Revelation 4:11 in Assamese 11 ‘হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”
Other Translations King James Version (KJV) Thou art worthy, O Lord, to receive glory and honour and power: for thou hast created all things, and for thy pleasure they are and were created.
American Standard Version (ASV) Worthy art thou, our Lord and our God, to receive the glory and the honor and the power: for thou didst create all things, and because of thy will they were, and were created.
Bible in Basic English (BBE) It is right, our Lord and our God, for you to have glory and honour and power: because by you were all things made, and by your desire they came into being.
Darby English Bible (DBY) Thou art worthy, O our Lord and [our] God, to receive glory and honour and power; for *thou* hast created all things, and for thy will they were, and they have been created.
World English Bible (WEB) "Worthy are you, our Lord and God, the Holy One,{TR omits "and God, the Holy One,"} to receive the glory, the honor, and the power, for you created all things, and because of your desire they existed, and were created!"
Young's Literal Translation (YLT) `Worthy art Thou, O Lord, to receive the glory, and the honour, and the power, because Thou -- Thou didst create the all things, and because of Thy will are they, and they were created.'
Cross Reference Genesis 1:1 in Assamese 1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Exodus 20:11 in Assamese 11 কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
2 Samuel 22:4 in Assamese 4 প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
1 Chronicles 16:28 in Assamese 28 জাতি সমূহৰ লোকসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গৌৰৱ আৰু শক্তি আৰোপ কৰা। যিহোৱাৰ উদ্দেশে গৌৰৱ আৰু শক্তি দিয়া;
Nehemiah 9:5 in Assamese 5 তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদমীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হুদীয়া, চাবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্ব্ৱাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
Job 36:3 in Assamese 3 মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্ম্মিকতা-গুণৰ বৰ্ণনা কৰিম।
Psalm 18:3 in Assamese 3 যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।
Psalm 29:1 in Assamese 1 হে ঈশ্বৰৰ সন্তানসকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
Psalm 68:34 in Assamese 34 ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
Psalm 96:7 in Assamese 7 হে জাতিবোৰৰ জনগোষ্ঠীসমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।
Proverbs 16:4 in Assamese 4 যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
Isaiah 40:26 in Assamese 26 আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
Isaiah 40:28 in Assamese 28 তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
Jeremiah 10:11 in Assamese 11 তোমালোকে তেওঁলোকক এই কথা কোৱা, ‘যি দেৱতাবোৰে আকাশ-মণ্ডল স্ৰজন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা, আকাশ-মণ্ডলৰ তলৰ পৰা উচ্ছন্ন হব।’
Jeremiah 32:17 in Assamese 17 “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
Acts 14:15 in Assamese 15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, এই জগত, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেইজনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
Acts 17:24 in Assamese 24 ঈশ্বৰ, যি জন এই জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু এই জগতৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
Romans 11:36 in Assamese 36 কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
Ephesians 3:9 in Assamese 9 আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল।
Colossians 1:16 in Assamese 16 কিয়নো যি যি স্বৰ্গত আৰু এই জগতত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
Hebrews 1:2 in Assamese 2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হ’বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে।
Hebrews 1:10 in Assamese 10 “হে প্ৰভু, তুমি আদিতে এই জগতৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷
Revelation 5:2 in Assamese 2 মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে, যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”?
Revelation 5:9 in Assamese 9 আৰু তেখেত সকলে এটি নতুন গীত গালে: ‘নুৰাটো ল’বলৈ আৰু তাৰ চাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷
Revelation 5:12 in Assamese 12 তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেষ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।
Revelation 10:6 in Assamese 6 আকাশমণ্ডল আৰু তাত যি যি আছে, এই জগত আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্ত্তা চিৰকাল জীয়াই থকা যি জনা, সেই জীৱন্ত জনাৰ নাম লৈ তেওঁ শপত খালে যে, “আৰু পলম নহ’ব৷
Revelation 14:7 in Assamese 7 তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, এই জগত, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।