Revelation 21:6 in Assamese 6 পাছত তেওঁ মোক ক’লে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
Other Translations King James Version (KJV) And he said unto me, It is done. I am Alpha and Omega, the beginning and the end. I will give unto him that is athirst of the fountain of the water of life freely.
American Standard Version (ASV) And he said unto me, They are come to pass. I am the Alpha and the Omega, the beginning and the end. I will give unto him that is athirst of the fountain of the water of life freely.
Bible in Basic English (BBE) And he said to me, It is done. I am the First and the Last, the start and the end. I will freely give of the fountain of the water of life to him who is in need.
Darby English Bible (DBY) And he said to me, It is done. I am the Alpha and the Omega, the beginning and the end. I will give to him that thirsts of the fountain of the water of life freely.
World English Bible (WEB) He said to me, "It is done! I am the Alpha and the Omega, the Beginning and the End. I will give freely to him who is thirsty from the spring of the water of life.
Young's Literal Translation (YLT) and He said to me, `It hath been done! I am the Alpha and the Omega, the Beginning and the End; I, to him who is thirsting, will give of the fountain of the water of the life freely;
Cross Reference Psalm 36:9 in Assamese 9 কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
Isaiah 12:3 in Assamese 3 পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা।
Isaiah 55:1 in Assamese 1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
Jeremiah 2:13 in Assamese 13 কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
Hosea 14:4 in Assamese 4 যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
Joel 3:18 in Assamese 18 সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিৰ্টীমৰ উপত্যকাত পানী দিব।
John 4:10 in Assamese 10 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে, ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
John 4:14 in Assamese 14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
John 7:37 in Assamese 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হ’ল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
Romans 3:24 in Assamese 24 কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ’ল।
Romans 8:32 in Assamese 32 যি জনে নিজৰ পুত্ৰক অব্যাহতি দি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক তেওঁৰ সৈতে অনুগ্ৰহেৰে সকলো নিদিব নে?
1 Corinthians 2:12 in Assamese 12 আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ, যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে, সেইবোৰ যেন বুজি পাওঁ।
1 Corinthians 3:12 in Assamese 12 এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে কোনোৱে সাজে,
1 Corinthians 3:21 in Assamese 21 এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই;
1 John 5:4 in Assamese 4 যি সকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
Revelation 1:8 in Assamese 8 প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
Revelation 1:11 in Assamese 11 তেতিয়া সেই মাতে মোক ক’লে, “তুমি যি দেখিলা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
Revelation 1:17 in Assamese 17 যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ,
Revelation 7:17 in Assamese 17 কিয়নো সিংহাসনৰ মাজত থকা মেষ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”
Revelation 10:6 in Assamese 6 আকাশমণ্ডল আৰু তাত যি যি আছে, এই জগত আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্ত্তা চিৰকাল জীয়াই থকা যি জনা, সেই জীৱন্ত জনাৰ নাম লৈ তেওঁ শপত খালে যে, “আৰু পলম নহ’ব৷
Revelation 16:17 in Assamese 17 সপ্তম দূত জনে আকাশত নিজৰ বাটি বাকি দিলে; তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা-বাণী ওলাল, ‘এইটো কৰা হ’ল’৷
Revelation 22:13 in Assamese 13 মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত।
Revelation 22:17 in Assamese 17 আত্মা আৰু কন্যাই কয়, “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।