Revelation 3:18 in Assamese 18 এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷
Other Translations King James Version (KJV) I counsel thee to buy of me gold tried in the fire, that thou mayest be rich; and white raiment, that thou mayest be clothed, and that the shame of thy nakedness do not appear; and anoint thine eyes with eyesalve, that thou mayest see.
American Standard Version (ASV) I counsel thee to buy of me gold refined by fire, that thou mayest become rich; and white garments, that thou mayest clothe thyself, and `that' the shame of thy nakedness be not made manifest; and eyesalve to anoint thine eyes, that thou mayest see.
Bible in Basic English (BBE) If you are wise you will get from me gold tested by fire, so that you may have true wealth; and white robes to put on, so that your shame may not be seen; and oil for your eyes, so that you may see.
Darby English Bible (DBY) I counsel thee to buy of me gold purified by fire, that thou mayest be rich; and white garments, that thou mayest be clothed, and that the shame of thy nakedness may not be made manifest; and eye-salve to anoint thine eyes, that thou mayest see.
World English Bible (WEB) I counsel you to buy from me gold refined by fire, that you may become rich; and white garments, that you may clothe yourself, and that the shame of your nakedness may not be revealed; and eye salve to anoint your eyes, that you may see.
Young's Literal Translation (YLT) I counsel thee to buy from me gold fired by fire, that thou mayest be rich, and white garments that thou mayest be arrayed, and the shame of thy nakedness may not be manifest, and with eye-salve anoint thine eyes, that thou mayest see.
Cross Reference Psalm 16:7 in Assamese 7 যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
Psalm 32:8 in Assamese 8 মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম ।
Psalm 73:24 in Assamese 24 তুমি তোমাৰ উপদেশৰে মোক পথ দেখুৱাবা, পৰবর্তীসময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
Psalm 107:11 in Assamese 11 কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামর্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
Proverbs 1:25 in Assamese 25 কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ উপেক্ষা কৰিলা; আৰু মোৰ দোষাৰোপলৈ মনোযোগ নিদিলা।
Proverbs 1:30 in Assamese 30 তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে, আৰু তেওঁলোকে মোৰ সকলো শাসন প্রণালী হেয়জ্ঞান কৰে।
Proverbs 19:20 in Assamese 20 তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
Proverbs 23:23 in Assamese 23 সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্ৰজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
Ecclesiastes 8:2 in Assamese 2 মই তোমাক উপদেশ দিওঁ যে ৰজাক প্রতিৰক্ষা দিয়া ঈশ্বৰৰ শপতৰ কাৰণে তুমি ৰজাৰ আজ্ঞা পালন কৰা।
Isaiah 47:3 in Assamese 3 তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।
Isaiah 55:1 in Assamese 1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
Jeremiah 13:26 in Assamese 26 সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।
Daniel 12:2 in Assamese 2 পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।
Micah 1:11 in Assamese 11 বিবস্ত্ৰ আৰু লজ্জিত হৈ চাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা। চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে বৈৎ-এচেলে বিলাপ কৰিলে।
Nahum 3:5 in Assamese 5 বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতিসকলক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
Malachi 3:3 in Assamese 3 তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তানসকলক শুচি কৰিব; সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্ম্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব।
Matthew 13:44 in Assamese 44 “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
Matthew 25:9 in Assamese 9 কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক’লে, ‘কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনাগৈ’।
Luke 12:21 in Assamese 21 ঠিক এইদৰে যিজনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়, তেওঁ তেনেকুৱা লোক।”
John 9:6 in Assamese 6 এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে।
1 Corinthians 3:12 in Assamese 12 এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে কোনোৱে সাজে,
2 Corinthians 5:3 in Assamese 3 বাস্তৱিকতে তাৰে ঢকা হ’লে, আমি উলঙ্গ হৈ নপৰিম।
2 Corinthians 8:9 in Assamese 9 কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
1 Timothy 6:18 in Assamese 18 তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই ল’বলৈকো ইচ্ছুক হ’বলৈ কোৱা উচিত।
James 2:5 in Assamese 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
1 Peter 1:7 in Assamese 7 অাপোনালোকৰ এই বিশ্বাস সঁচাকৈ পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্ৱাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
1 John 2:20 in Assamese 20 কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষিক্ত হৈছে, আৰু আপোনালোকে সত্যক জানে।
Revelation 2:9 in Assamese 9 “মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ সমাজ)।
Revelation 3:4 in Assamese 4 কিন্তু যি সকলে নিজৰ কাপোৰ অশুচি নকৰিলে, এনে কিছুমান লোকৰ নাম চার্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক যোগ্য।
Revelation 3:17 in Assamese 17 কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।
Revelation 7:13 in Assamese 13 তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?”
Revelation 16:15 in Assamese 15 (মন কৰিবা! মই চোৰৰ নিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখি জাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়)।
Revelation 19:8 in Assamese 8 আৰু পিন্ধিবৰ কাৰণে তাইক সন্মতিৰ সৈতে, শণ সুতাৰ উজ্জল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ’ল; (কিয়নো সেই মিহি বস্ত্ৰ, পবিত্ৰ লোকৰ ধাৰ্মিকতাৰ কৰ্ম)।