Romans 12:3 in Assamese 3 কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
Other Translations King James Version (KJV) For I say, through the grace given unto me, to every man that is among you, not to think of himself more highly than he ought to think; but to think soberly, according as God hath dealt to every man the measure of faith.
American Standard Version (ASV) For I say, through the grace that was given me, to every man that is among you, not to think of himself more highly than he ought to think; but to think as to think soberly, according as God hath dealt to each man a measure of faith.
Bible in Basic English (BBE) But I say to every one of you, through the grace given to me, not to have an over-high opinion of himself, but to have wise thoughts, as God has given to every one a measure of faith.
Darby English Bible (DBY) For I say, through the grace which has been given to me, to every one that is among you, not to have high thoughts above what he should think; but to think so as to be wise, as God has dealt to each a measure of faith.
World English Bible (WEB) For I say, through the grace that was given me, to every man who is among you, not to think of himself more highly than he ought to think; but to think reasonably, as God has apportioned to each person a measure of faith.
Young's Literal Translation (YLT) For I say, through the grace that was given to me, to every one who is among you, not to think above what it behoveth to think; but to think so as to think wisely, as to each God did deal a measure of faith,
Cross Reference Proverbs 16:18 in Assamese 18 বিনাশৰ পূর্ব্বে অহঙ্কাৰ আহে, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।
Proverbs 25:27 in Assamese 27 অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ ওপৰি সন্মান বিচৰাৰ দৰে হয়।
Proverbs 26:12 in Assamese 12 নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।
Ecclesiastes 7:16 in Assamese 16 নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্ম্মিক নহবা বা নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা; কিয় তুমি নিজকে ধ্বংস কৰিবা?
Micah 6:8 in Assamese 8 হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
Matthew 18:1 in Assamese 1 সেই সময়ত শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “প্ৰভু, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন?”
Luke 18:11 in Assamese 11 ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী (অধাৰ্মিক), নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
John 3:34 in Assamese 34 কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
Romans 1:5 in Assamese 5 তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ;
Romans 11:20 in Assamese 20 সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। নিজকে উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
Romans 11:25 in Assamese 25 কিয়নো, হে ভাইসকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
Romans 12:6 in Assamese 6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
Romans 12:16 in Assamese 16 আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মানত জ্ঞানী নহ’ব।
1 Corinthians 4:7 in Assamese 7 কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
1 Corinthians 7:17 in Assamese 17 প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।
1 Corinthians 12:7 in Assamese 7 কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
1 Corinthians 15:10 in Assamese 10 তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; অকল ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
2 Corinthians 12:7 in Assamese 7 আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় গৰ্ব নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট আছে, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
Galatians 6:3 in Assamese 3 কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
Ephesians 3:7 in Assamese 7 ঈশ্বৰে নিজৰ পৰাক্রম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।
Ephesians 4:7 in Assamese 7 খ্ৰীষ্টই যি পৰিমাণৰ অনুগ্ৰহ আমাৰ কাৰণে ৰাখিছে, সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে।
Ephesians 4:16 in Assamese 16 মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।
Philippians 2:3 in Assamese 3 আপোনালোকে বিৰোধ বা অনৰ্থক স্বাৰ্থপৰতাৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি ভাবক৷
1 Timothy 2:9 in Assamese 9 সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়;
1 Timothy 2:15 in Assamese 15 তথাপি যদি সুবোধেৰে সৈতে বিশ্ৱাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই ৰক্ষা পাব৷
Titus 2:2 in Assamese 2 বৃদ্ধ সকল আত্মসংযমী, সন্মান পোৱাৰ যোগ্য, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্যত নিৰাময় হওক৷
Titus 2:4 in Assamese 4 ইয়াৰ দ্বাৰা যুৱতী সকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুস্হিৰ হয়, পতিক প্ৰেম কৰোঁতা আৰু সন্তান-প্ৰিয়া হ’বলৈ উৎসাহিত হয়,
Titus 2:12 in Assamese 12 আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, আত্মসংযমী, ধার্মিক আৰু ভক্তিভাবেৰে এই বর্তমান জগতত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে।
James 4:6 in Assamese 6 কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
1 Peter 1:13 in Assamese 13 এতেকে মনৰ কঁকাল বান্ধক৷ আপোনালোকৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
1 Peter 4:7 in Assamese 7 কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
1 Peter 4:11 in Assamese 11 যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
1 Peter 5:5 in Assamese 5 সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
1 Peter 5:8 in Assamese 8 সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্রু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।