Revelation 3:10 in Assamese 10 তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
Other Translations King James Version (KJV) Because thou hast kept the word of my patience, I also will keep thee from the hour of temptation, which shall come upon all the world, to try them that dwell upon the earth.
American Standard Version (ASV) Because thou didst keep the word of my patience, I also will keep thee from the hour of trial, that `hour' which is to come upon the whole world, to try them that dwell upon the earth.
Bible in Basic English (BBE) Because you have kept my word in quiet strength, I will keep you from the hour of testing which is coming on all the world, to put to the test those who are on earth.
Darby English Bible (DBY) Because thou hast kept the word of my patience, *I* also will keep thee out of the hour of trial, which is about to come upon the whole habitable world, to try them that dwell upon the earth.
World English Bible (WEB) Because you kept my command to endure, I also will keep you from the hour of testing, which is to come on the whole world, to test those who dwell on the earth.
Young's Literal Translation (YLT) `Because thou didst keep the word of my endurance, I also will keep thee from the hour of the trial that is about to come upon all the world, to try those dwelling upon the earth.
Cross Reference Isaiah 24:17 in Assamese 17 পৃথিবী নিবাসীসকল তোমালোকৰ বাবে আপদ, গাঁত, আৰু ফান্দ নিৰূপিত কৰা আছে।
Daniel 12:10 in Assamese 10 অনেক লোকে নিজকে শুদ্ধ, পবিত্ৰ, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টসকলে দুষ্কৰ্মই কৰি থাকিব। দুষ্টসকলৰ মাজৰ কোনেও বুজি নাপাব, কিন্তু জ্ঞানীলোক সকলেহে বুজি পাব।
Zechariah 13:9 in Assamese 9 আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
Matthew 6:13 in Assamese 13 আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ৰক্ষা কৰা (ধৰি ৰাখা)৷ কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম চিৰকাল তোমাৰেই হওক৷ আমেন৷’
Matthew 24:14 in Assamese 14 সকলো জাতিৰ আগত সাক্ষ্য হ’বৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় ওচৰ হ’ব।
Matthew 26:41 in Assamese 41 পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল।”
Mark 14:9 in Assamese 9 মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই সকলো ঠাইত তেওঁক সুঁৱৰিবৰ অৰ্থে, তেওঁ যি কৰ্ম কৰিলে, এই কৰ্মকো ঘোষণা কৰা হ’ব।”
Luke 2:1 in Assamese 1 সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক।
Romans 1:8 in Assamese 8 প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
1 Corinthians 10:13 in Assamese 13 যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসযোগ্য; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
Ephesians 6:13 in Assamese 13 এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হ’বৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
James 3:12 in Assamese 12 হে মোৰ ভাই সকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? তেনেদৰে লুণীয়া পানীয়েও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
1 Peter 4:12 in Assamese 12 হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, আৰু ইয়াক কোনো অদ্ভুত বিষয় বুলিয়ো মনত নাভাবিব৷
2 Peter 2:9 in Assamese 9 গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
Revelation 1:9 in Assamese 9 আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ।
Revelation 2:10 in Assamese 10 তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্যন্ত বিশ্বাসযোগ্য হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Revelation 6:10 in Assamese 10 তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
Revelation 8:13 in Assamese 13 পাছত মই চাওতে আৰু শুনোতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তুৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তুৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।
Revelation 11:10 in Assamese 10 আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব, আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল।
Revelation 13:8 in Assamese 8 তাতে জগত স্থাপনৰ পুৰ্ব্বৰে পৰা হত হোৱা সেই মেষ পোৱালিৰ জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব।
Revelation 13:10 in Assamese 10 কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব৷ কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ’ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ সহনশীলতা আৰু বিশ্বাস আছে।
Revelation 13:14 in Assamese 14 এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ’ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক’লে।
Revelation 14:12 in Assamese 12 ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷”
Revelation 17:8 in Assamese 8 তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই, কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব।