Revelation 16:14 in Assamese 14 কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
Other Translations King James Version (KJV) For they are the spirits of devils, working miracles, which go forth unto the kings of the earth and of the whole world, to gather them to the battle of that great day of God Almighty.
American Standard Version (ASV) for they are spirits of demons, working signs; which go forth unto the kings of the whole world, to gather them together unto the war of the great day of God, the Almighty.
Bible in Basic English (BBE) For they are evil spirits, working signs; who go out even to the kings of all the earth, to get them together to the war of the great day of God, the Ruler of all.
Darby English Bible (DBY) for they are [the] spirits of demons, doing signs; which go out to the kings of the whole habitable world to gather them together to the war of [that] great day of God the Almighty.
World English Bible (WEB) for they are spirits of demons, performing signs; which go forth to the kings of the whole inhabited earth, to gather them together for the war of that great day of God, the Almighty.
Young's Literal Translation (YLT) for they are spirits of demons, doing signs -- which go forth unto the kings of the earth, and of the whole world, to bring them together to the battle of that great day of God the Almighty; --
Cross Reference Deuteronomy 13:1 in Assamese 1 যদি আপোনালোকৰ মাজত কোনো ভাৱবাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়,
1 Kings 22:6 in Assamese 6 তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ প্ৰায় চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “মই ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁলোকে ক’লে, “যাওঁক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
1 Kings 22:10 in Assamese 10 সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰাজবস্ত্ৰ পিন্ধি, চমৰীয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল; আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল।
1 Kings 22:19 in Assamese 19 মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
2 Chronicles 18:18 in Assamese 18 তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
Isaiah 34:1 in Assamese 1 হে জাতিসমূহ ওচৰলৈ আহা আৰু শুনা, হে লোকসমূহ মনোযোগ দিয়া! পৃথিবী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক।
Isaiah 63:1 in Assamese 1 ইদোমৰ পৰা, বজ্রাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্ম্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
Ezekiel 14:9 in Assamese 9 যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।
Ezekiel 38:8 in Assamese 8 বহুদিনৰ পাছত তোমাৰ সৈন্যসমূহ গোটোৱা হ’ব; তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতিসমূহৰ পৰা গোটোৱা লোকসকলৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইস্ৰায়েলৰ পৰ্ব্বতবোৰলৈ বচৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা; কিন্তু সেই দেশৰ লোকসকলক জাতিবোৰৰ মাজৰ পৰা উলিওৱা হ’ল আৰু তেওঁলোক আটায়ে নিৰাপদে বাস কৰিছে!
Joel 3:11 in Assamese 11 হে চাৰিওফালে থকা জাতি সমূহ, অগ্ৰসৰ হোৱা আৰু আহা, হে যিহোৱা, তোমাৰ বীৰসকলক সেই ঠাইলৈ নমাই আনা।
Matthew 24:24 in Assamese 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
Mark 13:22 in Assamese 22 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হ’ব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
Luke 2:1 in Assamese 1 সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক।
John 8:44 in Assamese 44 চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু মিছলীয়াৰ বাপেক।
Acts 13:8 in Assamese 8 কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷
Romans 1:8 in Assamese 8 প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
2 Corinthians 11:13 in Assamese 13 কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।
2 Thessalonians 2:9 in Assamese 9 চয়তানৰ শক্তিত সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্রম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
1 Timothy 4:1 in Assamese 1 পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
James 3:15 in Assamese 15 এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
1 John 5:19 in Assamese 19 আমি জানো যে, আমি ঈশ্বৰৰ হওঁ আৰু গোটেই জগত মিছাকৈয়ে পাপ আত্মাৰ অধীনত আছে৷
Revelation 3:10 in Assamese 10 তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
Revelation 6:17 in Assamese 17 কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”
Revelation 12:9 in Assamese 9 সেই ড্ৰেগন, যি দিয়াবল বা চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
Revelation 13:3 in Assamese 3 পাছত পশুৰ মূৰবোৰৰ মাজৰ এটা মূৰত মৰাকৈ কটা এটা ঘা যেন দেখিলোঁ; কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, ইয়াকে দেখি গোটেই জগত খনে সেই পশুৰ কথাত আচৰিত মানিলে আৰু তাক অনুসৰণ কৰিলে।
Revelation 13:13 in Assamese 13 সি নানা আলৌকিক চিন দেখুৱায়; এনে কি, লোক সকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়৷
Revelation 16:7 in Assamese 7 পাছত মই বেদীয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।”
Revelation 16:16 in Assamese 16 পাছত সিহঁতে ইব্ৰী ভাষাত ‘হৰমাগিদ্দোন’ বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।
Revelation 17:14 in Assamese 14 তেওঁলোকে মেষ পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেষ পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসযোগ্য।”
Revelation 19:19 in Assamese 19 পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷
Revelation 20:8 in Assamese 8 তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা (গোগ আৰু মাগোগ) জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হ’ব৷