Revelation 17:14 in Assamese 14 তেওঁলোকে মেষ পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেষ পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসযোগ্য।”
Other Translations King James Version (KJV) These shall make war with the Lamb, and the Lamb shall overcome them: for he is Lord of lords, and King of kings: and they that are with him are called, and chosen, and faithful.
American Standard Version (ASV) These shall war against the Lamb, and the Lamb shall overcome them, for he is Lord of lords, and King of kings; and they `also shall overcome' that are with him, called and chosen and faithful.
Bible in Basic English (BBE) These will make war against the Lamb, and the Lamb will overcome them, because he is the Lord of lords and King of kings; and those who are with him are named, marked out, and true.
Darby English Bible (DBY) These shall make war with the Lamb, and the Lamb shall overcome them; for he is Lord of lords and King of kings: and they [that are] with him called, and chosen, and faithful.
World English Bible (WEB) These will war against the Lamb, and the Lamb will overcome them, for he is Lord of lords, and King of kings. They also will overcome who are with him, called and chosen and faithful."
Young's Literal Translation (YLT) these with the Lamb shall make war, and the Lamb shall overcome them, because Lord of lords he is, and King of kings, and those with him are called, and choice, and stedfast.'
Cross Reference Deuteronomy 10:17 in Assamese 17 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
Psalm 2:8 in Assamese 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
Psalm 21:8 in Assamese 8 তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
Psalm 110:5 in Assamese 5 যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
Psalm 136:2 in Assamese 2 দেৱতাসকলৰো ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 149:5 in Assamese 5 ভক্তসকলে গৌৰৱতে উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
Proverbs 8:15 in Assamese 15 মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
Jeremiah 1:15 in Assamese 15 মই কি কৈ আছো, তাক শুনা: যিহূদাৰ উত্তৰ দিশত থকা ৰাজ্যবোৰৰ পৰা যিৰূচালমলৈ আহিবলৈ মাতি পঠিয়াম। তেওঁলোকৰ ৰজাসকলে আহি যিৰূচালেমৰ দুৱাৰবোৰৰ সোমোৱা ঠাইত আৰু তাৰ চাৰিওফালে থকা গড়বোৰৰ সন্মূখত, আৰু আটাই নগৰবোৰৰ সন্মূখত নিজ নিজ সিংহাসন স্থাপন কৰি, এতিয়া তেওঁলোক যিহূদাৰ ৰজা বুলি, নিৰ্দেশ দিব।
Jeremiah 1:19 in Assamese 19 তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব, কিয়নো মই তোমাৰ লগত থাকিম আৰু তোমালোকক উদ্ধাৰ কৰিম। আৰু ই নিশ্চয়কৈ ঘটিব কিয়নো মই, যিহোৱাই ইয়াকে ক’লো!”
Jeremiah 50:44 in Assamese 44 চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু, মই চকুৰ প্ৰচাৰতে সিহঁতক তাৰ পৰা লৰুৱাম, আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্তি কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Daniel 2:47 in Assamese 47 ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সচাঁ, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
Daniel 7:21 in Assamese 21 মই চাই থাকোঁতেই সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে;
Daniel 7:25 in Assamese 25 তেওঁ সৰ্ব্বোপৰিজনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰিজনা প্রভুৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এবছৰ, দুবছৰ, আৰু আধা বছৰৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
Daniel 11:9 in Assamese 9 সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব।
Daniel 11:24 in Assamese 24 তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।
Micah 5:7 in Assamese 7 বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তানসকলৰ বাবে অপেক্ষা নকৰে।
Zechariah 2:8 in Assamese 8 কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
Matthew 22:14 in Assamese 14 কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
Matthew 25:40 in Assamese 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
Matthew 28:18 in Assamese 18 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু এই জগতত সকলো অধিকাৰ মোক দিয়া হ’ল।
John 15:16 in Assamese 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
Acts 9:4 in Assamese 4 তেতিয়া তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক স্বৰ্গীয়-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”
Romans 8:30 in Assamese 30 আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে; আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিতো কৰিলে।
Romans 8:37 in Assamese 37 তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।
1 Corinthians 15:24 in Assamese 24 ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
1 Timothy 6:15 in Assamese 15 সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।
2 Timothy 2:4 in Assamese 4 কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱন নিৰ্বাহৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হ’বলৈ নিদিয়ে, কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।
Hebrews 3:1 in Assamese 1 এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা পাঁচনি আৰু সেই মহা-পুৰোহিত।
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,
Revelation 1:5 in Assamese 5 আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী, তেওঁৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক। যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে,
Revelation 2:10 in Assamese 10 তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্যন্ত বিশ্বাসযোগ্য হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Revelation 3:21 in Assamese 21 মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
Revelation 6:12 in Assamese 12 পাছত মেষ পোৱালিটোৱে যেতিয়া ষষ্ঠ ছাবটো মেলিলে, তেতিয়া মই চাই দেখিলোঁ যে, মহা-ভুমিকম্প হ’বলৈ ধৰিলে; আৰু চট কাপোৰৰ নিচিনা সূৰ্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
Revelation 8:6 in Assamese 6 পাছত সাতোটা তুৰী লোৱা এই সাত জন দূতে তুৰী বজাবলৈ নিজক যুগুত কৰিলে।
Revelation 11:7 in Assamese 7 তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰিব, যুদ্ধ কৰি তেওঁলোকক জয় কৰিব, আৰু তেওঁলোকক বধ কৰিব।
Revelation 14:1 in Assamese 1 তাৰ পাছত মই চাই দেখিলোঁ, সেই মেষ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।
Revelation 16:14 in Assamese 14 কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
Revelation 19:14 in Assamese 14 স্বৰ্গীয় সৈন্য সকলে শণ সুতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি, বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ’ল।