Romans 3:5 in Assamese 5 কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ৷
Other Translations King James Version (KJV) But if our unrighteousness commend the righteousness of God, what shall we say? Is God unrighteous who taketh vengeance? (I speak as a man)
American Standard Version (ASV) But if our righteousness commendeth the righteousness of God, what shall we say? Is God unrighteous who visiteth with wrath? (I speak after the manner of men.)
Bible in Basic English (BBE) But if the righteousness of God is supported by our wrongdoing what is to be said? is it wrong for God to be angry (as men may say)?
Darby English Bible (DBY) But if our unrighteousness commend God's righteousness, what shall we say? Is God unrighteous who inflicts wrath? I speak according to man.
World English Bible (WEB) But if our unrighteousness commends the righteousness of God, what will we say? Is God unrighteous who inflicts wrath? I speak like men do.
Young's Literal Translation (YLT) And, if our unrighteousness God's righteousness doth establish, what shall we say? is God unrighteous who is inflicting the wrath? (after the manner of a man I speak)
Cross Reference Deuteronomy 32:39 in Assamese 39 এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; ময়ে মাৰো, আৰু ময়েই জীয়াওঁ; ময়ে ঘাঁ লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
Psalm 58:10 in Assamese 10 ঈশ্বৰে, যেতিয়া তেওঁলোকৰ প্রতিশোধ লোৱা দেখিব, তেতিয়া তাকে দেখি ধাৰ্ম্মিকলোকে আনন্দ কৰিব; তেওঁ নিজৰ ভৰি দুষ্টৰ তেজৰে ধুব।
Psalm 94:1 in Assamese 1 হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
Nahum 1:2 in Assamese 2 যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোঁতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।
Nahum 1:6 in Assamese 6 তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
Romans 2:5 in Assamese 5 কিন্তু আপোনাৰ কঠিনতা আৰু মন-পালটন নকৰা হৃদয়ে, ঈশ্বৰৰ ধাৰ্মিকতাপূৰ্ণ সোধ-বিচাৰৰ ন্যায় প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
Romans 3:7 in Assamese 7 কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেনেহলে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধ-বিচাৰ কৰা হয়?
Romans 3:19 in Assamese 19 আমি জানো যে, বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগতে ঈশ্বৰৰ সন্মুখত হিচাব দিবলৈ বাধ্য৷
Romans 3:25 in Assamese 25 কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্ৱাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ স্বৰ্গীয় ধৈৰ্য গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
Romans 4:1 in Assamese 1 তেনেহলে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক’ম?
Romans 6:1 in Assamese 1 তেনেহলে আমি কি ক’ম? অনুগ্ৰহ অধিক হ’বলৈ পাপ কৰি থাকিম নে?
Romans 6:19 in Assamese 19 আপোনালোকৰ মাংসৰ দুৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পূৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
Romans 7:7 in Assamese 7 তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ ‘কিয়নো তুমি লোভ নকৰিবা’, বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে সঁচাকৈ নাজানিলোহেঁতেন৷
Romans 8:20 in Assamese 20 কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে,
Romans 9:13 in Assamese 13 এই বিষয়ে লিখাও আছে: “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”
Romans 9:18 in Assamese 18 এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
Romans 12:19 in Assamese 19 হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
1 Corinthians 9:8 in Assamese 8 মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছোঁ? কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয়?
1 Corinthians 15:32 in Assamese 32 মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
Galatians 3:15 in Assamese 15 ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
2 Thessalonians 1:6 in Assamese 6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক নিশ্চয় ক্লেশ দিব,
Revelation 15:3 in Assamese 3 সেই লোক সকলে ঈশ্বৰৰ দাস মোচিৰ গীত আৰু সেই মেষ পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে জাতিবোৰ ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
Revelation 16:5 in Assamese 5 তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি তোমাৰ ন্যায়ত ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।
Revelation 18:20 in Assamese 20 “হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাৱবাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”