Romans 11:22 in Assamese 22 এতেকে ঈশ্বৰৰ স্নেহ আৰু নিৰ্দয় ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে নিৰ্দয় ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
Other Translations King James Version (KJV) Behold therefore the goodness and severity of God: on them which fell, severity; but toward thee, goodness, if thou continue in his goodness: otherwise thou also shalt be cut off.
American Standard Version (ASV) Behold then the goodness and severity of God: toward them that fell, severity; but toward thee, God's goodness, if thou continue in his goodness: otherwise thou also shalt be cut off.
Bible in Basic English (BBE) See then that God is good but his rules are fixed: to those who were put away he was hard, but to you he has been good, on the condition that you keep in his mercy; if not, you will be cut off as they were.
Darby English Bible (DBY) Behold then [the] goodness and severity of God: upon them who have fallen, severity; upon thee goodness of God, if thou shalt abide in goodness, since [otherwise] *thou* also wilt be cut away.
World English Bible (WEB) See then the goodness and severity of God. Toward those who fell, severity; but toward you, goodness, if you continue in his goodness; otherwise you also will be cut off.
Young's Literal Translation (YLT) Lo, then, goodness and severity of God -- upon those indeed who fell, severity; and upon thee, goodness, if thou mayest remain in the goodness, otherwise, thou also shalt be cut off.
Cross Reference Numbers 14:18 in Assamese 18 তুমি এই কথা কোৱামতে প্ৰভূৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
Deuteronomy 32:39 in Assamese 39 এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; ময়ে মাৰো, আৰু ময়েই জীয়াওঁ; ময়ে ঘাঁ লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
Joshua 23:15 in Assamese 15 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি কুশলৰ বাক্য কৈছিল, সেই সকলো যেনেকৈ তোমালোকৰ পক্ষে সিদ্ধ হ’ল, সেইদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোকক বিনষ্ট কৰি নেটায় মানে, তেওঁ তোমালোকলৈ সকলো অমঙ্গল-বাক্যও সিদ্ধ কৰিব।
Psalm 58:10 in Assamese 10 ঈশ্বৰে, যেতিয়া তেওঁলোকৰ প্রতিশোধ লোৱা দেখিব, তেতিয়া তাকে দেখি ধাৰ্ম্মিকলোকে আনন্দ কৰিব; তেওঁ নিজৰ ভৰি দুষ্টৰ তেজৰে ধুব।
Psalm 78:49 in Assamese 49 তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
Psalm 136:15 in Assamese 15 যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্যসমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Isaiah 66:14 in Assamese 14 এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসসকলৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
Ezekiel 3:20 in Assamese 20 যদি এজন ধাৰ্ম্মিক লোকে নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰ মই সোঁৱৰণ নকৰো; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।
Ezekiel 18:24 in Assamese 24 কিন্তু যদি ধাৰ্ম্মিজনে তেওঁৰ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।
Ezekiel 33:17 in Assamese 17 তথাপি তোমাৰ জাতিৰ সন্তানসকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়!
Matthew 3:9 in Assamese 9 আপোনালোকে নিজৰ মনতে “আমাৰ পিতৃপুৰুষ অব্ৰাহাম আছে” বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
Luke 8:15 in Assamese 15 কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে।
John 8:31 in Assamese 31 যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে আপোনালোক প্ৰকৃততে মোৰ শিষ্য;
John 15:2 in Assamese 2 যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰত পুনৰ অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে।
John 15:4 in Assamese 4 তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হ’ব নোৱাৰিবা।
Acts 11:23 in Assamese 23 তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত বিশ্বাসযোগ্য হৈ থাকিবলৈ সকলোকে উদগালে৷
Acts 14:22 in Assamese 22 তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
Romans 2:4 in Assamese 4 নে আপুনি তেওঁৰ স্নেহশীল, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ স্নেহশীলতাই আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
Romans 9:22 in Assamese 22 ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে,
1 Corinthians 15:2 in Assamese 2 আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
Galatians 6:9 in Assamese 9 আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
1 Thessalonians 3:5 in Assamese 5 সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলো। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।
1 Thessalonians 3:8 in Assamese 8 কিয়নো আপোনালোক প্ৰভুত থিৰে থকাৰ বাবে আমি এতিয়া জীয়াই আছোঁ।
Hebrews 3:6 in Assamese 6 কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ বিশ্বাসযোগ্য। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহত আমি সকলোৱে বিশ্বাসী হওঁ।
Hebrews 3:14 in Assamese 14 আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;
Hebrews 10:23 in Assamese 23 এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশাক অবিশ্বাস নকৰি দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসযোগ্য।
Hebrews 10:35 in Assamese 35 এতেকে আপোনালোকে আত্মবিশ্বাস নেহেৰুৱাব, এই আত্মবিশ্বাসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷
1 John 2:19 in Assamese 19 তেওঁলোক আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।
Jude 1:20 in Assamese 20 কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;
Revelation 2:5 in Assamese 5 এতেকে তুমি ক’ৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা। মন-পালটন কৰা আৰু প্রথমে কৰা কার্যকে তুমি কৰা। যদি মন-পালটন নকৰা, তেনেহলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম।