Revelation 19:9 in Assamese 9 পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেষ পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”
Other Translations King James Version (KJV) And he saith unto me, Write, Blessed are they which are called unto the marriage supper of the Lamb. And he saith unto me, These are the true sayings of God.
American Standard Version (ASV) And he saith unto me, Write, Blessed are they that are bidden to the marriage supper of the Lamb. And he saith unto me, These are true words of God.
Bible in Basic English (BBE) And he said to me, Put in the book, Happy are the guests at the bride-feast of the Lamb. And he said to me, These are the true words of God.
Darby English Bible (DBY) And he says to me, Write, Blessed [are] they who are called to the supper of the marriage of the Lamb. And he says to me, These are the true words of God.
World English Bible (WEB) He said to me, "Write, 'Blessed are those who are invited to the marriage supper of the Lamb.'" He said to me, "These are true words of God."
Young's Literal Translation (YLT) And he saith to me, `Write: Happy `are' they who to the supper of the marriage of the Lamb have been called;' and he saith to me, `These `are' the true words of God;'
Cross Reference Isaiah 8:1 in Assamese 1 যিহোৱাই মোক ক’লে, “তুমি এখন ডাঙৰ ফলি লোৱা আৰু তাত এইদৰে লিখা ‘মহেৰচালল-হচ-বজ’ (বেগাই লুট কৰ, চিকাৰলৈ লৰ ধৰ)
Habakkuk 2:2 in Assamese 2 যিহোৱাই মোক উত্তৰ দি ক’লে, “এই দৰ্শনৰ কথা লিখি থোৱা, আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যি কোনোৱে খৰকৈ পঢ়িব পাৰে।
Matthew 22:2 in Assamese 2 “স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
Luke 14:15 in Assamese 15 যিসকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি, তেওঁক ক’লে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য।”
1 Timothy 1:15 in Assamese 15 পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।
1 Timothy 4:9 in Assamese 9 এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী।
2 Timothy 2:11 in Assamese 11 এই কথা বিশ্বাসযোগ্য: ‘আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হ’ম।
Titus 3:8 in Assamese 8 এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।
Revelation 1:19 in Assamese 19 গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।
Revelation 2:1 in Assamese 1 ইফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখাঃ ‘এই সকলো কথা সেই জনৰ, যি জনে নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে; আৰু যি জনে সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে, তেওঁ এই কথা কয়,
Revelation 2:8 in Assamese 8 স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু যি জন পুনৰ জীৱিত, তেৱেঁ এইবোৰ কথা ক’লে,
Revelation 2:12 in Assamese 12 পৰ্গামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়,
Revelation 2:18 in Assamese 18 থুয়াতীৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চক্চকীয়া কৰা পিতলৰ নিচিনা, সেই জনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়,
Revelation 3:1 in Assamese 1 চাৰ্দিত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ ‘যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, “তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।
Revelation 3:7 in Assamese 7 ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ ‘যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয়- যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব৷
Revelation 3:14 in Assamese 14 লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন আমেন, যি জন বিশ্বাসযোগ্য আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়;
Revelation 3:20 in Assamese 20 চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
Revelation 10:4 in Assamese 4 সেই সাতোটা মেঘ-গৰ্জ্জনে ৰিঙিয়াওঁতে, মই লিখিবলৈ উদ্যত হ’লোঁ; এনেতে এই আকাশী বাণী শুনিলোঁ, “মেঘ-গৰ্জ্জন সাতোটাই যি যি ক’লে, সেইবোৰ ছাব মাৰি ৰাখিবা৷ নিলিখিবা।”
Revelation 14:13 in Assamese 13 পাছত এই স্বৰ্গীয়-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “এয়ে সঁচা।” আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”
Revelation 19:7 in Assamese 7 আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেষ পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।”
Revelation 19:10 in Assamese 10 তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা।”
Revelation 21:5 in Assamese 5 পাছত সিংহাসনৰ ওপৰত বহা জনে ক’লে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ ক’লে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”
Revelation 22:6 in Assamese 6 পাছত দূত জনে মোক ক’লে, “এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য; প্ৰভু, যি জন ভাৱবাদী সকলৰ আত্মাৰ ঈশ্বৰ, তেওঁ তেওঁৰ দাস সকলক যি যি অলপতে ঘটিব লগা আছে, সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে;