Revelation 6:12 in Assamese 12 পাছত মেষ পোৱালিটোৱে যেতিয়া ষষ্ঠ ছাবটো মেলিলে, তেতিয়া মই চাই দেখিলোঁ যে, মহা-ভুমিকম্প হ’বলৈ ধৰিলে; আৰু চট কাপোৰৰ নিচিনা সূৰ্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
Other Translations King James Version (KJV) And I beheld when he had opened the sixth seal, and, lo, there was a great earthquake; and the sun became black as sackcloth of hair, and the moon became as blood;
American Standard Version (ASV) And I saw when he opened the sixth seal, and there was a great earthquake; and the sun became black as sackcloth of hair, and the whole moon became as blood;
Bible in Basic English (BBE) And I saw when the sixth stamp was undone, and there was a great earth-shock; and the sun became black as haircloth, and all the moon became as blood;
Darby English Bible (DBY) And I saw when it opened the sixth seal, and there was a great earthquake; and the sun became black as hair sackcloth, and the whole moon became as blood,
World English Bible (WEB) I saw when he opened the sixth seal, and there was a great earthquake. The sun became black as sackcloth made of hair, and the whole moon became as blood.
Young's Literal Translation (YLT) And I saw when he opened the sixth seal, and lo, a great earthquake came, and the sun became black as sackcloth of hair, and the moon became as blood,
Cross Reference 1 Kings 19:11 in Assamese 11 যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।
Isaiah 13:9 in Assamese 9 চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ, যিহোৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে।
Isaiah 24:23 in Assamese 23 তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব।
Isaiah 29:6 in Assamese 6 মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব।
Isaiah 50:3 in Assamese 3 মই আন্ধাৰেৰে আকাশ আচ্ছাদিত কৰোঁ, আৰু চট কাপোৰেৰে ইয়াক ঢাকি ধৰোঁ।
Isaiah 60:19 in Assamese 19 দিনত সূৰ্য্য তোমাৰ দীপ্তি আৰু নহ’ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতিঃ, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব।
Ezekiel 32:7 in Assamese 7 আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্য্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।
Joel 2:10 in Assamese 10 সিহঁতৰ আগত পৃথিবী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
Joel 2:30 in Assamese 30 মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।
Joel 3:15 in Assamese 15 সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে।
Amos 1:1 in Assamese 1 আমোচ তকোৱাৰ ভেড়াৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া যিহূদাৰ ৰজা আছিল উজ্জিয়া আৰু ইস্রায়েলৰ ৰজা আছিল যোৱাচৰ পুত্র যাৰবিয়াম। ভূমিকম্পৰ দুবছৰৰ আগেয়ে ইস্ৰায়েলৰ বিষয়ে আমোচে এই সকলো দৰ্শন পায়।
Amos 8:9 in Assamese 9 প্ৰভু যিহোৱাই এই কথা কৈছে: “সেই দিনা মই দুপৰীয়াতে সূৰ্য্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম।
Haggai 2:6 in Assamese 6 কাৰণ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘খন্তেক পাছতে, মই আৰু এবাৰ আকাশ-মণ্ডল, পৃথিবী, সমুদ্ৰ আৰু শুকান ভূমি কঁপাম!
Haggai 2:21 in Assamese 21 “যিহূদাৰ শাসনকৰ্ত্তা জৰুব্বাবিলক কোৱা, মই আকাশ-মণ্ডল আৰু পৃথিবী কঁপাম;
Zechariah 14:5 in Assamese 5 তেতিয়া তোমালোকে মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আচললৈকে বিস্তৃত হ’ব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; তেতিয়া মোৰ ঈশ্বৰ যিহোৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব।
Matthew 24:7 in Assamese 7 জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷
Matthew 24:29 in Assamese 29 কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
Matthew 27:45 in Assamese 45 পাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
Matthew 27:54 in Assamese 54 পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, “এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
Matthew 28:2 in Assamese 2 চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
Mark 13:24 in Assamese 24 কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত, সুৰ্য্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব
Mark 15:33 in Assamese 33 পাছত বাৰ মান বজাৰ পৰা তিনি বজালৈকে গোটেই দেশ আন্ধাৰ হ’ল।
Luke 23:44 in Assamese 44 তেতিয়া বাৰ মান বজাৰ সময় হ’ল আৰু তিনি বজালৈকে গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
Acts 2:19 in Assamese 19 আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
Revelation 8:5 in Assamese 5 পাছত দূতে ধুপবাতি লৈ, তাত বেদীৰ পৰা জুই ভৰাই ল’লে৷ আৰু যেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তেতিয়া মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
Revelation 11:13 in Assamese 13 সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
Revelation 16:18 in Assamese 18 তেতিয়া বিজুলী, গুজৰনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷