Romans 15:19 in Assamese 19 তেওঁ আচৰিত চিন আৰু আলৌকিক কার্যৰ শক্তি আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
Other Translations King James Version (KJV) Through mighty signs and wonders, by the power of the Spirit of God; so that from Jerusalem, and round about unto Illyricum, I have fully preached the gospel of Christ.
American Standard Version (ASV) in the power of signs and wonders, in the power of the Holy Spirit; so that from Jerusalem, and round about even unto Illyricum, I have fully preached the gospel of Christ;
Bible in Basic English (BBE) By signs and wonders, in the power of the Holy Spirit; so that from Jerusalem and round about as far as Illyricum I have given all the good news of Christ;
Darby English Bible (DBY) in [the] power of signs and wonders, in [the] power of [the] Spirit of God; so that I, from Jerusalem, and in a circuit round to Illyricum, have fully preached the glad tidings of the Christ;
World English Bible (WEB) in the power of signs and wonders, in the power of God's Spirit; so that from Jerusalem, and around as far as to Illyricum, I have fully preached the Gospel of Christ;
Young's Literal Translation (YLT) in power of signs and wonders, in power of the Spirit of God; so that I, from Jerusalem, and in a circle as far as Illyricum, have fully preached the good news of the Christ;
Cross Reference Matthew 12:28 in Assamese 28 কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতৰ আত্মাবোৰক খেদাও, তেনেহলে জানিব যে, ঈশ্বৰৰ ৰাজ্য অৱশ্যেই আপোনালোকৰ ওচৰ আহি পালে।
John 4:48 in Assamese 48 যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
Acts 1:8 in Assamese 8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হ’বা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ’বা।”
Acts 9:28 in Assamese 28 চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা-যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে।
Acts 13:4 in Assamese 4 এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ (চাইপ্ৰাইচ) দ্বীপলৈ গ’ল৷
Acts 13:14 in Assamese 14 পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই বহিল৷
Acts 13:51 in Assamese 51 তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷
Acts 14:6 in Assamese 6 কিন্তু পৌল আৰু বার্ণব্বাই এই বিষয়ে জানিবলৈ পোৱাত লুকায়নিয়া দেশৰ লুস্ত্রা ও দর্বী নগৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চললৈ পলাই গ’ল।
Acts 14:10 in Assamese 10 পৌলে তেতিয়া বৰ মাতেৰে লোক জনক ক’লে, “তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা।” তাতে মানুহ জন লাফ মাৰি উঠিল আৰু খোজকাঢ়ি ফুৰিবলৈ ধৰিলে।
Acts 14:20 in Assamese 20 কিন্তু শিষ্য সকল আহি তেওঁক আগুৰি ধৰি থিয় হ’ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ’ল। পিছদিনা পৌল, বার্ণব্বাৰে সৈতে দর্বী নগৰলৈ গ’ল।
Acts 14:25 in Assamese 25 তেওঁলোকে পর্গাত বাক্য প্রচাৰ কৰি আত্তালিয়ালৈ গ’ল।
Acts 15:12 in Assamese 12 তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
Acts 16:6 in Assamese 6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়া প্ৰদেশৰ মাজেদি গ’ল।
Acts 16:18 in Assamese 18 এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
Acts 17:10 in Assamese 10 সেই ৰাতিয়েই ভাই সকলে পৌল আৰু চীলক বিৰয়া চহৰলৈ পঠিয়াই দিলে। সেই চহৰ পোৱাৰ পাছত তেওঁলোকে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল।
Acts 17:15 in Assamese 15 যি সকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশলৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
Acts 18:1 in Assamese 1 ইয়াৰ পাছত পৌলে আথিনী এৰি কৰিন্থলৈ গ’ল।
Acts 18:19 in Assamese 19 ইয়াৰ পাছত তেওঁলোক যেতিয়া ইফিচ নগৰ পালে, প্ৰিষ্কিলা আৰু আক্কিলাক তাতে থাকিবলৈ দি পৌলে নিজে নাম-ঘৰত সোমাই ইহুদী সকলে সৈতে বাদ-বিচাৰ কৰিলে।
Acts 19:1 in Assamese 1 আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷
Acts 19:11 in Assamese 11 ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম কাৰ্য কৰালে যে,
Acts 20:1 in Assamese 1 পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্য সকলক মাতি আনিলে আৰু তেওঁলোকক উৎসাহিত কৰিলে; পাছত তেওঁ তাৰ পৰা বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল।
Acts 20:6 in Assamese 6 খমিৰ নোহোৱা পিঠাৰ দিন পাৰ হৈ যোৱাৰ পাছত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গ’লো, আৰু পাঁচ দিনত ত্ৰোৱাত তেওঁলোকক লগ পালোঁ; তাত সাত দিন থাকিলোঁ ৷
Acts 20:20 in Assamese 20 আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা ক’বলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো;
Acts 22:17 in Assamese 17 তাৰ পাছত মই যিৰূচালেমলৈ উলটি আহি মন্দিৰত প্ৰাৰ্থনা কৰি থাকোতে মুৰ্চ্ছা গ’লো৷
Romans 1:14 in Assamese 14 গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷
Romans 15:24 in Assamese 24 যেতিয়া মই স্পেন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে, মই আপোনালোকক দেখা পাম আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ, পাছত আপোনালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হ’ম৷
1 Corinthians 12:4 in Assamese 4 নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা এক;
2 Corinthians 12:12 in Assamese 12 আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভূত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই সঁচা পাঁচনিৰ সঁচা চিনবোৰ প্ৰকাশিত হৈছিল।
Galatians 3:5 in Assamese 5 গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
Colossians 1:25 in Assamese 25 সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰীবাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈ আছোঁ৷
2 Timothy 4:17 in Assamese 17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা ৰক্ষা পালোঁ।
Hebrews 2:4 in Assamese 4 ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।
1 Peter 1:12 in Assamese 12 এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷