Revelation 19:11 in Assamese 11 তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসযোগ্য আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।
Other Translations King James Version (KJV) And I saw heaven opened, and behold a white horse; and he that sat upon him was called Faithful and True, and in righteousness he doth judge and make war.
American Standard Version (ASV) And I saw the heaven opened; and behold, a white horse, and he that sat thereon called Faithful and True; and in righteous he doth judge and make war.
Bible in Basic English (BBE) And the heaven was open; and I saw a white horse, and he who was seated on it was named Certain and True; and he is judging and making war in righteousness.
Darby English Bible (DBY) And I saw the heaven opened, and behold, a white horse, and one sitting on it, [called] Faithful and True, and he judges and makes war in righteousness.
World English Bible (WEB) I saw the heaven opened, and behold, a white horse, and he who sat on it is called Faithful and True. In righteousness he judges and makes war.
Young's Literal Translation (YLT) And I saw the heaven having been opened, and lo, a white horse, and he who is sitting upon it is called Faithful and True, and in righteousness doth he judge and war,
Cross Reference Psalm 45:3 in Assamese 3 হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
Psalm 50:6 in Assamese 6 আকাশ-মণ্ডলে তেওঁৰ ধাৰ্ম্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা । (চেলা)
Psalm 72:2 in Assamese 2 তেওঁ ধাৰ্ম্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
Psalm 96:13 in Assamese 13 যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতিসমূহৰ বিচাৰ কৰিব।
Psalm 98:9 in Assamese 9 যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতিসমূহৰ বিচাৰ কৰিব।
Psalm 99:4 in Assamese 4 যি ৰজা শক্তিশালী, তেওঁ ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায়বিচাৰ আৰু ধাৰ্ম্মিকতা সাধন কৰিলা।
Isaiah 11:3 in Assamese 3 যিহোৱাৰ ভয়ত তেওঁৰ আনন্দ হ’ব, তেওঁৰ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল’ব।
Isaiah 32:1 in Assamese 1 চোৱা, এজন ৰজাই ধাৰ্ম্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্ত্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।
Isaiah 45:21 in Assamese 21 ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
Isaiah 63:1 in Assamese 1 ইদোমৰ পৰা, বজ্রাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্ম্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
Jeremiah 23:5 in Assamese 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Jeremiah 33:15 in Assamese 15 সেই দিনা আৰু সেই কালত মই দায়ুদৰ বংশত এটা ধাৰ্ম্মিক গজালি গজাম, আৰু তেওঁ দেশত বিচাৰ আৰু ন্যায় সিদ্ধ কৰিব।
Ezekiel 1:1 in Assamese 1 ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।
Zechariah 1:8 in Assamese 8 “মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল।
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
John 14:6 in Assamese 6 যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযায়।
Hebrews 7:1 in Assamese 1 এই মল্কিচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। অব্রাহামে যেতিয়া ৰজা সকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত অব্ৰাহামৰ সাক্ষাৎ হ’ল আৰু মল্কিচেদকে অব্রাহামক আশীর্বাদ কৰিলে।
Revelation 1:5 in Assamese 5 আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী, তেওঁৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক। যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে,
Revelation 3:7 in Assamese 7 ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ ‘যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয়- যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব৷
Revelation 3:14 in Assamese 14 লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন আমেন, যি জন বিশ্বাসযোগ্য আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়;
Revelation 4:1 in Assamese 1 সেই সকলোৰ পাছত মই চাই দেখিলোঁ, স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা, তুৰীৰ মাতৰ দৰে, যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক’লে, “ইয়ালৈ উঠি আহা; ইয়াৰ পাছত যি যি ঘটিব লাগে, সেইবোৰ মই তোমাক দেখুৱাম”।
Revelation 6:2 in Assamese 2 তেতিয়া মই চাওতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ অশ্ৱাৰোহী জনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ’ল; তাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ’ল।
Revelation 11:19 in Assamese 19 পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
Revelation 15:3 in Assamese 3 সেই লোক সকলে ঈশ্বৰৰ দাস মোচিৰ গীত আৰু সেই মেষ পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে জাতিবোৰ ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷