Revelation 9:21 in Assamese 21 তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।
Other Translations King James Version (KJV) Neither repented they of their murders, nor of their sorceries, nor of their fornication, nor of their thefts.
American Standard Version (ASV) and they repented not of their murders, nor of their sorceries, nor of their fornication, nor of their thefts.
Bible in Basic English (BBE) And they had no regret for putting men to death, or for their use of secret arts, or for the evil desires of the flesh, or for taking the property of others.
Darby English Bible (DBY) And they repented not of their murders, nor of their witchcrafts, nor of their fornication, nor of their thefts.
World English Bible (WEB) They didn't repent of their murders, nor of their sorceries,{The word for "sorceries" (pharmakeia) also implies the use of potions, poisons, and drugs} nor of their sexual immorality, nor of their thefts.
Young's Literal Translation (YLT) yea they did not reform from their murders, nor from their sorceries, nor from their whoredoms, nor from their thefts.
Cross Reference Isaiah 47:9 in Assamese 9 কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকৰ্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।
Isaiah 47:12 in Assamese 12 যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকৰ্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা।
Isaiah 57:3 in Assamese 3 কিন্তু তন্ত্র-মন্ত্র কৰা লোকৰ পুত্রসকল, ব্যভিচাৰী আৰু যি মহিলাই নিজকে বেশ্যা কৰিলে, তেওঁলোকৰ সন্তানসকল ওচৰলৈ আহা।
Daniel 7:21 in Assamese 21 মই চাই থাকোঁতেই সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে;
Daniel 11:33 in Assamese 33 মানুহৰ মাজৰ জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব; কিন্তু কিছুদিনৰ বাবে তৰোৱাল, আৰু অগ্নিশিখাৰে পতিত হ’ব, তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ’ব, আৰু তেওঁলোকৰ সা-সম্পত্তি লুট কৰা হ’ব।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Matthew 15:19 in Assamese 19 কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
2 Corinthians 12:21 in Assamese 21 তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
Galatians 5:20 in Assamese 20 মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,
Revelation 11:7 in Assamese 7 তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰিব, যুদ্ধ কৰি তেওঁলোকক জয় কৰিব, আৰু তেওঁলোকক বধ কৰিব।
Revelation 13:7 in Assamese 7 সেই পশুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক অনুমতি দিয়া হ’ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ’ল।
Revelation 13:13 in Assamese 13 সি নানা আলৌকিক চিন দেখুৱায়; এনে কি, লোক সকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়৷
Revelation 13:15 in Assamese 15 তাক সেই পশুৰ প্ৰতিমূৰ্তিত প্ৰাণ-বায়ু দিবলৈ ক্ষমতা দিয়া হ’ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক’ব পাৰে আৰু সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰা সকলক যেন বধ কৰাৰ আদেশ দিব পাৰে৷
Revelation 14:8 in Assamese 8 তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে (বেবিলনে) নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল (মহা বেবিলন) পৰিল, পৰিল।”
Revelation 16:6 in Assamese 6 যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাৱবাদী সকলৰ ৰক্তপাত কৰিলে, আৰু তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”
Revelation 17:2 in Assamese 2 তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”
Revelation 17:5 in Assamese 5 আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল (বেবিলন), পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।”
Revelation 18:3 in Assamese 3 কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”
Revelation 18:23 in Assamese 23 চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ দৰা আৰু কন্যাৰ মাত, তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।
Revelation 19:2 in Assamese 2 তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে, সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে৷”
Revelation 21:8 in Assamese 8 কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভিচাৰী, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে, জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”
Revelation 22:15 in Assamese 15 কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভিচাৰীবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।