Romans 12:6 in Assamese 6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
Other Translations King James Version (KJV) Having then gifts differing according to the grace that is given to us, whether prophecy, let us prophesy according to the proportion of faith;
American Standard Version (ASV) And having gifts differing according to the grace that was given to us, whether prophecy, `let us prophesy' according to the proportion of our faith;
Bible in Basic English (BBE) And having different qualities by reason of the grace given to us, such as the quality of a prophet, let it be made use of in relation to the measure of our faith;
Darby English Bible (DBY) But having different gifts, according to the grace which has been given to us, whether [it be] prophecy, [let us prophesy] according to the proportion of faith;
World English Bible (WEB) Having gifts differing according to the grace that was given to us, if prophecy, let us prophesy according to the proportion of our faith;
Young's Literal Translation (YLT) And having gifts, different according to the grace that was given to us; whether prophecy -- `According to the proportion of faith!'
Cross Reference Matthew 23:34 in Assamese 34 এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাৱবাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্ৰুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।
Luke 11:49 in Assamese 49 ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও ক’লে, ‘মই তেওঁলোকলৈ ভাৱবাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব’৷
Acts 2:17 in Assamese 17 ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা (পবিত্ৰ আত্মা) বাকি দিম, তেতিয়া তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
Acts 11:27 in Assamese 27 সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷
Acts 13:1 in Assamese 1 আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক হ’ল, - বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, ৰজা হেৰোদৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
Acts 15:32 in Assamese 32 যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
Acts 18:24 in Assamese 24 সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া চহৰৰ নিবাসী আছিল। তেওঁ এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।
Acts 21:9 in Assamese 9 তাত তেওঁৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল।
Romans 1:11 in Assamese 11 কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷
Romans 12:3 in Assamese 3 কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
1 Corinthians 1:5 in Assamese 5 আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত তেওঁৰ সৈতে সকলো বাক্যত আৰু জ্ঞানত উপচি পৰিছে।
1 Corinthians 4:6 in Assamese 6 প্রিয় ভাইসকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।
1 Corinthians 7:7 in Assamese 7 মোৰ ইচ্ছা, সকলোৱেই যেন মোৰ নিচিনা হয়। কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰ দান পাইছে, এজনে এক প্ৰকাৰে, আন জনে আন প্ৰকাৰে।
1 Corinthians 12:4 in Assamese 4 নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা এক;
1 Corinthians 12:28 in Assamese 28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্য কৰোতাসকলক, তাৰ পাছত সুস্থ কৰিব পৰা বৰ থকাসকলক, উপকাৰক সকলক, শাসন-পদ পোৱা সকলক আৰু নানা ভাষা কওতা সকলক নিযুক্ত কৰিলে।
1 Corinthians 13:2 in Assamese 2 যদি মই ভাববাণী কোৱা বৰ পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
1 Corinthians 14:1 in Assamese 1 আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
1 Corinthians 14:3 in Assamese 3 কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক আত্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয়।
1 Corinthians 14:24 in Assamese 24 সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু অবিশ্বাসী, সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেনেহলে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয়;
1 Corinthians 14:29 in Assamese 29 আৰু ভাববাদী দুই বা তিনি জনে কথা কওক, আন সকলে বিবেচনা কৰি চাওক।
1 Corinthians 14:31 in Assamese 31 কিয়নো অাপোনালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি, আন এজনক শিকাওক আৰু সকলোকে উদগাওক৷
2 Corinthians 8:12 in Assamese 12 কিয়নো যদি কার্য কৰিবলৈ আগ্ৰহ থাকে, তেনেহলে এইটো ভাল আৰু গ্ৰহণীয় বিষয়, কিন্তু ব্যক্তি জনৰ যি ভিত্তি আছে, সেই অনুসাৰে, তেওঁৰ যি নাই, সেই অনুসাৰে নহয়।
Ephesians 3:5 in Assamese 5 সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
Ephesians 4:11 in Assamese 11 সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হ’বলৈ দিলে।
Philippians 3:15 in Assamese 15 এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব।
1 Thessalonians 5:20 in Assamese 20 ভাৱবাণী হেয়জ্ঞান নকৰিব।
1 Peter 4:10 in Assamese 10 আপোনালোকে যেনেকৈ অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্বাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;