Revelation 19:10 in Assamese 10 তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা।”
Other Translations King James Version (KJV) And I fell at his feet to worship him. And he said unto me, See thou do it not: I am thy fellowservant, and of thy brethren that have the testimony of Jesus: worship God: for the testimony of Jesus is the spirit of prophecy.
American Standard Version (ASV) And I fell down before his feet to worship him. And he saith unto me, See thou do it not: I am a fellow-servant with thee and with thy brethren that hold the testimony of Jesus: worship God; for the testimony of Jesus is the spirit of prophecy.
Bible in Basic English (BBE) And I went on my face before his feet to give him worship. And he said to me, See you do it not: I am a brother-servant with you and with your brothers who keep the witness of Jesus: give worship to God: for the witness of Jesus is the spirit of the prophet's word.
Darby English Bible (DBY) And I fell before his feet to do him homage. And he says to me, See [thou do it] not. I am thy fellow-bondman, and [the fellow-bondman] of thy brethren who have the testimony of Jesus. Do homage to God. For the spirit of prophecy is the testimony of Jesus.
World English Bible (WEB) I fell down before his feet to worship him. He said to me, "Look! Don't do it! I am a fellow bondservant with you and with your brothers who hold the testimony of Jesus. Worship God, for the testimony of Jesus is the Spirit of Prophecy."
Young's Literal Translation (YLT) and I fell before his feet, to bow before him, and he saith to me, `See -- not! fellow servant of thee am I, and of thy brethren, those having the testimony of Jesus; bow before God, for the testimony of Jesus is the spirit of the prophecy.'
Cross Reference Exodus 34:14 in Assamese 14 তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
2 Kings 17:36 in Assamese 36 কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
Psalm 45:11 in Assamese 11 তেতিয়াহে ৰজাই আপোনাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।
Psalm 103:20 in Assamese 20 হে যিহোৱাৰ দূতসকল! তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
Daniel 7:10 in Assamese 10 তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
Matthew 4:10 in Assamese 10 তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, ‘তোমাৰ প্ৰভু পৰমেশ্বৰক সেৱা কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা’।”
Mark 5:22 in Assamese 22 এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷
Mark 7:25 in Assamese 25 যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল।
Luke 1:19 in Assamese 19 তেতিয়া দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতত মই থিয় হৈ থাকো; তোমাৰ সৈতে কথা হ’বলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
Luke 24:25 in Assamese 25 যীচুৱে তেওঁলোকক ক’লে, “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!
Luke 24:44 in Assamese 44 আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
John 4:22 in Assamese 22 তোমালোকে যিহক নাজানা, তাৰ আৰাধনা কৰা; আমি যিহক জানো, তাৰ আৰাধনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
John 5:39 in Assamese 39 আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে যে, সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। কিন্তু সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
Acts 3:12 in Assamese 12 ইয়াকে দেখি পিতৰে লোক সকলক ক’লে, “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
Acts 10:25 in Assamese 25 পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণিপাত কৰিলে৷
Acts 10:43 in Assamese 43 তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷”
Acts 13:27 in Assamese 27 কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
Acts 14:11 in Assamese 11 পৌলে কৰা এই কার্য যেতিয়া লোক সকলে দেখা পালে, তেতিয়া তেওঁলোকে লুকায়নিয়া ভাষাত উচ্চস্বৰে ক’বলৈ ধৰিলে, “মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীর্ণ হৈছে।”
Romans 3:21 in Assamese 21 কিন্তু এতিয়া, যি বিষয়ত বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনাবিধানে প্ৰকাশিত কৰিছে;
2 Corinthians 8:7 in Assamese 7 কিন্তু আপোনালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰক।
Ephesians 5:15 in Assamese 15 এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;
Ephesians 5:33 in Assamese 33 যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।
Philippians 3:3 in Assamese 3 কিয়নো আমি হে প্ৰকৃততে চু্ন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
1 Thessalonians 5:15 in Assamese 15 সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
Hebrews 1:14 in Assamese 14 সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? তেওঁলোকক পৰিত্রাণ পাবলগীয়াসকলক পৰিচর্যা কৰিবলৈ পঠোৱা হ’ল।
Hebrews 12:25 in Assamese 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল, সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
1 Peter 1:10 in Assamese 10 যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্ৰাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
2 Peter 1:19 in Assamese 19 ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।
1 John 5:10 in Assamese 10 যি জনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যি জনে ঈশ্বৰত বিশ্বাস নকৰে, ঈশ্ৱৰে তেওঁক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, তেওঁ সেই কথাত বিশ্বাস কৰা নাই।
1 John 5:21 in Assamese 21 তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তান সকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷
Revelation 1:9 in Assamese 9 আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ।
Revelation 4:10 in Assamese 10 তেতিয়া সেই চৌবিশ জন পৰিচাৰকে সিংহাসনত বহা জনৰ আগত দণ্ডৱৎ হৈ চিৰকাল জীৱিত জনৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক’য়,
Revelation 12:11 in Assamese 11 তেওঁলোকে মেষ পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্যন্ত নিজৰ প্ৰাণক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
Revelation 12:17 in Assamese 17 তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰিবলৈ গ’ল৷
Revelation 14:7 in Assamese 7 তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, এই জগত, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।
Revelation 15:4 in Assamese 4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷”
Revelation 22:8 in Assamese 8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক (যি জনে এই সকলোকে মোক দেখুৱালে) তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।