Revelation 17:17 in Assamese 17 কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
Other Translations King James Version (KJV) For God hath put in their hearts to fulfil his will, and to agree, and give their kingdom unto the beast, until the words of God shall be fulfilled.
American Standard Version (ASV) For God did put in their hearts to do his mind, and to come to one mind, and to give their kingdom unto the beast, until the words of God should be accomplished.
Bible in Basic English (BBE) Because God has put it in their hearts to do his purpose, and to be of one mind, giving their kingdom to the beast, till the words of God have effect and are complete.
Darby English Bible (DBY) for God has given to their hearts to do his mind, and to act with one mind, and to give their kingdom to the beast until the words of God shall be fulfilled.
World English Bible (WEB) For God has put in their hearts to do what he has in mind, and to be of one mind, and to give their kingdom to the beast, until the words of God should be accomplished.
Young's Literal Translation (YLT) for God did give into their hearts to do its mind, and to make one mind, and to give their kingdom to the beast till the sayings of God may be complete,
Cross Reference Ezra 7:27 in Assamese 27 আমাৰ পূৰ্ব্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
Psalm 105:25 in Assamese 25 তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসসকলৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।
Proverbs 19:21 in Assamese 21 মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
Proverbs 21:1 in Assamese 1 ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
Isaiah 45:17 in Assamese 17 কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
Isaiah 46:10 in Assamese 10 মই আৰম্ভনিৰে পৰা শেষৰ কথা ঘোষনা কৰিছো, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰো সেই দৰে কৰিম।”
Jeremiah 27:6 in Assamese 6 এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবুখদৰেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ।
Jeremiah 32:40 in Assamese 40 তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
Ezekiel 38:16 in Assamese 16 তুমি এডোখৰ মেঘৰ দৰে দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবোৰৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবোৰে মোক জানিবৰ কাৰণে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।’
Daniel 12:7 in Assamese 7 নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে, আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময়, সময়, আৰু অৰ্দ্ধ সময় অৰ্থাৎ তিনিবছৰ আধা হ’ব। যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণবিচূৰ্ণ কৰা শেষ হ’ব, তেতিয়া এইসকলো সিদ্ধ হ’ব।
Luke 22:3 in Assamese 3 তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহুদা, যাৰ উপনাম ইস্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল।
Luke 22:22 in Assamese 22 কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ’ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!”
Luke 22:37 in Assamese 37 কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখা আছে, সেয়ে মোত সিদ্ধ হ’ব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল’৷ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।”
John 10:35 in Assamese 35 যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰ বুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়৷),
John 12:39 in Assamese 39 কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
John 13:2 in Assamese 2 ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।
John 13:18 in Assamese 18 তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে’।
John 19:24 in Assamese 24 এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷ “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি ল’লে৷ ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”
John 19:28 in Assamese 28 ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হ’বৰ কাৰণে ক’লে, “মোৰ পিয়াহ লাগিছে।”
Acts 4:27 in Assamese 27 হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী লোক সকলৰ সৈতে একেলগ হৈছিল।
2 Corinthians 8:16 in Assamese 16 কিন্তু ঈশ্বৰক ধন্যবাদ, কিয়নো তেওঁ আপোনালোকৰ অৰ্থে তীতৰ হৃদয়ত সেই একে আন্তৰিক যত্ন জন্মালে, যি যত্ন আপোনালোকৰ বাবে মোৰ আছিল।
2 Thessalonians 2:10 in Assamese 10 বিনাশ পথৰ যাত্রী সকলক অধাৰ্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্রাণ পাবৰ কাৰণে সত্যতাৰ প্ৰেমৰ কার্যক গ্রহণ নকৰিলে।
James 1:13 in Assamese 13 কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক ‘ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ’, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
Revelation 6:11 in Assamese 11 তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, আৰু ভাইসকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হ’ব লাগিব।
Revelation 10:7 in Assamese 7 কিন্তু সপ্তম দূতে যিটো সময়ত তূৰী বজাবলৈ উদ্যত হ’ব, সেই ধ্বনিৰ সময়ত, ঈশ্বৰৰ নিগূঢ়-তত্ত্ব, তেওঁৰ দাস যি ভাববাদী সকল, তেওঁলোকক ঘোষণা কৰিবলৈ দিয়া শুভ সংবাদ অনুসাৰে সিদ্ধ হ’ব।”
Revelation 15:1 in Assamese 1 তেতিয়া মই স্বৰ্গত আন এটা মহৎ আৰু আচৰিত চিন: সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ, সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।
Revelation 17:13 in Assamese 13 তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পশুক দিব।