Romans 1:13 in Assamese 13 হে ভাইসকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷
Other Translations King James Version (KJV) Now I would not have you ignorant, brethren, that oftentimes I purposed to come unto you, (but was let hitherto,) that I might have some fruit among you also, even as among other Gentiles.
American Standard Version (ASV) And I would not have you ignorant, brethren, that oftentimes I purposed to come unto you (and was hindered hitherto), that I might have some fruit in you also, even as in the rest of the Gentiles.
Bible in Basic English (BBE) You may be certain, my brothers, that it has frequently been in my mind to come to you (but till now I was kept from it), so that I might have some fruit from you in the same way as I have had it from the other nations.
Darby English Bible (DBY) But I do not wish you to be ignorant, brethren, that I often proposed to come to you, (and have been hindered until the present time,) that I might have some fruit among you too, even as among the other nations also.
World English Bible (WEB) Now I don't desire to have you unaware, brothers, that I often planned to come to you, and was hindered so far, that I might have some fruit among you also, even as among the rest of the Gentiles.
Young's Literal Translation (YLT) And I do not wish you to be ignorant, brethren, that many times I did purpose to come unto you -- and was hindered till the present time -- that some fruit I might have also among you, even as also among the other nations.
Cross Reference Isaiah 27:6 in Assamese 6 ভবিষ্যত দিনত যাকোবে শিপা ধৰিব; ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূ-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।”
John 4:36 in Assamese 36 যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে।
John 12:24 in Assamese 24 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
John 15:16 in Assamese 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
Acts 14:27 in Assamese 27 আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।
Acts 15:12 in Assamese 12 তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
Acts 16:6 in Assamese 6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়া প্ৰদেশৰ মাজেদি গ’ল।
Acts 19:21 in Assamese 21 এই কার্য সম্পন্ন হোৱাত পৌলে মাকিদনিয়া আৰু আখায়া প্ৰদেশেদি ফুৰি যিৰূচালেমলৈ যাবৰ বাবে মন কৰিলে আৰু ক’লে, “তালৈ যোৱাৰ পাছত মই ৰোম নগৰকো দেখা পাব লাগিব।”
Acts 21:19 in Assamese 19 পাছত তেওঁ তেওঁলোকক মঙ্গলবাদ কৰিলে, আৰু ঈশ্বৰে তেওঁৰ পৰিচর্যাৰ দ্বাৰাই অনা-ইহুদী লোকৰ মাজত যি যি কৰিলে; সেই বিষয়ে এটা এটাকৈ বর্ণনা কৰিলে৷
Romans 11:25 in Assamese 25 কিয়নো, হে ভাইসকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
Romans 15:18 in Assamese 18 কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা ক’বলৈ সাহস নকৰোঁ৷
Romans 15:22 in Assamese 22 এই কাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালোঁ;
1 Corinthians 9:2 in Assamese 2 মই অানলোকলৈ পাঁচনি নহ’লেও, একমাত্ৰ আপোনালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানে; কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ মোহৰ আপোনালোকেই৷
1 Corinthians 10:1 in Assamese 1 হে প্ৰিয় ভাইসকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷
1 Corinthians 12:1 in Assamese 1 হে ভাইসকল, আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
2 Corinthians 1:8 in Assamese 8 কিয়নো, হে ভাই সকল, এচিয়াত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
2 Corinthians 1:15 in Assamese 15 কাৰণ এই বিষয়লৈ মই দৃঢ় প্ৰত্যয়েৰে প্ৰথমে আপোনালোকৰ ওচৰলৈ যাম, তাতে আপোনালোকে দুগুণ আনন্দ পাবলৈ দ্বিতীয় বাৰো যাব পাৰিম।
2 Corinthians 2:14 in Assamese 14 কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
2 Corinthians 10:13 in Assamese 13 কিন্তু আমি হ’লে অপৰিমিত ৰূপে গৰ্ব নকৰো, কিন্তু ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি, আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে, আমি সেই পৰিমাণ অনুসাৰে গৰ্ব কৰিম।
Philippians 4:17 in Assamese 17 মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
Colossians 1:6 in Assamese 6 আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই এই শুভবাৰ্তাই আপোনালোকৰ মাজত যেনেকৈ ফল ধৰিছিল, তেনেকৈ গোটেই জগততে উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷
1 Thessalonians 1:8 in Assamese 8 মাত্র মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।
1 Thessalonians 2:13 in Assamese 13 এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিল, আৰু এই বাক্য সত্যৰূপে ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
1 Thessalonians 2:18 in Assamese 18 এই কাৰণে আমি, প্ৰকৃততে মই পৌলে দুই এবাৰ আপোনালোকৰ ওচৰলৈ যাব খুজিছিলোঁ; কিন্তু চয়তানে আমাক বাধা জন্মালে।
1 Thessalonians 4:13 in Assamese 13 প্রিয় ভাই সকল, যি সকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
2 Thessalonians 2:7 in Assamese 7 কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই এতিয়াও কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব।
2 Timothy 4:17 in Assamese 17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা ৰক্ষা পালোঁ।