কৰি আছো; তোমাৰ ধাৰ্ম্মিকতাৰে মোক সঞ্জীৱিত কৰা।
Psalm 119:115 in Assamese 115 হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
Psalm 119:173 in Assamese 173 তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।
Psalm 119:176 in Assamese 176 হেৰোৱা ভেড়াৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।
Isaiah 64:6 in Assamese 6 কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্ম্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
Matthew 15:19 in Assamese 19 কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
Mark 7:21 in Assamese 21 কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,
Luke 11:13 in Assamese 13 এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা, তেনেহলে তাতকৈয়ো তোমালোকৰ স্বর্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”
John 3:6 in Assamese 6 শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
Romans 7:5 in Assamese 5 কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
Romans 7:15 in Assamese 15 কাৰণ মই যি সাধন কৰোঁ, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাও, তাকেই কৰোঁ।
Romans 7:19 in Assamese 19 কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ।
Romans 7:25 in Assamese 25 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম্ম কৰোঁ।
Romans 8:3 in Assamese 3 বিধান মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷
Romans 13:14 in Assamese 14 কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
Galatians 5:17 in Assamese 17 কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
Galatians 5:19 in Assamese 19 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,
Galatians 5:24 in Assamese 24 আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্ৰুচত দিলে৷
Ephesians 2:1 in Assamese 1 পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।
Philippians 2:13 in Assamese 13 কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
Philippians 3:12 in Assamese 12 মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই, সেই বাবে মই এতিয়াও সিদ্ধ হোৱা নাই; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক ধৰি ৰখা হ’ল, মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ পাব পাৰোঁ, তাৰ বাবে মই চলি আছোঁ।
Titus 3:3 in Assamese 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
1 Peter 4:2 in Assamese 2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷