Revelation 14:7 in Assamese 7 তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, এই জগত, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।
Other Translations King James Version (KJV) Saying with a loud voice, Fear God, and give glory to him; for the hour of his judgment is come: and worship him that made heaven, and earth, and the sea, and the fountains of waters.
American Standard Version (ASV) and he saith with a great voice, Fear God, and give him glory; for the hour of his judgment is come: and worship him that made the heaven and the earth and sea and fountains of waters.
Bible in Basic English (BBE) Saying with a loud voice, Have fear of God and give him glory; because the hour of his judging is come; and give worship to him who made heaven and earth and the sea and the fountains of water.
Darby English Bible (DBY) saying with a loud voice, Fear God and give him glory, for the hour of his judgment has come; and do homage to him who has made the heaven and the earth and the sea and fountains of waters.
World English Bible (WEB) He said with a loud voice, "Fear the Lord, and give him glory; for the hour of his judgment has come. Worship him who made the heaven, the earth, the sea, and the springs of waters!"
Young's Literal Translation (YLT) saying in a great voice, `Fear ye God, and give to Him glory, because come did the hour of His judgment, and bow ye before Him who did make the heaven, and the land, and sea, and fountains of waters.'
Cross Reference Genesis 22:12 in Assamese 12 দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহ’লা।”
Exodus 20:11 in Assamese 11 কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
Joshua 7:19 in Assamese 19 তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তোমাৰ দোষ স্বীকাৰ কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”
1 Samuel 6:5 in Assamese 5 এই হেতুকে তোমালোকে তোমালোকৰ বিহ ফোঁহোৰাৰ আৰু দেশ বিনষ্ট কৰা নিগনি আকৃতিৰে মুৰ্ত্তি নিৰ্ম্মাণ কৰা, আৰু ইস্ৰায়েলৰ ঈশ্বৰক গৌৰৱান্বিত কৰা৷ তেওঁ তোমালোকৰ পৰা আৰু তোমালোকৰ দেৱতাসকলৰ পৰা আৰু তোমালোকৰ দেশৰ পৰাও হয়তো নিজৰ ক্ৰোধ তেওঁ দূৰ কৰিব।
Nehemiah 9:6 in Assamese 6 আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতসকলৰ সৈতে, পৃথিবী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
Psalm 33:6 in Assamese 6 যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
Psalm 36:1 in Assamese 1 পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।
Psalm 89:7 in Assamese 7 পবিত্ৰ দূতসকলৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভীতিজনক।
Psalm 95:5 in Assamese 5 সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মান কৰিলে।
Psalm 124:8 in Assamese 8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
Psalm 146:5 in Assamese 5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
Proverbs 8:22 in Assamese 22 যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্ব্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
Ecclesiastes 12:13 in Assamese 13 সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।
Isaiah 40:3 in Assamese 3 এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”
Isaiah 40:6 in Assamese 6 এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্বাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে।
Isaiah 40:9 in Assamese 9 হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষনা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”
Isaiah 42:12 in Assamese 12 তেওঁলোকে যিহোৱাৰ গৌৰৱ স্বীকাৰ কৰক, আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কৰক।
Isaiah 44:23 in Assamese 23 হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধঃস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।
Isaiah 52:7 in Assamese 7 বার্তাবাহক যি জনে শুভবাৰ্ত্তা আনে, যি জনে শান্তি প্ৰচাৰ কৰে, যি জনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যি জনে পৰিত্ৰাণ ঘোষনা কৰে, যি জনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ !
Isaiah 58:1 in Assamese 1 তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোৱা।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Ezekiel 7:2 in Assamese 2 “তোমালোক, হে মনুষ্য সন্তান - প্ৰভু যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে: এয়ে অন্ত! দেশৰ চাৰি সীমালৈ অন্ত আহিল!
Ezekiel 7:6 in Assamese 6 অন্ত নিশ্চয়কৈ উপস্থিত হ’ব; সেয়ে তোমাৰ অহিতে জাগি উঠিছে! চোৱা, সেয়ে আহি পালেহি।
Daniel 8:19 in Assamese 19 তেওঁ ক’লে, “চোৱা, ক্ৰোধৰ শেষ সময়ত যি ঘটিব, তাক মই তোমাক দেখুৱাম; কাৰণ এই দৰ্শন শেষৰ নিৰূপিত সময়ৰ বাবে।
Hosea 8:1 in Assamese 1 তোমাৰ মুখত এটি শিঙা ৰাখা। মোৰ অর্থাৎ যিহোৱাৰ গৃহৰ ওপৰত শত্রু এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে; কিয়নো ইস্রায়েলবাসীয়ে মই দিয়া নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্রোহ কৰিলে।
Malachi 2:2 in Assamese 2 বাহিনীসকলৰ যিহোৱাই কৈছে, “মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলো; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই।
Matthew 25:13 in Assamese 13 এতেকে পৰ দি থাকা; কিয়নো সেইদিন বা সময় তোমালোকে নাজানা।
Luke 17:18 in Assamese 18 এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
John 5:25 in Assamese 25 আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
Acts 14:15 in Assamese 15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, এই জগত, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেইজনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
Acts 17:23 in Assamese 23 কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদী’ বুলি লিখা এটা বেদী দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
1 Peter 4:7 in Assamese 7 কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
Revelation 4:9 in Assamese 9 যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিত জনৰ মহিমা, সমাদৰ আৰু ধন্যবাদ কৰিব,
Revelation 4:11 in Assamese 11 ‘হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”
Revelation 8:10 in Assamese 10 পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।
Revelation 11:13 in Assamese 13 সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
Revelation 11:18 in Assamese 18 আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল, আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
Revelation 15:4 in Assamese 4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷”
Revelation 16:9 in Assamese 9 তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হ’ল, আৰু উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।
Revelation 18:10 in Assamese 10 তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, ‘হায় হায়, মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল (বেবিলন) নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।
Revelation 18:17 in Assamese 17 এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷
Revelation 18:19 in Assamese 19 আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে, ‘হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ য’ত সকলো জাহাজৰ গৰাকী সকল সাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল, এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল’।”
Revelation 19:5 in Assamese 5 তেতিয়া সিংহাসনৰ পৰা পুনৰ এটা মাত ওলাল, বোলে, “হে ঈশ্বৰৰ দাস সকল, হে তেওঁৰ ভয়কাৰী সকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা৷”